Rupaliparda.com
চীনক কঠোৰ বাক্যবান পৰিচালক জাহ্নু বৰুৱাৰঃ 1

চীনক কঠোৰ বাক্যবান পৰিচালক জাহ্নু বৰুৱাৰঃ

এইবাৰ চীনক উদ্দেশ্যি বাক্যবান পৰিচালক জাহ্নু বৰুৱাৰ। এটি ভিডিঅ’ পোষ্ট কৰি নিজৰ ক্ষোভ উজাৰিলে পৰিচালক গৰাকীয়ে। দেশত দিনক দিনে বৃদ্ধি পোৱা “কভিড ১৯” ত আক্ৰান্ত ৰোগীৰ সংখ্যাই ভয় খুৱাইছে সাধাৰণ ৰাইজক। চীনৰ উহান বজাৰৰ পৰা আৰম্ভ হোৱা এই ভাইৰাছবিধে বৰ্তমান প্ৰাণ হৰিছে লাখ লাখ লোকৰ। ইতিমধ্যে অসমতো প্ৰথমজন “কভিড ১৯” পজিটিভ ব্যক্তিক আছুঁতীয়াকৈ ৰাখি চিকিৎসা আৰম্ভ কৰা হৈছে। কেওঁদিশে কেৱল হাঁহাকাৰ পৰিস্থিতি; গতিকে এনেক্ষেত্ৰত একোজন ব্যক্তিয়ে ঘৰতে বহি মানসিক ভাৰসাম্যয়ো হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে। আৰু, এই সকলোবোৰ ঘটনাৰ দায়ী ৰূপে জাহ্নু বৰুৱাই পৰিগণিত কৰিছে চীনৰ ৰাষ্ট্ৰপতি Xi Jinping ক।


জাহ্নু বৰুৱাই এটি ভিডিঅ’যোগে চীনৰ ৰাষ্ট্ৰপতি গৰাকীক উদ্দেশ্যি কয় যে, ” আপুনি সমগ্ৰ বিশ্বখন কি এনেকৈয়ে ধ্বংস হোৱাটো বিচাৰিছিলে নেকি? আপুনি আমাক আগতীয়াকৈ “ক’ৰ’ণা ভাইৰাছ” ৰ খবৰটো দিয়া হ’লে হয়টো আজি বহুখিনি লোক মৃত্যুমুখত নপৰিলহেঁতেন। মই জানো আপুনি এগৰাকী শক্তিশালী মানুহ আৰু আপুনি সমগ্ৰ বিশ্বত ৰাজত্ব কৰিব পাৰিব। আপুনি হয়টো এজন “ৰুলাৰ” হৈয়ো যাব পাৰিব কিন্তু আপুনি এগৰাকী “ভাল মানুহ” হ’ব নোৱাৰিলে। আৰু, মই আশা কৰিম যে অহাটো জনমত যদি পৃথিৱী বাচি থাকে যিটো আপোনাৰ কাৰণে হয়টো নাবাচিও পাৰে; কিন্তু যদি বাচি যায় তেতিয়াহ’লে আপুনি এগৰাকী “ভাল মানুহ” হৈ জনম লোৱাটো মই আশা কৰিম।”

চীনক কঠোৰ বাক্যবান পৰিচালক জাহ্নু বৰুৱাৰঃ 2


কেইবাখনো জনপ্ৰিয় অসমীয়া ছবিৰ পৰিচালক জাহ্নু বৰুৱাৰ এনে কথাই এতিয়া দৰ্শকক আকৰ্ষিত কৰি তুলিছে। ভিডিঅ’টো ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ইয়াৰ লগতে আপোনালোকক জনাই থওঁ যে, বিগত বহু দিন ধৰি নাগৰিকত্ব সংশোধনী আইন চমুকৈ “কা” ক লৈ বিভিন্ন ঠাইত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল। এই প্ৰতিবাদী কাৰ্যসূচীত সাধাৰণ জনৰ লগতেই অংশগ্ৰহণ কৰিছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ শিল্পীয়ে। বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে নিজ কথা ব্যক্ত কৰিছিল এওঁলোকে। এনে পৰিপ্ৰেক্ষিততেই, অসমৰ বিখ্যাত পৰিচালক জাহ্নু বৰুৱাইও ব্যতিক্ৰমী ভাৱে “কা” ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছিল। অসমীয়া প্ৰায় কেইবাখনো ছবিৰ নিৰ্মাতা জাহ্নু বৰুৱাই তেওঁৰ দ্বাৰা নিৰ্মিত ছবি “ভগা খিৰিকী” ক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ পৰা আঁতৰাই দিছিল।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform