
চিনেমা খনৰ বিষয়বস্তু– লোকসংগীত। এয়াই সত্য– আজিৰ তাৰিখতো মূল শিপাত খামোচ মাৰি লোকসংগীতৰ চৰ্চা কৰি আছে গাওঁৰ শ্ৰমজীৱীয়ে। দিনটোৰ পৰিশ্ৰমৰ অন্তত ভাগৰ জুৰাই লোকসংগীত চৰ্চাৰে। এই সকল লোকে লোকগীতৰ ফিউজন, আধুনিকীকৰণ ইত্যাদিৰ কথা মনলৈ আনিব নোৱাৰে। লোকগীত মানে লোকগীত। বনজিতক গাওঁৰ দুই-একে দিহা দিয়ে– লোকগীতৰ ভিডিঅ’ নিৰ্মাণ কৰি সামাজিক মাধ্যমত দিলে সিহতক দহে জানিব! মোবাইলত সহজতে সিহতে গীত গোৱা সময় খিনি কোনোবা এজনৰ হতুৱাই ধৰি ৰাখিব পাৰে! বনজিতৰ মন নথকা নহয়, দুই-একক ক’লে। বনজিতৰ কথা শুনি সামাজিক মাধ্যমত ৰীল চোৱাতে সময় খৰচ কৰি ভালপোৱা পিলিঙা এজনে বনজিতক ইতিকিং কৰিলে, কোনে চাব বুলি! আন এজনে বনজিতক ফিউজনৰো পৰামৰ্শ দিলে। কিন্তু বনজিত তেনে কথা ভাবিব নোৱাৰে। আনে শুনক-নুশুনক যি লোকগীত শুনি আহিছে সেয়াই চৰ্চা কৰি যাব! কষ্টৰ মাজতো বনজিত আৰু তেওঁৰ সৰু দলটোৱে ম্লান হৈ অহা লোক পৰম্পৰা ৰক্ষাৰ বাবে অক্লান্তভাৱে আখৰা কৰি যায়।
বনজিত– ৰূপালী গল্পটোৰ মূল চৰিত্ৰ। ৰূপালী গল্পটোৰ নাম– গছ কটা মানুহ (The Woodcutter)। লেখক-পৰিচালক: প্ৰকাশ ডেকা। বনজিত চৰিত্ৰটো নিৰ্মাণ কৰিছে বাহাৰুল ইছলামক লৈ। বহু দিনৰ পৰা চৰ্চাত আছিল বাহাৰুল ইছলামে অভিনয় কৰা চৰিত্ৰটো আৰু “The Woodcutter” নামটো, ২২ মে’, ২০২৪-ত কান চলচ্চিত্ৰ মহোৎসৱৰ ভাৰত পেভিলিয়নত ট্ৰেইলৰ মুকলি কৰাৰ পাছৰে পৰা। অভিনেতা গৰাকীৰ “নতুন অৱতাৰ” আছিল চৰ্চাৰ, আকৰ্ষণৰ মূল কাৰণ। মঞ্চত নিৰ্দিষ্ট ছন্দত জপিয়াই জপিয়াই গোৱা (অভিনয় কৰা) “অ’ মোৰ মলুৱা ৰে…” চিত্ৰৰসিকৰ মাজত চৰ্চাৰ বিষয় হৈছিল। চিনেমা খন চোৱাৰ পাছত অনুভৱ কৰিছোঁ– আৰু এগৰাকী পৰিচালকক এটা “শ্ৰেষ্ঠ চৰিত্ৰ” নিৰ্মাণ সহায় কৰিলে, বাহাৰুল ইছলামে আৰু এবাৰ অভিনয় শক্তি (acting power) দেখুৱালে।
লোকগীতৰ শিল্পী বনজিতে গছ কাটে।

সংসাৰ চলাবলৈ গছ কাটে। একমাত্ৰ কিশোৰী সন্তান, পত্নীক লৈ বনজিতৰ সংসাৰ। একেখন চোতালতে থকা “ডাঙাৰ মাই”কো সংসাৰৰ এজন বুলি, নিজৰ মাকৰ দৰে যতন লয় তৰালি শৰ্মাৰ গীত ভাল পোৱা বনজিতে।
হঠাতে বনজিতক কিশোৰী কন্য মুনুৱে তেওঁক ভয় কৰিবলৈ আৰম্ভ কৰে। শিক্ষকে প্ৰসংগক্ৰমে মুনু হ’তক কয়– গছ কটা মানুহক “বেয়া মানুহ”! এই কথাক কেন্দ্ৰ কৰি স্কুলৰ সহপাঠীয়ে মুনুক জোকায়। মুনুৰ মনত লাগে! মুনুৰ মানসিক অৱস্থালৈ চাই বনজিতে গাছ কটা কামটো বাদ দিয়ে, সংগীত চৰ্চাত মন দিয়াৰ লক্ষ্য স্থিৰ কৰি তৰালি শৰ্মাক লগ পাবলৈ যায়। তৰালিক লগ নাপায় দুখ মনেৰে উভতি আহে। মনত দুখলৈ কামত ব্যস্ত থকা সময়তে বনজিতে শুনা পায়– সিহতৰ গাওঁলৈ তৰালি শৰ্মা আহিব, গীত গাবলৈ। তৰালি যি খন মঞ্চত গীত গাব, সেই খন মঞ্চতে গীত গোৱাৰ সুবিধা কৰি ল’লে, গীত গালে। কিন্তু বনজিত হ’তে গীত গোৱাৰ সময়ত মঞ্চৰ সম্মুখত তৰালি নাছিল। মনত দুখ লৈয়ে গালে– “মোৰ মলুৱাৰে…”।
তৰালি শৰ্মা নাই, বেছি শ্ৰোতা-দৰ্শকো নাই মঞ্চৰ সম্মুখত। কোনোমতে গীতটো শেষ কৰি ঘৰলৈ দৌৰ দিলে বনজিতে– “ডাঙাৰ মাই”ৰ যোৱা-থোৱা অৱস্থা। শেষৰ ছিকুৱেন্সটোত দেখা যায়– বনজিত, বনজিতৰ পত্নীয়ে “ডাঙাৰ মাই”ক লৈ চিকিৎসায়লৈ বুলি বাট বুলে, মঞ্চত বনজিতৰ কণ্ঠক প্ৰশংসা কৰে তৰালি শৰ্মাই। ৰূপালী গল্পটোৰ শেষ বিন্দুত দৰ্শকে জানিলে, বনজিতে নাজানিলে তৰালি শৰ্মাই যে তাৰ গীত শুনিছে, প্ৰশংসা কৰিছে। [জনা হ’লে– আশাবাদত ৰূপালী গল্পটো শেষ হ’ল হেতেন।]

চিনেমা খন চোৱাৰ সময়ত অনুভৱ কৰিলোঁ–বনজিতৰ “তৰালি শৰ্মাৰ গীতৰ” প্ৰতি থকা আৱেগ বা টান অস্পষ্ট হৈ থাকিল।
“তৰালি শৰ্মা”ৰ বিন্যাসৰ প্ৰয়োজন আছিল।বনজিতে “তৰালি শৰ্মা”ক লগ পাবলৈ কিয় গৈছিল, অস্পষ্ট হৈ থাকিল।
চিনেমা খনৰ ভাল লগা দিশ– বিষয়বস্তুৰ লগতে চৰিত্ৰ নিৰ্মাণ, পৰিৱেশ নিৰ্মাণ, কলা নিৰ্দেশনা, সংগীত প্ৰয়োগ।







Add comment