Rupaliparda.com
"দা শ্লেম বুকে দৰ্শকক নষ্টালজিক কৰি তুলিব"- নিৰূপম শইকীয়া 1

“দা শ্লেম বুকে দৰ্শকক নষ্টালজিক কৰি তুলিব”- নিৰূপম শইকীয়া

এগৰাকী নৱাগত অভিনেতা/ অভিনেত্ৰীৰ বাবে তেওঁলোকৰ আগন্তুক ছবিখন সদায়েই গুৰুত্বপূৰ্ণ। তেওঁলোকৰ প্ৰথমখন ছবিৰ দ্বাৰাই হয়টো তেওঁলোকৰ অভিনয় জীৱনৰ আগন্তুক সময়খিনি নিৰ্দ্ধাৰণ কৰিব পৰা যায়। বৰ্তমান একাংশ নৱপ্ৰজন্ম মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱা লগতে তেওঁলোকৰ প্ৰতিভাই আন আন দৰ্শককো উৎসাহিত কৰি তুলিছে। অসমীয়া কেইবাখনো ছবিৰ মুক্তিত “ক’ভিড ১৯” বাধা হৈ থিয় দিলেও প্ৰতিভাৰ বাট ভেঁটিব জানো কোনোৱে পাৰে? এনে কিছু নতুন প্ৰতিভাৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা কথা-বতৰা আপোনালোকে ইতিমধ্যে দেখিছে। এনেক্ষেত্ৰতে আমি আকৌ এবাৰ কথা পাতিছিলো এন.কে প্ৰডাকচনৰ বেনাৰত আহিবলগীয়া ছবি ” দা শ্লেমবুক” ৰ আন এক মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেতা নিৰূপম শইকীয়াৰ সৈতে। পোনপ্ৰথমবাৰৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিনয় কৰাৰ পিছত তেওঁৰ অনুভৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল ৰূপালীপৰ্দাই। এইখিনিতে আপোনালোকক জনাই থওঁ যে, উক্ত “দা শ্লেমবুক” ছবিখনৰ সম্প্ৰতি চলি থকা হৈছে পোষ্ট-প্ৰডাকচনৰ কাম।

"দা শ্লেম বুকে দৰ্শকক নষ্টালজিক কৰি তুলিব"- নিৰূপম শইকীয়া 2


নৱাগত অভিনেতা নিৰূপম শইকীয়াই অভিনয় জীৱনৰ প্ৰথমখন ছবিক লৈ কি অনুভৱ কৰিছে বুলি সোধাত তেওঁ কৈছিল যে, “দা শ্লেম বুক” ক লৈ মই বহুত উৎসাহী কিয়নো এইখন মোৰ জীৱনৰ প্ৰথমখন ছবি। ইয়াৰ লগতে, ছবিখনৰ আন আন চৰিত্ৰতো যিখিনি শিল্পী আছে সেইসকলো অভিনয় ক্ষেত্ৰখনত নতুন;গতিকে আমি সকলোবোৰ বহুত উৎসাহী এই ছবিখনক লৈ। পৰিচালক, সহঃ পৰিচালক নাইবা চিনমেটো’গ্ৰাফাৰে হওঁক; আমাৰ মাজত বয়সৰ ইমান অধিক ব্যৱধান নথকাৰ বাবে আমি ইজনে আনজনৰ সৈতে সহজ হৈয়ে কাম সমূূহ কৰিছিলো। লগতে, মই ভাৱো “দা শ্লেম বুক” ছবিখনে বহু লোকক নষ্টালজিক কৰি তুলিব; স্কুল সময়ছোৱালৈ আমাৰ সদায় ঘূৰি যাবলৈ মন যায় আৰু যেতিয়াই এই ছবিখন দৰ্শকে চাব তেতিয়াই তেওঁলোক আগৰ সময়খিনিলৈ ঘূৰি যাবলৈ সুবিধা লাভ কৰিব। এইখন সম্পূৰ্ণৰূপে এখন নৱপ্ৰজন্মৰ ছবি; নৱপ্ৰজন্মই সংযোগ স্থাপন কৰিব ছবিখনৰ সৈতে।”

"দা শ্লেম বুকে দৰ্শকক নষ্টালজিক কৰি তুলিব"- নিৰূপম শইকীয়া 3
"দা শ্লেম বুকে দৰ্শকক নষ্টালজিক কৰি তুলিব"- নিৰূপম শইকীয়া 4


ইয়াৰ উপৰিও যেতিয়া অভিনেতা গৰাকীক এন.কে প্ৰডাকচনত কাম কৰাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “এন.কে প্ৰডাকচনত কাম কৰিবলৈ পাই মই নিজকে অত্যন্ত ভাগ্যৱান বুলি ক’ম কাৰণ ই অসমৰ সকলোতকৈ জনপ্ৰিয় এটা প্ৰডাকচন হাউচ। ইয়াৰ লগতে, মই ৰূপালী পৰ্দাৰ জৰিয়তে ধন্যবাদ জনাব খুজিম দেৱ বৰকটকী দা, জ্ঞান দা লগতে আমাৰ পৰিচালক প্ৰাঞ্জল দাক। কিয়নো তেওঁলোকে বহু বিশ্বাসৰ সৈতে মোক এই চৰিত্ৰটো মই কৰিব পাৰিম বুলি দিছিলে। এতিয়া যেতিয়া চিনেমা খন মই ষ্টুডিঅ’ ত গৈ চাওঁগৈ তেতিয়া সঁচাকৈ বৰ ভাল লাগে কিয়নো ছবিখনৰ কাহিনী ভাগৰ প্ৰত্যেকটো চৰিত্ৰই খাপ খাই পৰিছে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform