Rupaliparda.com
|| উৎপল মেনাৰ "ভূপেন হাজৰিকা প্ৰকল্প"ৰ পঞ্চম খন গ্ৰন্থ উন্মোচন || 1

|| উৎপল মেনাৰ “ভূপেন হাজৰিকা প্ৰকল্প”ৰ পঞ্চম খন গ্ৰন্থ উন্মোচন ||

|| উৎপল মেনাৰ "ভূপেন হাজৰিকা প্ৰকল্প"ৰ পঞ্চম খন গ্ৰন্থ উন্মোচন || 2

প্ৰকাশ পালে সাংবাদিক, চিনেমা সমালোচক উৎপল মেনাৰ “ভূপেন হাজৰিকা প্ৰকল্প”ৰ পঞ্চম খন গ্ৰন্থ “Bhupen Hazarika: Bixex”। প্ৰায় ৬০০ পৃষ্ঠাৰ ভূপেন হাজৰিকা কেন্দ্ৰিক লেখাৰ সংকলনটো কালি মুম্বাইৰ এক অনুষ্ঠানত উন্মোচন কৰে সংগীত শিল্পী উষা মংগেশকাৰ, অনুপ জলোটা, সুৰেশ ব্যাডেকাৰ, হৰিশ ভিমানী, মহাৰাষ্ট্রৰ সাংস্কৃতিক মন্ত্রী আশিস চেলাবে। গ্ৰন্থ খনৰ প্ৰকাশক চিনেমা নিৰ্মাতা, এ এম টেলিভিচন প্ৰাইভেট লিমিটেডৰ ড° সঞ্জীৱ নাৰায়ণে। উল্লেখ্য যে এই প্ৰকল্পৰ প্ৰথম খন গ্ৰন্থ চামেলি মেমচা’ব” খ্যাত জৰ্জ বেকাৰ আৰু বিনীতা বৰগোহাঁয়ে উন্মোচন কৰিছিল ১ ডিচেম্বৰ ২০১৯-ত।
স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে ১৫ চেপ্টেম্বৰ ২০২২ ত নতুন দিল্লীত উন্মোচন কৰিছিল “Bhupen Hazarika: Volume II” আৰু ৮ চেপ্টেম্বৰ ২০২৩-ত অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত উন্মোচন কৰিছিল এই প্ৰকল্পৰ তৃতীয় খন গ্ৰন্থ।
৮ চেপ্টেম্বৰত আকৌ কলকাতাত “ভূপেন হাজৰিকা: বিশ্বসংস্কৃতিৰ কণ্ঠস্বৰ”ৰ লগতে ভালেমান অসম কেন্দ্ৰিক গ্ৰন্থ লিখা বঙ্গৰ সাহিত্যিক, কলকাতাৰ চেন্ট প’ল কলেজৰ এছোচিয়েট প্ৰফেছাৰ ড° শেখ মকবুল ইছলামে উন্মোচন কৰিছিল প্ৰকল্পৰ চতুৰ্থ খন গ্ৰন্থ– “Bhupen Hazarika: Volume-IV”।
উল্লেখ্য যে এই প্ৰকল্পৰ আৰু দুখন গ্ৰন্থ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ এই শুভ ক্ষণতে প্ৰকাশ পাব– ইংৰাজী আৰু অসমীয়া ভাষাত।

Utpal Mena

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.