Rupaliparda.com
ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 1

ছিকুৱেল | আৰু এখন… | –উৎপল মেনা

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 2

ছিকুৱেল নচলে! “যৌৱনে আমনি কৰে-২” বাণিজ্যিক বিফলতাৰ পাছত হোৱা চৰ্চা। “যৌৱনে আমনি কৰে” চিত্ৰগৃহত মুক্তি পাইছিল ১২ জুন ১৯৯৮ -ত। সেই সময় আছিল, অসমীয়া চিনেমা “একেবাৰে নচলা” সময়। অসমীয়া চিনেমা নিৰ্মাণৰ গতি মন্থৰ হৈছিল। তেনে “বেয়া সময়”তে চিত্ৰগৃহলৈ হিল-দল ভাঙি দৰ্শক আহিছিল চিনেমা খন চাবলৈ। তুলনা মুলকভাবে সেইসময়তকৈ আজিৰ তাৰিখত অসমীয়া চিনেমাৰ “স্থানীয় বজাৰ”ৰ অৱস্থা ভাল। কিন্তু নচলিল।
“ধুৰন্ধৰ”ৰ বাণিজ্যিক সফলতাৰ ধাৰাবাহিকতাত আগবঢ়া “ধূৰন্ধৰ ২: দ্য ৰিভেঞ্জ” মুক্তিৰ সময়ছোৱাতেই, এখন বাণিজ্যিকভাৱে সফল অসমীয়া চিনেমাৰ ছিকুৱেল ‘যৌৱনে আমনি কৰে-২’ চিত্ৰগৃহত আশানুৰূপ সঁহাৰি সংগ্ৰহত ব্যৰ্থ হয়।
কাৰণ?

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 3
ইয়াৰ অন্তৰ্নিহিত কাৰণ স্পষ্ট—সময়ৰ কৌশলগত ব্যৱস্থাপনা। “ধুৰন্ধৰ”ৰ সফলতাৰ ঢৌত এৰি দিছিল “ধূৰন্ধৰ ২: দ্য ৰিভেঞ্জ”।
বিপৰীতে “যৌৱনে আমনি কৰে-২” (২০২৬) -ৰ বৃহৎ অংশৰ দৰ্শকৰ বাবে পূৰ্বসূৰী “যৌৱনে আমনি কৰে” অপৰিচিত— যাৰ সৈতে তেওঁলোকৰ কোনো অনুভৱগত বা স্মৃতিগত সংযোগ গঢ়ি উঠাৰ বাট নাছিল।

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 4
আন এখন অসমীয়া ছিকুৱেল– “ডক্তৰ বেজবৰুৱা-২”। ১৯৬৯ (৭ নৱেম্বৰ)-ৰ বাণিজ্যিক সফল চিনেমা “ডক্তৰ বেজবৰুৱা”ৰ ছিকুৱেল। এই খন “স্থানীয় বজাৰ”ত কিছু সফল হৈছিল। সফলতাৰ কাৰণ কিন্তু প্ৰথম খনৰ “ইমেজ” (কাহিনী, চৰিত্ৰ) নাছিল। প্ৰথম খনৰ “আৱেগ” লৈ খুউব কম সংখ্যক দৰ্শকহে চিত্ৰগৃহলৈ গৈছিল।
সফলতাৰ আঁৰত মুখ্য ভূমিকা লৈছিল কৌশলগত কাষ্টিং আৰু সুপৰিকল্পিত প্ৰচাৰ-ডিজাইনে। প্ৰচাৰৰ কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰা হৈছিল প্ৰথম খনৰ চিৰসেউজ গীতৰ আধুনিক পুনৰনির্মাণ—য’ত সংগীত আৰু চিত্ৰায়ণৰ নৱ ব্যাখ্যাই নষ্টালজিয়াক বাণিজ্যিক শক্তিলৈ ৰূপান্তৰিত কৰিছিল।
[ছিকুৱেলনো কি?
১। ঐতিহ্য-ভিত্তিক ছিকুৱেল #LegacySequel
২। পুনঃব্যাখ্যামূলক ছিকুৱেল #ReinterpretativeSequel
৩। আংশিকভাৱে আত্মিক ছিকুৱেল #SpiritualSequel]

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 5
“ডক্তৰ বেজবৰুৱা” পুনঃব্যাখ্যামূলক ছিকুৱেল। মূল চিনেমাখনৰ ঐতিহ্য (legacy) অক্ষুণ্ণ ৰাখি, নতুন সময়ৰ নান্দনিকতা—বিশেষকৈ ডাৰ্ক টোন আৰু থ্ৰিলাৰধর্মী চিনে-ব্যাকৰণ—সংযোজন কৰা হৈছে। একে সময়তে, কেন্দ্ৰীয় চৰিত্ৰটো এক পৌৰাণিক (mythic) মাত্ৰাৰ প্ৰতীকী ব্যক্তিত্ব হিচাপে পুনৰ্নিৰ্মাণ কৰা হৈছে। দৰ্শকে “Self-contained” চিনেমাৰ দৰে উপভোগ পাৰিছে। এয়া সফলতাৰ আন এটা কাৰণ।
গতিকে এনেদৰে নিশ্চয় ক’ব পাৰো— দীৰ্ঘ সময়ান্তৰত গঢ়ি উঠা ছিকুৱেলসমূহত, পূৰ্বৰ স্মৃতিৰ ওপৰত নিৰ্ভৰ নকৰি, এক স্বতন্ত্ৰ আৰু self-contained narrative গঢ়াত মন দিব লাগে।

ছিকুৱেল | আৰু এখন... | --উৎপল মেনা 6
চৰ্চাত অসমীয়া ভাষাৰ আন এখন ছিকুৱেল– “ককাদেউতা নাতি আৰু হাতী ২”।
১৯৮৩ চনৰ ১৮ নৱেম্বৰত চিত্ৰগৃহত মুক্তি পোৱা “ককাদেউতা নাতি আৰু হাতী”ৰ ছিকুৱেল। নিপ বৰুৱাৰ পৰিচালনা (কাহিনী-চিত্ৰনাট্য: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ) -এৰে নিৰ্মিত চিনেমা খনৰ বক্স অ’ফিচ ৰিপ’ৰ্ট: ছুপাৰ হিট। এই সফল চিনেমা খনৰে ছিকুৱেল “ককাদেউতা নাতি আৰু হাতী ২”। পৰিচালনা বিশ্বজিৎ বৰা। চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ। চৰিত্ৰ নিৰ্মাণ কৰিছে– যতীন বৰা, প্ৰাঞ্জল শইকীয়া, পংকজ মহন্ত, প্ৰীতি কংকণা, প্ৰস্তুতি পৰাশৰ, তপন দাস, উৎপল দাস, আদিল হুছেইন আদিক লৈ। চিত্ৰগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে। চৰ্চা: এই চিনেমা খনত “এক দুই তিনি চাৰি…” গীতটো ব্যৱহাৰ কৰিছে। (প্ৰথম খনত এই গীতটো চিত্ৰায়ন কৰিছিল হাতীৰ ওপৰত কিশোৰ হিমন্ত বিশ্ব শৰ্মাকলৈ। –হয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…) গতিকে মনলৈ অহা স্বাভাৱিক প্ৰশ্ন: পুনৰ একেটা কাহিনীয়ে দৰ্শকে নতুন ৰূপত দেখিব নেকি! ৰিমেক (একে গল্প, নতুন ৰূপ) নেকি! নহয়, পৰিচালক বৰাৰ ভাষাত– “আগৰ কাহিনীৰ লগত সংযোগ আছে। পুৰণি চৰিত্ৰ বা তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মও আছে। আগৰ ঘটনাৰ পাছৰ ভাগ কাহিনী।সেইবাবে Legacy Sequel বুলি ক’ব পাৰো!” কথা প্ৰসংগত পৰিচালক গৰাকীয়ে কোৱা কথাৰ পৰা অনুভৱ কৰিলোঁ– প্ৰথম খনৰ দৰে এই খনতো স্বকীয় অসমীয়া ফ্লেভাৰ অটুট ৰাখি, সময়ৰ সৈতে খাপ খুৱাই নান্দনিক আৰু কাৰিকৰী দিশত আধুনিক সংযোজন কৰা হৈছে। কাহিনীটো সৰল আৰু সাৱলীল বৰ্ণনাশৈলীৰে উপস্থাপন কৰা হৈছে, যিয়ে দৰ্শকৰ সৈতে স্বাভাৱিক সংযোগ স্থাপনত সহায় কৰিব। ক’ব পাৰি– এই খনতো পৰিচালক-লেখকে self-contained narrative গঢ়াত মন দিছে।
[বিশ্বজিৎ বৰাৰ অসমীয়া চিনেমা: বহ্নিমান, ফেঁহুজালি: দা ডন, ৰক্তবীজ, বেলকনিত ভগৱান, লখিমী, বুম্বা ৰাইড, বীৰাংগনা সাধনী। পৰিচালক গৰাকীৰ চিনেমা শৈলীৰ বিশেষত্ব: এটা বৃত্তত বন্দি নহয়। বিষয়বস্তু, পৰিচালনা শৈলী ভিন্ন।]

Utpal Mena

Add comment

Leave a Reply