
কাহিনী-ৰেখাৰ মূল বিন্দু জ্যোতি। সৰুৰে পৰা স্পাইনেল মাছকুলাৰ এট্ৰফি (Spinal Muscular Atrophy) ৰোগত আক্ৰান্ত। বিচনাতে জীৱন আৱদ্ধ (চৰিত্ৰটো শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত)। মাক-দেউতাকৰ মৰমে জীয়াই ৰখা জ্যোতিৰ জীৱনলৈ প্ৰেম আহে, প্ৰেমে নতুন জীৱান দিয়ে। লেখিকা হোৱাৰ সপোন দেখা জ্যোতিৰ লেখা কাকতত ছপা হয়, কাকতৰ সম্পাদকে জ্যোতিক প্ৰশংসা কৰে, মাননী দিব, নিয়মীয়াকৈ লিখাৰ কথা কয়। জ্যোতিয়ে উৎসাহ অনুভৱ কৰে।

“প্ৰেমিক”-এ জ্যোতিক ঘৰৰ বাহিৰৰ পৃথিৱী খনলৈ লৈ যায়, কবি সন্মিলনত কবিতা পাঠ কৰোৱাই। এদিন এখন হুইল চেয়াৰো আনি দিয়ে।
জ্যোতিৰ ককায়েকেও এখন হুইল চেয়াৰৰ কথা কৈছিল। কিন্তু দেউতাকে বিছৰা নাই। দেউতাকে নিজে ডাংকোলা কৰি জ্যোতিক প্ৰয়োজনত ইফালে-সিফালে নিয়ে। দেউতাকেই জ্যোতিক লিখিবলৈ উৎসাহ দিয়া প্ৰথম গৰাকী ব্যক্তি। কিন্তু বিধিৰ বিপাক জ্যোতিৰ দেউতাক স্মৃতিশক্তি হ্ৰাস পোৱা বেমাৰ (আলঝেইমাৰ ৰোগ) হয়। –দেউতাকৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথক লৈ।

পৰিপাটি, সুপৰিকল্পিত অভিনয় শক্তি-কেমেৰাৰ ভাষা প্ৰয়োগ। অভিনয়ৰ লগতে চৰিত্ৰ বিন্যাস-গতি দিশটোৰ বাবে পৰিচালকক, অভিনেতা নাথক অৱশ্যেই প্ৰশংসা কৰিব লাগিব। সুস্থ, মৰমিয়াল দেউতাকৰ পৰা আলঝেইমাৰ ৰোগী দেউতাকলৈ কৰা নিৰ্মাণ কৰ্ম চুই যোৱা। তেনেদৰে মূল চৰিত্ৰটোৰ বিন্যাস-চিনে সৌন্দৰ্যৰ কথাও উল্লেখ কৰিব লাগিব। সুলক্ষণা বৰুৱাই কেৱল চেহেৰাৰ অভিনয় (facial performance) -ৰ সুযোগ আছে চৰিত্ৰটোৰ। চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা চৰিত্ৰটোৰ প্ৰসংগত মুকলি মনেৰে ক’ব পাৰি– অসাধাৰণ, মন-মগজুত ৰৈ যোৱা। বাস্তৱিক অভিনয়ৰে নিৰ্মাণ (মাকৰ চৰিত্ৰত বিনা পটংগীয়া, প্ৰেমিকৰ চৰিত্ৰত কমল লোচন) আন কেইটা চৰিত্ৰও পৰিপাটি।

চৰ্চালৈ অনা এই চিনেমা খনৰ নাম– “ৰ’দৰ পাখি”। ড° ববী শৰ্মা বৰুৱাৰ পৰিচালনা। সন্দেহ নৰখাকৈ ক’ব পাৰি ড° ববীৰ “পৰিচালনা কৰিয়াৰ”ৰ শ্ৰেষ্ঠ চিনেকৰ্ম। কেৱল চুই যোৱা চৰিত্ৰ, আটম টোকাৰী গল্প এটাতে শেষ নহয়, ৰূপালী গল্পটোক “Poetic Cinematography” -লৈ ৰূপান্তৰ কৰিছ। ইমান খিনি প্ৰশংসা কৰাৰ পাছতো ক’ব লাগিব পৰিচালক গৰাকীৰ কাম ত্ৰুটি মুক্ত নহয়। জ্যোতিৰ প্ৰেমিকে চুলি খুৰাই প্ৰায়শ্চিত্ত কৰা, হাতত WhatsApp-ৰ সুবিধা থকা মোবাইল থকাৰ পাছতো ডাকত চিঠি দিয়া ছিকুৱেন্স কেইটাত পৰিচালকে মন দিয়াৰ প্ৰয়োজন আছিল।

–এনে ধৰণৰ ত্ৰুটিৰ বিপৰীতে পৰিচালকে চুই যোৱা কেইবাটাও ছিকুৱেন্স নিৰ্মাণ কৰিছে। উদাহৰণ: জ্যোতিয়ে “আলঝেইমাৰ ৰোগী” দেউতাকক কাকতত ছপা হোৱা প্ৰথম লেখাটো দেখুৱলৈ যোৱা ছিকুৱেন্সটো, “প্ৰেম-সংঘাত”ৰ সময়ত মাকক “মোক কিয় জন্ম দিছিলি” বুলি প্ৰশ্ন কৰা ছিকুৱৈন্সটো। প্ৰথম আৰু শেষৰ কেমেৰাৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰা ছিকুৱেন্স দুটাও– মগজু চুই যোৱা।







Add comment