নৈ কথা | চিনেচৰ্চা
–উৎপল মেনা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম– তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা– নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।
[বিপৰীতে গ্ৰাহকৰ– চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ “দোকান” তিনিখন ৰাখিছে। দেখুৱাইছে– চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ– বাস্তৱিক। পৰিপাটি– কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]
তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত “বাকী” বাঢ়ি গৈ আছে।

তিলো হ’তৰ সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতিত।] আৰু বাঢ়িল দুটা কাৰণত– মৌজাদাৰৰ পুতেকে(বেপাৰী ঠিকাদাৰ) লীজত ল’লে বছৰৰ পাছত বছৰ ধৰি মাছমাৰি অহা নৈ-অংশ। আনহাতে মাছৰ পোনা জগা সময় চোৱাত মাছ ধৰাত বাধা আহে। –“বেপাৰী ঠিকাদাৰৰ” সৈতে সেই সময় চোৱাতে সংঘাত হয় তিলোৰ।সংঘাতৰ বাবে ক্ষমা বিছাৰি “বেপাৰী ঠিকাদাৰ” গৰাকীৰ সহায়তে তিলোৱে ৰিক্সা চলাবলৈ লয়।
[পৰিচালকে সাহিতৰ ভাষাৰে স্পষ্ট কৰিছে– ৰিক্সা খন দৰাচলতে তিলো হ’তৰ দৰে লোকৰ বাবে অহা “চৰকাৰী আঁচনী”ৰ। চৰকাৰী বিষয়া-বেপাৰী ঠিকাদাৰৰ দৰে মধ্যভোগীৰ বাবে তিলো হ’তক চুব নোৱাৰে।]
কিছু ভাললৈ আহিছিল তিলোৰ জীৱন! কিন্তু তেনেতে উদণ্ড বাইক আৰোহীৰ সৈতে হোৱা সংঘাতৰ ফলত তাৰ মৃত্যু হয়।
[ডাক্তৰে চিটি স্কেনৰ কথা কৈছিল। কিন্তু চহৰৰ চিকিৎসালয়লৈ গৈ চিকিৎসা কৰা সম্ভৱ নহয়। গ্ৰাম্য অঞ্চলৰ চৰকাৰী চিকিৎসা; আৰু কাহিনীৰ গতিত গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ ছবি খন স্পষ্ট কৰিছে কেমেৰা, সাহিত্যৰ ভাষাৰে।]
মৃত্যুৰ পাছত তিলোৱে ব্যৱহাৰ কৰা নাৱৰ বোঠা বাসন্তীয়ে হাতত তুলি লয়। তিলোৱে এৰি যোৱা সংসাৰ খনৰ গুৰি-বঠা বাসনন্তীয়ে নিয়ন্ত্ৰণ কৰে। চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ শেষ ছিকুৱেন্সটো চুই যোৱা, বুদ্ধিদীপ্ত।
[এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে– তিলোৰ মৃত্যুৰ পাছতে ৰূপালী গল্পটোৱে ছন্দ হেৰুৱাইছে। আমাৰ ধাৰণাত– “বাসন্তী”ক প্ৰয়োজনাধিক ফুটেজ দিয়াৰ ফলত “নৈ”ৰ পৰা কাহিনী-ৰেখা অন্য ফালে গৈছে। এই গতি ইতিবাচক হৈ থকা নাই। সম্পদনাৰ সময়ত পৰিচালক, সম্পাদকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল।]

এই খিনিতে উল্লেখ কৰিব পাৰি তিলো মাত্ৰ কাহিনী-ৰেখাৰ বিন্দুহে। ৰূপালী গল্পটোৰ “সংগ্ৰাম, সমস্যা” নৈ পৰীয়া মাছুৱৈ সকলৰ, যি সকলৰ পৰম্পৰাগত জীৱনধাৰা আৰু প্ৰকৃতিৰ সৈতে থকা নিবিড় সম্পৰ্কৰ দূৰত্ব বঢ়াইছে আধুনিকীকৰণ, চৰকাৰী নীতিয়ে।
[কামৰ অভাৱত গাঁওৰ ডেকাবোৰ কেৰেলা-বাংগালোৰলৈ যোৱা, নদী বান্ধে “নৈ” শুকুৱাই পেলোৱা আন দুটা “সমস্যা” চুই গৈছে।]
পৰিচালকে ৰূপালী গল্পটোৰ গতিত ব্যৱহাৰ কৰা আৰু এটা বুদ্ধিদীপ্ত ছিকুৱেন্সৰ কথা মনলৈ আহিছে– মাজৰাতি তিলোই চালানী মাছৰ দোকান খন ভাঙি, জ্বলাই দিয়া ছিকুৱেন্সটো। তিলোৰ জীৱন-জীৱিকাৰ বাটত সমস্যা বঢ়োৱা দোকান খন জ্বলাই দি মনৰ খং প্ৰকাশ কৰোৱা ছিকুৱেন্সটো।
[এই ছিকুৱেন্সটোই জাহ্নু বৰুৱাৰ পোৱাল নাৱৰীয়াই (চিনেমা: সাগৰলৈ বহুদূৰ) নদীৰ ওপৰত সজা নতুন দলং খনক কৰা খং, ৰসেশ্বৰে প্ৰকাশ কৰা ক্ষোভৰ (চিনেমা: হালধীয়া চৰায়ে বাওধান খায়) ছিকুৱেন্স দুটা মনলৈ আনি দিয়ে। গতিকে স্বাভাৱিকতে মৌলিকতাৰ প্ৰশ্নটো উত্থাপন হোৱাৰ বাট আছে। এই খিনিতে আৰু উল্লেখ কৰিব পাৰি কেমেৰা ডিজাইন, কেইবাটাও শ্বট নিৰ্মাণে “জাহ্নু বৰুৱাৰ চিনেমা” মনলৈ আনি দিয়ে।]

–ছিকুৱেন্সটোৰ সৌন্দৰ্য বঢ়াইছে বা বঢ়োৱাত সহায় কৰিছে তিলো চৰিত্ৰটোত অভিনয় কৰা ৰাজু ৰয়ে।এনেদৰে উল্লেখ নকৰিলে ভুল হ’ব– ৰাজু ৰয়ৰ অভিনয় শক্তি প্ৰয়োগেৰ নিৰ্মাণ হৈছে ৰূপালী গল্পটোৰ এক সৌন্দৰ্য [প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ পৰিপাটি। তথাপি ৰাজু ৰয়ৰ লগতে উল্লেখ কৰিব লাগিব “বাসন্তী” মেঘালী কলিতাৰ। মেঘালীৰ অভিনয় চমক অস্বীকাৰ কৰিব নোৱাৰি]। কেমেৰৰ ভাষাৰে (পৰিপাটি শ্বট নিৰ্বাচন, শ্বটৰ শুদ্ধ গাণিতিক প্ৰয়োগেৰে), কেমেৰাৰ ফ্ৰেমত (বিশেষকৈ লং-শ্বটত) নৈ, নৈৰ বুকুত নাৱৰীয়া-মাছুৱৈ, বিস্তৃত সৰিয়হনি লৈ নিৰ্মাণ কৰা আন এক চিনেমেটিক সৌন্দৰ্য।
–সন্দেহ নাই “সৌন্দৰ্য” নিৰ্মাণত পৰিচালকৰ সোঁহাত স্বাভাৱিকতে চিত্ৰগ্ৰহণকাৰী (চিত্ৰগ্ৰহণ: চিদা বৰা)। চিত্ৰগ্ৰহণৰ লগতে শব্দ আৰু সংগীত ডিজাইন ৰূপালী গল্পটোৰ চিনেমেটিক সৌন্দৰ্যৰ আধাৰ বুলিব পাৰি। ড° সৌৰভ মহন্তই লোকবাদ্য (বাঁহী আৰু দোতোৰা) প্ৰয়োগেৰে, লোক সংগীতৰ সুৰ প্ৰয়োগেৰ আৱহ সংগীত ৰচনাত গুৰুত্ব দিছে।
(চিনেমা খন চালোঁ Guwahati Asian Film Festival 2026 -ত। Indian Showcase Competition শিতানত। চিনেমা খনে লাভ কৰিছে
North East India Spotlight বঁটা।)








Add comment