“গমন” –চন্দ্ৰ মুদৈৰ পৰিচালনা। শ্মশানত খৰি ইত্যাদি যোগান ধৰা এটা “চৰিত্ৰ” আৰু “চৰিত্ৰ”টোৰ পৰিয়াল ৰূপালী গল্পটোৰ মূল বিন্দু। কাহিনীয়ে কেইমিনিট মান সময় গতি কৰাৰ পাছতে দৰ্শকে জানিব পাৰে চিনেমা খনৰ বিষয় বস্তু খৰিৰে জ্বলোৱা চিতা বনাম কাৰেণ্টত জ্বলোৱা চিতাৰ সংঘাত। পৰম্পৰা আৰু বিজ্ঞানৰ সংঘাত। কাহিনী আৰু কিছু আগবাঢ়ে। “বিষয় বস্তু”হৈ কাহিনীলৈ ড্ৰাগছ আহে, গার্হস্থ্য হিংসা আহে। আগবাঢ়ে এখন ঘৰক কেন্দ্ৰ কৰি দুটা “বিষয় বস্তু”ক লৈ সমান্তৰাল ভাৱে দুটা কাহিনী। পৰিচালক-চিত্ৰনাট্যকাৰ চন্দ্ৰ মুদৈয়ে কাহিনী দুটা এক কৰি গুঠিবলৈ চেষ্টা কৰে মূল বিন্দুটোৰ সৈতে, গতানুগতিক শৈলীৰে।
কাহিনীৰ গতিত “বিষয়বস্তু” সংঘাত স্পষ্ট হয়, কাহিনীৰ গতিত বাধা হয়।
“ড্ৰাগছ, গার্হস্থ্য হিংসা” বিষয় বস্তুই নিস্প্ৰভ কৰে চিনেমা খনৰ নামত ইংগিত থকা বিষয় বস্তুক। এয়া পৰিচালকৰ ব্যাৰ্থতা। মানুহৰ জীৱন গতিৰ শেষ বিন্দু য’ত শেষ হয় (জীৱনৰ পৰা প্রস্থান), সেয়া যদি বিষয় বস্তু বুলি ধৰা হয়, তেনেহ’লে ক’ব লাগিব– বিষয় বস্তুৰ গভীৰতা নাপালে পৰিচালকৰ চিনে-চিন্তাৰ লগতে সাহিত্য-কেমেৰাৰ ভাষাই। আৰু যদি ভৱা হয় চিনেমা খনৰ বিষয় বস্তু সম্ভোগ বা গতি, তেতিয়াও ক’ব লাগিব– ব্যৰ্থ।
–চিনেমা খনৰ প্ৰথম দুৰ্বলতা অভিনয়। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ। খনিকৰৰ অভিনয় ক্ষমতা নথকা নহয়। “কুহিপাঠ–মানুহ হোৱাৰ প্ৰথম খোজ” আৰু “বোৰ্খা” নামৰ চিনেমা দুখনত অভিনেতা গৰাকীয়ে ন্যায় কৰা দুটা চৰিত্ৰ অনুভৱ কৰিছোঁ। উল্লেখ কৰা চিনেমা দুখনৰ দৰে “গমন”ত “চৰিত্ৰ” অনুভৱ কৰিব নোৱাৰিলে বা অভিনেতা গৰাকীক লৈ চৰিত্ৰ নিৰ্মাণত ব্যৰ্থ। অবাবতে “চৰিত্ৰ”টোক দৌৰাইছে, ডাষ্টবিনত বহুৱাইছে ইত্যাদি। বিপৰীতে দিব্যজ্যোতি দাস, অমৃতা গগৈক লৈ পৰিপাটি চৰিত্ৰ নিৰ্মাণত পৰিচালক সফল। এই চৰিত্ৰ দুটাক কেন্দ্ৰ কৰি আগবঢ়া কাহিনী ভাগে হয়তো দৰ্শকক চুব! (এই চৰিত্ৰ দুটাৰ ইতিবাচক নিৰ্মাণে নিস্প্ৰভ কৰিছে যতীন খনিকৰক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো। “নায়ক”ৰ পৰা সহ-চৰিত্ৰলৈ ঠেলি দিছে যতীন খনিকৰক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোক। আমাৰ ধাৰণাত এই চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনী ৰেখা আগবঢ়ালে ৰূপালী গল্পটোৰ সৌন্দৰ্য বাঢ়িল হেতন!)
চিনেমা খনৰ কাহিনীৰ গতিত, কাহিনী কোৱাৰ শৈলীত এটা দিশ স্পষ্ট– নিৰ্মাণ পৰ্বত পৰিচালক confuse, চিনেমা খন বজাৰ কেন্দ্ৰিক চিন্তাৰে, নে চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰাৰ চিন্তাৰে আগবাঢ়িব! যাৰ ফলত চিনেমা খন কেৱল “সংখ্য”হে বঢ়ালে। –সংগীত, সংলাপকে ধৰি চিনেমা খনৰ শব্দ আন এটা নেতিবাচক দিশ।
Add comment