Rupaliparda.com
হেৰোৱা ছন্দ | চিনেচৰ্চা । উৎপল মেনা 1

হেৰোৱা ছন্দ | চিনেচৰ্চা । উৎপল মেনা

হেৰোৱা ছন্দ | চিনেচৰ্চা । উৎপল মেনা 2

“হেৰোৱা ছন্দ”– জাহ্নু বৰুৱাৰ চিনেমা।
“অপৰূপা” (১৯৮৩) -ৰ পৰা “অজেয়” (২০১৩) -লৈ ৰূপালী পৰ্দাৰ সোনালী যাত্ৰা পৰিচালক গৰাকীৰ।পৰিচালক-চিনেমা লেখক গৰাকীৰ “ভগা খিৰিকী” চোৱা নাই, চিত্ৰগৃহত মুক্তি দিয়া নাই।
এই কথা উল্লেখ কৰাৰ কাৰণ– জাহ্নু বৰুৱাৰ চিনেমাৰ দৰ্শক হোৱাৰ সময়ত আমাৰ মন-মগজুত এটা বিশেষ “ইমেজ”-এ ক্ৰিয়া কৰি থাকে। “ইমেজ”টো সাধাৰণ মানৰ চিনে-কৰ্মৰ নহয়, বিশেষ স্তৰৰ ওপৰৰ। পৰিচালক গৰাকীৰ “সাধাৰণ মানৰ চিনে-কৰ্ম” আমাৰ (মোৰ) বাবে কষ্টৰ বিষয়।
“হেৰোৱা ছন্দ” (২০২৬) -ৰ কাহিনীৰো মূল বিন্দু এগৰাকী নাৰী, “অপৰূপা”ৰ দৰে, “ফিৰিঙতি”ৰ দৰে, “বনানি” দৰে। কিন্তু চৰিত্ৰ নিৰ্মাণ, গল্প কোৱাৰ শৈলী উল্লেখ কৰা চিনেমা কেইখনৰ স্তৰৰ, জাহ্নু বৰুৱাৰ চিত্ৰগৃহলৈ অহা আন চিনেমা কেইখনৰ স্তৰৰ নহয়।
“হেৰোৱা ছন্দ”ৰ নাৰী গৰাকীৰ নাম– কুঁহি (চৰিত্ৰটো নিৰ্মাণ কৰিছে অমৃতা গগৈক লৈ)। ফেশ্বন মডেল। এক কিশোৰী সন্তানৰ মাতৃ। কিশোৰী মুনুৰ সৈতে মুনৰ সৈতে বাস কৰে, মহানগৰীত। কাহিনী কিছু আগবঢ়াৰ পাছতে দৰ্শকে জানিব পাৰে কুঁহিৰ স্বামী অনুপ (জয় কাশ্যপক লৈ চৰিত্ৰটো নিৰ্মাণ কৰিছে)। চিন্তাৰ অমিল, ভুল বুজা-বুজি আৰু ইগ’ৰ বাবে তেওঁলোকৰ বৈবাহিক সম্পৰ্কত ফাঁট মেলে। বিবাহ বিচ্ছেদ হয়। [লেখক-পৰিচালকে কাহিনীৰ গতিত বস্তুবাদী দর্শন বনাম পৰম্পৰাৰ সংঘাত স্পষ্ট কৰিছে মানৱীয় আৱেগক গুৰুত্ব দি। বস্তুবাদী কুঁহিৰ জগত খন “বৰ্তমান”– মডেলিং, গ্লেমাৰ, মোবাইল-লেপটপ। শিপাৰ পৰা যেন আঁতৰি গৈছে! আৱেগ-সম্পৰ্কতকৈ “কাম”ত গুৰুত্ব! এই খিনিতে উল্লেখ কৰিব পাৰি– লেখক-পৰিচালকে কাহিনীৰ গতিত মোবাইল-লেপটপক “চৰিত্ৰ”লৈ ৰূপান্তৰ কৰিছে।

হেৰোৱা ছন্দ | চিনেচৰ্চা । উৎপল মেনা 3
কুঁহিৰ বিপৰীত বিন্দুত– অনুপ। অনুপে নিজৰ সমাজ-সংস্কৃতিক গুৰুত্ব দিয়ে, সম্পৰ্কক গুৰুত্ব দিয়ে।] “সময়” আগবাঢ়ে। মডেলিং জগতত গুৰুত্ব কমি অহা কুঁহি আৰু “সময়”ৰ সৈতে আগবাঢ়ি থকা অনুপৰ মাজত মুনুৰ অধিকাৰ আৰু উপাধিক লৈ যুঁজ চলি থাকে। কাৰ বেছি অধিকাৰ, মুনুই কাৰ উপাধি গ্ৰহণ কৰিব!
কাহিনী-ৰেখাৰ শেষ বিন্দুত– কুঁহি-অনুপে নিজৰ নিজৰ ভুলবোৰ উপলব্ধি কৰে। মিলন হয়। মুনুৰ ভৱিষ্যতক লৈ ব্যস্ত হয়!
কুঁহি-অনুপৰ জীৱনৰ হেৰোৱা ছন্দ ঘুৰাই পাই, ঘুৰাই অনাত বাট কাটে মোবাই-লেপটপ “চৰিত্ৰ”ই। (মুনুক স্কুলৰ পৰা আনিবলৈ যোৱাৰ বাটত কুঁহিৰ গাড়ী বেয়া হয়, মোবাইল-লেপটপ হেৰাই। সময়তকৈ দেৰিকৈ পোৱা কুঁহিয়ে স্কুলত, অন্যান্য স্থানত মুনুক নাপালে। মুনু হেৰাল! মোবাইল-লেপটপৰ ভৰষাত জীৱন বাটত আগবাঢ়ি থকা কুঁহিয়ে হাহাকাৰ অনুভৱ কৰিলে। সেই সময়ত সম্পৰ্কৰ বাবেই নিজৰ “কাম” বাদ দিব পৰা অনুপ ঠিয় হয় কুঁহিৰ ওচৰত। মুনুক বিছাৰি পায়।)
চিনেমা খনৰ ভাল লগা দিশ– অভিনয় (বিশেষকৈ জয় কাশ্যপ, অমৃতা গগৈ আৰু কিশোৰ শিল্পী গৰাকীৰ) আৰু গীত প্ৰয়োগ। প্ৰটাগনিষ্ট কুঁহিৰ মনৰ-যুদ্ধ প্ৰকাশৰ বাবে দুটা ছিকুৱেন্সত ব্যৱহাৰ কৰা– “দামি গহনা পিন্ধি হাঁহিছা
হাঁহিটিয়েই চোন এটি গহনা
গহনা বুলি ধাতু কিনিছা
কিনিব জানো হাঁহি পাৰিবা
পাৰা যদি সুৰ তুমি ঢালিবা
ঢালি গভীৰৰ সঁচা তৰঙ্গ
অঙ্গ ভেদি গান কঁপিব
কঁপি উঠিব হেৰোৱা ছন্দ…” গীতাংশ (চিনেমা খনত সম্পূৰ্ণ গীতটো একেলগে ব্যৱহাৰ কৰা নাই।) চিনেমা খনৰ চিনেমেটিক অলংকাৰ বুলিব পাৰি। গীতটোৰ কথা-সুৰ ইবচন লাল বৰুৱাৰ।

হেৰোৱা ছন্দ | চিনেচৰ্চা । উৎপল মেনা 4

গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। ঊষা উত্থুপৰ “বিশেষ কণ্ঠস্বৰ”ত পাশ্চাত্য সংগীতাৱলীৰ প্ৰভাৱত গঢ় লোৱা সুৰৰ বিপৰীতে অনিন্দিতাৰ কণ্ঠত “ভাৰতীয় সুৰ” প্ৰয়োগ কৰিছে। কণ্ঠ-গায়কি-সুৰ-কথাত পৰিপটিকৈ স্পষ্ট কৰিছে প্ৰোটাগনিষ্টৰ মানসিক দ্বন্দ্ব। মুকলি মনেৰে ক’ব পাৰি– এনে ধৰণৰ “চিনে-সংগীত” কৰ্ম ভাৰতীয় চিনেমাত দেখা যায়।
–এই ইতিবাচক দিশৰ পাছতো চিনেমা খন “জাহ্নু বৰুৱা“ৰ চিনেমাৰ স্তৰ নাপালে। কাহিনীৰ গতি, কাহিনী কোৱাৰ শৈলীত “ছন্দ” হেৰুৱালে পৰিচালক গৰাকীয়ে। আধুনিক সমাজৰ জটিল সম্পৰ্ক, পাৰিবাৰিক আৱেগক কেন্দ্ৰ কৰি গঢ়ি উঠা কাহিনীটো (মন্থৰ গতি, অতীত-চৰণত কুঁহিৰ গাওঁ-ঘৰ দেখুওৱা, কুঁহিৰ ভাতৃৰ সৈতে দেখুওৱা আমনিদায়ক ছিকুৱেন্স ইত্যাদিৰ বাবে) দৰ্শকক চুব পৰা স্তৰৰ নহ’ল।

Utpal Mena

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.