Rupaliparda.com
"বিগ বছ ১২"- ফাঁট মেলিলে নেকি ভায়েক- ভনীয়েকৰ সম্পৰ্কত? 1

“বিগ বছ ১২”- ফাঁট মেলিলে নেকি ভায়েক- ভনীয়েকৰ সম্পৰ্কত?

“বিগ-বছ” ৰ প্ৰত্যেকটো সংস্কৰণে কোনো নহয় কোনো বিষয়ৰ বাবে সদায় চৰ্চিত হৈছিল। যেনেদৰে এইবাৰ “শ্বেহনাজ-সিদ্ধাৰ্থ” ৰ যুঁটিটোৰ বাবে অধিক শিৰোনাম দখল কৰিছিল “বিগ-বছ ১৩” য়ে। তাতেই আকৌ ২০১৮-১৯ ৰ সংস্কৰণটোৱে চৰ্চা লাভ কৰিছিল ক্ৰিকেটাৰ শ্ৰী শান্ত আৰু দীপিকা কক্কড়ৰ “ভায়েক-ভনীয়েক” ৰ সম্পৰ্কটোৰ বাবে। কিন্তু বৰ্তমান অহা খবৰ মতে, ভায়েক-ভনীয়েকৰ সম্পৰ্কত ইতিমধ্যে ফাঁট মেলিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কোৱা অনুসৰি “খবৰ যোগান ধৰোতা” এগৰাকীয়ে টুইট কৰি কৈছে যে, “শ্ৰী শান্তৰ বৰ্তমান দীপিকাৰ সৈতে কোনো কথা-বতৰা নাই বুলি ক্ৰিকেটাৰ জনে নিজেই উল্লেখ কৰিছে।

"বিগ বছ ১২"- ফাঁট মেলিলে নেকি ভায়েক- ভনীয়েকৰ সম্পৰ্কত? 2
"বিগ বছ ১২"- ফাঁট মেলিলে নেকি ভায়েক- ভনীয়েকৰ সম্পৰ্কত? 3


তাৰ লগতে শ্ৰী শান্তে ইয়াকো কয় যে তেওঁ হেনো দীপিকাৰ বাহিৰে আন সকলোৰে সৈতে সম্পৰ্কত আছে। শেষবাৰ দীপিকাক শ্ৰী শান্তে তেওঁৰ জীয়ৰী সান্বিকাৰ জন্মদিনত মাতিবলৈ মেছেজ কৰিছিল য’ত সান্বিকাই নিজেই কৈছিল যে “পেহীক মাতা।” কিন্তু সেইটো ফালৰ পৰা কোনো সঁহাৰি অহা নাছিল।ফলত শ্ৰী শান্তে পুনৰ আকৌ কথা পতাৰ চেষ্টা নকৰিলে।” আছলতে, এই সমগ্ৰ কথা শ্ৰী শান্তে “বিগ বছ ১২” ত থকা আন এগৰাকী প্ৰতিযোগী কৰণবীৰ বোহৰাৰ সৈতে “লাইভ শ্বেট” ত কৈছিল। ইয়াৰ উপৰিও শ্ৰী শান্তে কয় যে, যেতিয়াই দীপিকাই তেওঁৰ সৈতে কথা পাতিব বিচাৰিব তেতিয়াই তেওঁৰ স্বাগত কৰা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform