Rupaliparda.com
অকল কিয়াৰা নহয়; এইবাৰ সেউজীয়া পাতৰ আঁৰত দেখা গ'ল ডব্বু-কিয়াৰাক একেলগেঃ 1

অকল কিয়াৰা নহয়; এইবাৰ সেউজীয়া পাতৰ আঁৰত দেখা গ’ল ডব্বু-কিয়াৰাক একেলগেঃ

কিয়াৰা আদৱানী তথা ডব্বু ৰতনানীৰ ফটো শ্বুটটো নিশ্চয় আপোনালোকৰ মনত আছে; য’ত এখন সেউজীয়া পাতৰ আঁৰ লৈ উঠা কিয়াৰা আদৱানীৰ ফটোখনে চচিয়েল মিডিয়াত খলকনি লগাইছিল। কিন্তু, সেই একেটা ফটো ফ্ৰেমত অভিনেত্ৰী কিয়াৰাৰ সৈতে এইবাৰ দেখিবলৈ পোৱা গৈছে ফটোগ্ৰাফাৰ ডাব্বু ৰতনানীক। ফটোখন চচিয়েল মিডিয়াত শ্বেয়াৰ কৰে ডব্বু ৰতনানীয়ে। তেওঁলোকৰ এই ফটোখন দৰ্শকৰ কাষ চপাৰ লগে লগেই এতিয়া ভাইৰেল হৈ পৰিছে ই। ইয়াৰ উপৰিও, ফটোখনত দেখিবলৈ পোৱা কমেন্ট সমূহেও দৰ্শকক হাঁহিৰ অৱকাশ দিছে। উল্লেখ্য যে, কিয়াৰাৰ ভাইৰেল ফটোখন ডাব্বু ৰতনানীৰ ২০২০ চনৰ বাৰ্ষিক পত্ৰিকাত অন্তৰ্ভূক্ত কৰা হৈছিল।

https://www.instagram.com/p/B-WPB27g461/?igshid=1tuv6icnkr8y2


কিয়াৰাৰ উক্ত ফটোখন ভাইৰেল হোৱাৰ উপৰিও ফটোখনৰ কনচেপ্ট “চুৰ” কৰাৰ আৰোপ লগাইছিল ডব্বু ৰতনানীৰ ওপৰত। এগৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ফটোগ্ৰাফাৰে ডব্বুৰ ওপৰত এই আৰোপ লগোৱা দেখিবলৈ পোৱা গৈছিল। ডব্বু ৰতনানীয়ে কিয়াৰাৰ ফটোখনত যি কনচেপ্টৰ ব্যৱহাৰ কৰা হৈছে সেইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফাৰ Marie Barsch ৰ পৰা লোৱা হৈছে বুলি কোৱা হৈছিল । Marie Barsch য়ে ডব্বুয়ে শ্বুট কৰা কিয়াৰাৰ ফটোখনৰ সৈতে হুবহু মিল থকা নিজৰ ফটোশ্বুট এখন আপলোড কৰিছিল ইনষ্টাগ্ৰামত।

অকল কিয়াৰা নহয়; এইবাৰ সেউজীয়া পাতৰ আঁৰত দেখা গ'ল ডব্বু-কিয়াৰাক একেলগেঃ 2


কোৱা বাহুল্য যে, কিয়াৰাৰ এই ফটোখনত তেওঁ অভিনীত জনপ্ৰিয় ছবি “কৱীৰ সিং” ৰ কিছু সংলাপ ব্যৱহাৰেৰে বহুতে ফেচবুত মিম বনাইছিল। এই মিম সমূহ অভিনেত্ৰী গৰাকীও নিজৰ ব্যক্তিগত একাউন্টত আপলোড কৰি স্ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছিল।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform