
চিনেমা সমালোচক, ৰূপালী পৰ্দা ডট কমৰ সম্পাদক উৎপল মেনালৈ আগবঢ়োৱা হৈছে ২০২১ চনৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ সমালোচকৰ শিতানত মুনিন বৰুৱা বঁটা। সমালোচক গৰাকীয়ে যোৱা ১৫ ফেব্ৰুৱাৰী (২০২৬) তাৰিখে এই বঁটা গ্ৰহণ গ্ৰহণ কৰে অসমৰ মাননীয় ৰাজ্যপাল মহামহিম শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ হাতৰ পৰা, শ্ৰীশ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ দ্বাৰা আয়োজিত আনুষ্ঠানত।
উল্লেখ্য যে, লেখক-সম্পাদক মেনাই ২০০৩ চনৰ পৰা rupaliparda.com -ৰ সৈতে জড়িত হৈ আছে। সেই সময়ত সাংবাদিক মেনা জড়িত আছিল অজিত কুমাৰ ভূঞা সম্পাদিত দৈনিক কাকত “আজি”ৰ উপ-সম্পাদক হিচাপে। ১৯৯৩-৯৪ চনত অধুনালুপ্ত দৈনিক কাকত “আজিৰ সংবাদ”ৰ উপ-সম্পাদক হিচাপে প্ৰত্যক্ষ সাংবাদিকতাৰ কামত যোগদিয়া মেনাই পৰৱৰ্তী সময়ত কৰ্মস্থান সলনি কৰি মুম্বাইলৈ গৈছিল; আৰু বলিউড কেন্দ্ৰিক চৰ্চা কৰিছিল জনপ্ৰিয় আলোচনী “বিস্ময়”ত। আৰু ২০০২ চনৰ শেষৰ ফালে গুৱাহাটীলৈ প্ৰত্যৱৰ্তন কৰি “আজি” আৰু সাপ্তাহিক কাকতত “নতুন সময়” (সম্পাদক: অজিত কুমাৰ ভূঞা) -ত যোগ দিয়ে। মেনাৰ পৰৱৰ্তী সংবাদ যাত্ৰা এনেধৰণৰ– সাপ্তাহিক “নতুন সময়” (উপ-সম্পাদক/ সম্পাদক: ড° প্ৰফুল্ল মহন্ত), “অসমীয়া প্ৰতিদিন” (উপ-সম্পাদক/ সম্পাদক: অজিত কুমাৰ ভূঞা), “আজিৰ দৈনিক বাতৰি” (জেষ্ঠ উপ-সম্পাদক/ সম্পাদক: ৰাধিকামোহন ভাগৱতী), “নিয়মীয়া বাৰ্তা” (জেষ্ঠ উপ-সম্পাদক/ সম্পাদক: শংকৰ লস্কৰ), “প্ৰতিবিম্ব” (নিবন্ধ সম্পাদক/ সম্পাদক সঞ্জীৱ কুমাৰ ফুকন), মাহেকীয়া সামাজিক-ৰাজনৈতিক আলোচনী “প্ৰত্যাহ্বান” (সহযোগী সম্পাদক/ মুখ্য সম্পাদক: ভৱানী প্ৰসাদ অধিকাৰী), মাহেকীয়া চিনেমাৰ আলোচনী “চিত্ৰবন” (মুখ্য সম্পাদক), মাহেকীয়া সামাজিক-ৰাজনৈতিক আলোচনী “বিশেষ” (মুখ্য সম্পাদক), মাহেকীয়া ৰাজনৈক আলোচনী “অসম টুডে” (মুখ্য সম্পাদনা উপদেষ্টা)। এই দীৰ্ঘ সময় চোৱাত “সুত্ৰধাৰ”, প্ৰান্তিক”, “সাতসৰী”, গৰীয়সী, “দৈনিক অসম”, দৈনিক জনমভূমি”, “সাদিন” আদি কাকত-আলোচনীৰ বাবেও চিনেমা-থিয়েটাৰ-সংগীত কেন্দ্ৰীক লেখা লিখিছে। ইয়াৰ লগতে লিখিছে, সম্পাদনা কৰিছে কেইবা খনো গ্ৰন্থ। লেখা গ্ৰন্থ “অসমীয়া চিনেমা” (অসম কোষ, প্ৰথম খণ্ড, ৰূপালীপৰ্দা ডট কম সংস্কৰণ, দ্বিতীয় খণ্ড), “অসমীয়া চিনেমা: মহোৎসৱৰ বজাৰত-স্থানীয় বজাৰত”, “চিনেমা-চিনেমা”, “যতীন বৰা-চিনেমা-ইত্যাদি”, “ৰাফ্-কাট”, “প্ৰভাতীসুৰ”, “আত্মলিপিৰ ১৬ খিলা”, “নক্ষত্ৰ আৰু নাটক”, “চিনে-চিনেমা”।
সম্পাদনা কৰা গ্ৰন্থ: ইংৰাজিত “ভূপেন হাজৰিকা”ৰ ৫টা খণ্ড, অসমীয়াত “প্ৰভাত শৰ্মা” আৰু “জুবিন”।

|| সংযোজন: অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা – ২০২০ৰ বিজয়ীসকল ||
শ্ৰেষ্ঠ সমালোচকৰ মুনিন বৰুৱা বঁটা: উৎপল দত্ত।
শ্ৰেষ্ঠ চিনেমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: বেলকনিত ভগৱান
শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: বিশ্বজিত বৰা (চিনেমা: বেলকনিত ভগৱান)।
শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: বিশাল পি চলিহা (চিনেমা: চিজো)।
শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ড° ভবেন্দ্ৰ নাথ শইকীয়া অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: ৰমেন বৰা আৰু জিণ্টু ভট্টাচাৰ্য (চীনেমা: মণ্টুৰ মনটো)।
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ নলীন দুৱৰা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: প্ৰদীপ দৈমাৰী (চিনেমি: চেমখৰ )।
শ্ৰেষ্ঠ সম্পাদকৰ ভবেন দাস অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: বিশাল শৰ্মা (চিনেমা: চিজো )
শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্বতী প্ৰসাদ বৰুৱা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: অম্বৰ দাস (চিনেমা: মিডনাইট ছং)।
শ্ৰেষ্ঠ অভিনেতাৰ নটসূৰ্য ফণী শৰ্মা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: হৰিষ খান্না (চিনেমা: বেলকনিত ভগৱান)।
শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: মন্দাকিনী গোস্বামী (চিনেমা: মণ্টুৰ মনটো)
শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বিজু ফুকন অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: সৌমাৰ জ্যোতি বৰা (চিনেমা: ৰিয়াজ )
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বিদ্যুৎ চক্ৰৱৰ্তী অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: শিৱা ৰাণী কলিতা (চিনেমা: ব্ৰীজ)
শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰৰ তছদ্দুক ইউছুফ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা : জয়ন্ত নাৰ্জাৰী (চিনেমা: চিজো )
শ্ৰেষ্ঠ হাস্য অভিনেতাৰ মোৱাজিন আলী অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: কমল লোচন (চিনেমা: গৰু )
শ্ৰেষ্ঠ নেপথ্য গায়কৰ ৰুদ্ৰ বৰুৱা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: শংকু ৰাজ কোঁৱৰ (চিনেমা: দ্য কনছিকুৱেন্স)।
শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ প্ৰতিমা পাণ্ডে বৰুৱা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: জুবলী বৰুৱা আৰু মেঘান স্কট (চিনেমা: মিডনাইট ছং)।
১৬) শ্ৰেষ্ঠ গীতিকাৰৰ ড° নিৰ্মল প্ৰভা বৰদলৈ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: ৰাজদ্বীপ (চিনেমা: দ্য কনছিকুৱেন্স)
শ্ৰেষ্ঠ শব্দ ডিজাইনাৰৰ পীযুষ কান্তি ৰয় অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: দেৱজিত চাংমাই আৰু বুলগনিন বৰুৱা (ছবি: চিজো)
শ্ৰেষ্ঠ ৰূপসজ্জাকৰৰ যুগল দাস অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: জ্যোতি শংকৰ ভট্টাচাৰ্য (চিনেম: চিজো)
শ্ৰেষ্ঠ সাজসজ্জাৰ বাবে প্ৰদীপ চলিহা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: পলী বৰুৱা (চিনেমা: চেমখৰ ) শ্ৰেষ্ঠ সহ অভিনেতাৰ গিৰীশ চৌধুৰী অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: বাহাৰুল ইছলাম (চিনেমা: গৰু)
শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ইভা আছাঅ’ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা : অনিন্দিতা দাস (চিনেমা: ব্ৰীজ )
অসমীয়াৰ বাহিৰে অন্য ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ ফুনু বৰুৱা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: চেমখৰ (ডিমাছা)
শ্ৰেষ্ঠ শিশু অভিনেতাৰ মাষ্টাৰ সিদ্ধাৰ্থ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: অগ্নিমিত্ৰ বৰা কাশ্যপ (চিনেমা: মণ্টুৰ মনটো)
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জুৰীৰ বিশেষ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা: কল্পনা কলিতা (চিনেমা: মিডনাইট ছং)।
|| অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২১ৰ
বিজয়ীসকল ||
শ্ৰেষ্ঠ চিনেমা: নিঃশব্দ কোলাহল।
শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সংহতিমূলক চিনেমা: অকমান।
শ্ৰেষ্ঠ পৰিচালক: ধনজিত দাস (চিনেমা: শব্দ নিঃশব্দ কোলাহল)।
শ্ৰেষ্ঠ নৱাগত পৰিচালক: প্ৰাঞ্জল কে শইকীয়া (চিনেম: অকমান)।
শ্ৰেষ্ঠ চিত্ৰনাট্যৰ: ৰীমা বৰা (চিনেমি: নৈ)
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী: চন্দ্ৰ কুমাৰ দাস (চিনেমি: বুলু ফিল্ম আৰু শব্দ নিঃশব্দ কোলাহল)।
শ্ৰেষ্ঠ সম্পাদক: ৰণ্টু চেতিয়া (চিনেমা: নৈ)
শ্ৰেষ্ঠ সংগীত পৰিচালক: পল্লৱ তালুকদাৰ (চিনেমা: বুলু ফিল্ম)।
শ্ৰেষ্ঠ অভিনেতা: জিত বৰুৱা (চিনেমা: শব্দ নিঃশব্দ কোলাহল)।
শ্ৰেষ্ঠ অভিনেত্ৰী: প্ৰণামী বৰা (চিনেমি: বুলু ফিল্ম)
শ্ৰেষ্ঠ নৱাগত অভিনেতা: অক্ষেন্দ্ৰ দাস (চিনেমা : ব্ৰকেন ছ’ল)
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী: বিদ্যা ভাৰতী (চিনেমা: অনুৰ)
শ্ৰেষ্ঠ নেপথ্য গায়ক: ৰূপম ভূঞা (চিনেমা: অনুৰ)
শ্ৰেষ্ঠ নেপথ্য গায়িকা: মামণি কলিতা (চিনেমা: বুলু ফিল্ম)।
শ্ৰেষ্ঠ গীতিকাৰ: হীৰেন ভট্টাচাৰ্য (চিনেমা: দ্য চেভেনথ ষ্ট্ৰীং)
শ্ৰেষ্ঠ শব্দ: জনাৰ্দন পাটোৱাৰী।
শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ: পণজিত চাংমাই (চিনেমা: অনুৰ)।
শ্ৰেষ্ঠ ৰূপসজ্জা: স্মৃতি দত্ত (চিনেমা: ক্ষণচৰ)
শ্ৰেষ্ঠ সাজসজ্জা: জয়শ্ৰী দাস (চিনেমা: শব্দ নিঃশব্দ কোলাহল)।
২০) শ্ৰেষ্ঠ সহ অভিনেতাৰ গিৰীশ চৌধুৰী অসম







Add comment