Rupaliparda.com
সুহাসিনী মূলে

“অপৰূপা” সুহাসিনী মূলে আহিছিল –উৎপল মেনা

সুহাসিনী মূলে

জাহ্নু বৰুৱাৰ প্ৰথম স্বাধীন পৰিচালনা “অপৰূপা”। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমৰ প্ৰযোজনা। প্ৰস্তুতি ঠিক সময়ত ঠিকেই চলিছিল। মূল নায়িকাৰ চৰিত্ৰটোত কোনে অভিনয় কৰিব সেয়াও ঠিক হৈছিল। “চৰকাৰী টকা” সহজতে পৰিচালকৰ বা চিনেমা খনৰ নিৰ্দিষ্ট ব্যক্তি গৰাকীৰ হাতলৈ নাহে হে নাহে! অপেক্ষাৰ অন্তত আহিল। কিন্তু নিৰ্দিষ্ট নঅভিনেত্ৰী গৰাকীয়ে অভিনয় নকৰো বুলিলে এৰিব নোৱাৰা ব্যক্তিগত অসুবিধাৰ বাবে। সমস্যাত পৰিল জাহ্নু বৰুৱা! চিনেমা খনৰ লেখক-পৰিচালক গৰাকীৰ এনে এগৰাকী “নায়িকা”ৰ প্ৰয়োজন হ’ল, যি গৰাকীয়ে নিৰ্দিষ্ট চৰিত্ৰটোৰ গভীৰতা বুজি পায় আৰু অপৰিচিত অথচ শক্তিশালী মুখৰ! বহু চিন্তাৰ অন্তত পৰিচালক গৰাকীৰ মনলৈ আহিল “ভুবন শোম”ৰ গৌৰী! ১৯৬৯ চনত মৃণাল সেনৰ বিখ্যাত হিন্দী চিনেমা “ভুবন শোম”ৰ গৌৰী। চিনেমাখনত সহজাত আৰু সৰল অভিনয়ে চিত্ৰৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “গৌৰী”য়ে। হয়তো জাহ্নু বৰুৱাকো! অভিনেত্ৰী গৰাকীৰ নাম– সুহাসিনী মূলে।

সুহাসিনী মূলে
“স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছতে মই মোৰ প্ৰথম খন চিনেমাত অভিনয় কৰিছিলোঁ। সেই সময়ত মোৰ বয়স আছিল ১৭ বছৰ। মোৰ যেতিয়া ৫ বছৰ বয়স, তেতিয়াই পিতৃক হেৰুৱাইছিলোঁ । আমাৰ ঘৰত তিনিজনী ছোৱালী আছিল আৰু মা আছিল। ঘৰখনত আটাইকেইজনী মহিলা হোৱাৰ বাবে এইটো কাম ল’ৰাৰ বা এই কামটো ছোৱালীৰ সেই পাৰ্থক্যটো মই বুজি পোৱা নাছিলোঁ। এনেকুৱা এটা পৰিৱেশৰ পৰা মই আহি চিনেমাৰ জগত খন পাইছিলোঁ। মোৰ মা চিনেমাৰ সমাজ খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তথাপি “ভুবন শোম”ত অভিনয় কৰাৰ পাছত মোক মায়ে কৈছিল– পঢ়াটো প্ৰথম। সেইবাবে মই অভিনয় এৰি কানাডালৈ অধ্যয়ন কৰিবলৈ গৈছিলোঁ। কানাডাৰ মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত ভূমি ৰসায়ন আৰু অণুজীৱবিজ্ঞানত কৃষি প্ৰযুক্তিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিলোঁ।

সুহাসিনী মূলে
কৃষি প্ৰযুক্তিত এইবাবে মই নামভৰ্তি কাৰণ আছিল– তাৰ পৰা উভতি আহি যাতে মই ভাৰতৰ বাবে কিবা এটা কৰিব পাৰোঁ! কিন্তু তাৰে প্ৰযুক্তি বিদ্যা ইমানেই উন্নত যে ইয়াৰ লগত তাৰ কোনো পদ্ধতিসমূহ নিমিলে।…”
–সেই একেখন বিশ্ববিদ্যালয়ৰ পৰাই চিনেমা, ৰেডিঅ’, টিভি, সাংবাদিকতা আৰু ছপা মাধ্যমক প্ৰধান বিষয় হিচাপে গণসংযোগৰ ডিগ্ৰীও লাভ কৰে।
১৯৭৫ চনত সুহাসিনী ভাৰতলৈ উভতি আহিল। আহি অভিনয়ৰ পৰিৱৰ্তে কেমেৰাৰ পাছত মন দিলে। সত্যজিত ৰায়ৰ সহায়ক হিচাপে কাম কৰে “জন অৰণ্যত”ত। মৃণাল সেনৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে “মৃগয়া”ত। তাৰ পাছত?

সুহাসিনী মূলে
“সেই সময়ত জাহ্নুৱে সহযোগী পৰিচালক হিচাপে কাম কৰি আছিল। মুম্বাইত। পেয়িং গেষ্ট হিচাপে এটা ঘৰত আছিল। আৰু সেই ঘৰতে গুলগুচন নামৰ আৰু এজন অভিনেতা আছিল। মই গুলগুচনক জানিছিলোঁ। গুলওচনে মোক জাহ্নুৰ কথা কৈছিল। চিনাকি হৈছলোঁ। ‘অপৰূপা’ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ প্ৰযোজনা। আমি সকলোৱে জানো যে চৰকাৰী কামত অকণমান সময় লাগে, একেলগে পইচা নাহে। যেতিয়ালৈ পইচা আহিছিল তেতিয়ালৈ চিনেমা খনৰ অভিনেত্ৰীগৰাকী গৰ্ভৱতী। সেই সময়ত জাহ্নুক কোনোবাই মোৰ নামটো ক’লে। তেনেদৰেই…” –সুহাসিনী মূলেই কৈছিল। যোৱা ১০-১১ জানুৱাৰীত অভিনেত্ৰী গৰাকীয়ে শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০২৫-ত অংশ লৈছিল। ভাষণ দিছিল, মত-বিনিময় কৰিছিল।
“অপৰূপা”ত বিজু ফুকন আৰু সুশীল গোস্বামীৰ বিপৰীতে অভিনয় কৰিছিল।

সুহাসিনী মূলে
“অপৰূপা এগৰাকী শিক্ষিত যুৱতী। উচ্চ শিক্ষা আধাতে সামৰি দেউতাকৰ ধাৰ পৰিশোধ কৰাৰ বাবে অনিচ্ছা স্বত্বেও এজন ধনী চাহ বাগিচাৰ মেনেজাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। (দেউতাকে চাহ খেতিয়কজনৰ পৰা লোৱা বিশাল ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতহে তাইৰ এই বিয়া হৈছিল, বিয়াৰ পাছতহে জানিছিল। তাইৰ অনুভৱ হৈছিল তাই দেউতাকৰ দ্বাৰা স্বামীৰ হাতত যেন বিক্ৰী হৈছিল!) অপৰূপাৰ মানসিক দ্বন্দ্ব আৰম্ভ হয়, নিজকে এজনী কাৰাবন্দীৰ দৰে অনুভৱ কৰে। স্বামীৰ পৰা অবহেলিত অপৰূপাই বাগিচাৰ বিলাসিতা আৰু সামাজিক নিয়ম-নীতিৰ মাজত নিজকে মিলাব পৰা নাছিল।
জীৱনৰ বিৰক্তিকৰ, একঘেয়েমিতাৰ মাজত বাস কৰি থকা সময়তে লগ পালে পুৰণি সহপাঠি ৰাণাক (অভিনয়ত: বিজু ফুকন) অপৰূপাই ৰাণাৰ মাজত জীৱনৰ সৰ্থকতা বিচাৰি পায়।”

সুহাসিনী মূলে
সন্দেহ নৰখাকৈ ক’ব পাৰি– চৰিত্ৰটো নিৰ্মাণত ১০০% নহলেও ৯৯% শতাংশয়ে জাহ্নু বৰুৱাক সহায় কৰিছিল সুহাসিনী মুলেয়ে।
“অপৰূপা” (১৯৮২) -ৰ পাছত সুহাসিনী মূলেয়ে অভিনয় কৰিছে গুলজাৰৰ পৰিচালিত “হু তু তু” (১৯৯৯), আাশুতোষ গোৱাৰিকাৰ পৰিচালিত “লগান” (২০০১), ফাৰহান আখটাৰ পৰিচালিত “দিল চাহতা হ্যায়” (২০০১), সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত “যোধা আকবৰ” (২০০৮), মধুৰ ভাণ্ডাৰ কাৰ পৰিচালিত “পেজ-৩” (২০০৫), মোহিত সুৰিৰ পৰিচালনা “হামাৰী আধুৰী কাহানী” (২০১৫), মহেঞ্জো দাৰো (২০১৬), আশুতোষ গোৱাৰিকাৰ পৰিচালিত “পানীপথ’ (২০১৯) আদিত। “হু তু তু”ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল পাঁচটাকৈ।

সুহাসিনী মূলে
আন চাৰিটা– শ্ৰেষ্ঠ তথ্যচিত্ৰৰ শিতানত (১৯৮৩/ তথ্যচিত্ৰ: এন ইণ্ডিয়ান ষ্টোৰী), শ্ৰেষ্ঠ তথ্যচিত্ৰৰ শিতানত (১৯৮৮/ তথ্যচিত্ৰ: ভোপাল বিয়ণ্ড জেনোচাইড), শ্ৰেষ্ঠ শৈক্ষিক/প্ৰেৰণামূলক/নিৰ্দেশনামূলক শিতানত (১৯৮৯/নন-ফিচাৰ/চিটঠি),
শ্ৰেষ্ঠ কলা/সাংস্কৃতিক শিতানত (১৯৯৮/ নন-ফিচাৰ/দ্য অফিচিয়েল আৰ্ট ফৰ্ম)।
এটা দিশ স্পষ্ট– কেমেৰাৰ পাছতহে চিনে-কৰ্ম কৰি বেছি সন্তুষ্টি অনুভৱ কৰে সুহাসিনী মূলেয়ে। অসমীয়া, হিন্দী আৰু মাৰাঠী চিনেমাৰ এগৰাকী অভিনেত্ৰী গৰাকীয়ে কয়– “মই যে চিনেমাত অভিনয় কৰিম কোনে কালে ভৱা নাছিলোঁ। চিনেমাৰ কাম যে কৰিম, সেয়া কিন্তু ভাৱিছিলোঁ।”
অভিনেত্ৰী গৰাকীয়ে প্ৰেম ৰতন ধন পায়ো, ধামাল, মিথ্য, দ্য ফেম গেম (ৱেব চিৰিজ) আদিতো অভিনয় কৰিছে।

Staff Reporter

Add comment

Leave a Reply

Most popular

Recent posts