নিজ অভিনয় শৈলীৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা অভিনেতা-অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম অভিনেতা গৰাকী হৈছে অৰুণ নাথ। ১৯৫২ চনৰ ২৮ মে’ তাৰিখে তাৰিখে জন্মগ্ৰহণ কৰা অৰুণ নাথ অসমীয়া চলচিত্ৰ জগত বুলিয়ে নহয়; ভ্ৰাম্যমাণ ক্ষেত্ৰকো চহকী কৰি তুলিছে। সৰুৰ পৰাই ভাওঁনাৰ প্ৰতি থকা আকৰ্ষণৰ বাবে অৰুণ নাথে অভিনয় ক্ষেত্ৰখনত খোজ দিছিল। তেওঁৰ অভিনয় যাত্ৰা কিমান মধুৰ আছিল; সেয়া হয়টো নক’লেও বুজিব পৰা যায়। তেওঁ অভিনয় ও সংলাপ ক’বলৈ যি নিৰ্দ্দিষ্ট শৈলী
ব্যৱহাৰ কৰে তাৰ প্ৰতি আকৰ্ষিত বহু অসমীয়া দৰ্শক।

“দূৰণিৰ ৰং” ছবিখনৰ দ্বাৰা অসমীয়া ছবি ক্ষেত্ৰত খোজ পেলোৱা অৰুণ নাথে বৰ্তমানলৈ ৫০ খনৰো অধিক ছবিত অভিনয় কৰিছে। তেওঁ অভিনীত প্ৰায় ছবিত উচ্চ মানবিশিষ্ট বিষয়বস্তু থকাৰ লগতে তেওঁৰ প্ৰায় সমূহ ছবিয়ে ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা। তেওঁ অভিনীত “ব’হাগৰ দুপৰীয়া”, “প্ৰভাতী পখীৰ গান”, “দাগ”, “দীনবন্ধু”, অথেলো’, “অগ্নিস্নান”, “সাৰথি”, “কোলাহল” আদি ছবিসমূহ এতিয়াও অসমীয়া দৰ্শকৰ হৃদয়ত জলজল-পটপট হৈ আছে।

প্ৰায় ৩০ খন টেলিফিল্ম ধাৰাবাহিকতো দূৰ্দান্ত অভিনয় কৰিছে অভিনেতা গৰাকীয়ে। এক সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত যেতিয়া অভিনেতা গৰাকীক সোধা হৈছিল তেওঁ ইমান সুন্দৰ অভিনয় কেনেদৰে কৰে বুলি তেতিয়া তেওঁ উত্তৰত কৈছিল যে, “মই সৰুৰ পৰাই অভিনয় ক্ষেত্ৰত যোগদান কৰিম বুলি ভবা নাছিলো। মোৰ যেতিয়া ছবিসমূহ চলি আছিল তেতিয়া মই এটা চাকৰিও কৰি আছিলো গতিকে চাকৰিৰ পৰা কিছু সময় উলিয়াই মই ছবিখনৰ বাবে গুচি যাওঁ; কিন্তু পিছলৈ ভাবিলো যে এনেদৰে আহি ঘপককৈ দুটামান সংলাপ কৈ দিয়াটো ভাল কথা নহয় গতিকে মই আন আন ডাঙৰ অভিনেতা সমূহৰ অভিনয় চালো, বুজিবলৈ চেষ্টা কৰিলো। কিতাপ পঢ়িলো আৰু তেনেদৰেই সোণাৰিয়ে যেনেদৰে সোণ লাহে লাহে জ্বলাই তাৰ উজ্জ্বলতা বৃদ্ধি কৰে ঠিক তেনেদৰে মইও নিজকে সংশোধন কৰি গৈ থাকিলো।” অৰুণ নাথক তেওঁৰ জন্মদিনত ৰূপালীপৰ্দাৰ পৰা যাঁচিছো অশেষ শুভকামনা
Add comment