অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা এটি মনপৰশা অসমীয়া আধুনিক গীত “ফাগুন বলিছে”ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি কৰা হয় যোৱা ১৩ মে’ত গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা এখনি অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত৷ উন্মোচনী অনু্ঠানত উপস্থিত থাকে সংগীত পৰিচালক মানস হাজৰিকা, গায়ক চাজু, সম্পাদক আৰু গীতিটিৰ ভিডিঅ’ পৰিচালক তিৰাপ সীমান্ত মেধি, গায়িকা সুৰভী সোনমনি, সাংস্কৃতিক কৰ্মী মৃদুল হাজৰিকা আদি।
ইউটিউব’ত মুক্তিৰ পিছতেই দৰ্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা “এটি এটি কথা”ৰ পিছত এই বেলি গহপুৰৰ প্ৰতিভা সম্পন্ন কণ্ঠশিল্পী সুৰভী সোনমনি হাজৰিকাই “ফাগুন বলিছে” নামৰ নতুন ৰোমান্টিক গীতটিত কণ্ঠ নিগৰাইছে প্ৰতিভাশালী কণ্ঠশিল্পী ৰূপম ভূঞাৰ সৈতে। ৰূপম ভূঞা অসমীয়া সংগীত ক্ষেত্ৰখনৰ এটা জনপ্ৰিয় নাম।
ফাগুনক লৈ আজিকোপতি সৃষ্টি হৈছে বহু গীতৰ। ফাগুন মানেই যেন আকাশে-বতাহে সৰাপাতৰ মৃদু গুঞ্জন। ফাগুনৰ বতাহজাকেই অশান্ত৷ সেইজাক বতাহেই লৈ আহে প্ৰেমময় বাৰ্তা। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱাবোৰ।
ফাগুন বুলিলেই যে হৃদয়বোৰত অহৰহ বাজে প্ৰেমৰ গান, নাচি উঠে মন, চঞ্চল হৈ পৰে হৃদয়। ঠিক এনে এক শ্বাশ্বত প্ৰেমৰ অনুভূতিয়েই গীতটিত প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।
প্ৰিয়জনৰ সৈতে ভগাই লোৱা এটা আবেলিত শুনিবলৈ গীতটিক মুকলি কৰি দিয়া হৈছে এছ এছ প্ৰডাকচনৰ দ্বাৰা ইউটিউব চেনেলত। হিয়া জুৰ পেলোৱা নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী “ফাগুন বলিছে” গীতটি কথা আৰু সুৰেৰে সজাইছে সুৰভী সোনমনিয়ে। কণ্ঠশিল্পী হোৱাৰ সামান্তৰালকৈ গীতিকাৰ আৰু সুৰকাৰ হিচাপেও সুৰভী সোনমনি সু-পৰিচিত। গীতটিত ৰূপম ভূঞা আৰু সুৰভী সোনমনিৰ গায়কীয়ে ইজনে সিজনক নিখুঁতভাৱে পৰিপূৰক কৰি তুলিবলৈ সক্ষম হৈছে৷ সাৱলীল শব্দৰে ভৰা গীতটিৰ অনুভূতি আৰু প্ৰকাশক জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈৰ সাৱলীল সংগীত পৰিচালনাই অধিক শ্ৰুতিমধুৰ কৰি তুলিছে। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰিছে অম্লান জ্যোতি ৰাজখোৱাই। আনহাতে, গীতটিত সুন্দৰ অভিনয়ৰ সৈতে আৰু অধিক সুন্দৰ কৰি তুলিছে অমিত কুমাৰ বৰা আৰু প্ৰীয়ম পল্লবীয়ে। গীতটিৰ মিক্সিং আৰু মাষ্টাৰিং’ৰ কাম কৰে মানশ হাজৰিকা (ষ্টুডিঅ’ লহৰ) আৰু পিংকু দাসে (@Red AV Studio)।
Add comment