প্ৰদান কৰা হয় “আৰ কে ইউনিভাৰ্ছ”ৰ তৃতীয় নিপন গোস্বামী বঁটা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত। ২০২৪ বৰ্ষত চিত্ৰগৃহত মুক্তি পোৱা ২৪ খন অসমীয়া চিনেমাৰ পৰা “শ্ৰেষ্ঠ” নিৰ্বাচন কৰি মুঠ ২২ টা শিতানত এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰাৰ লগতে কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য আৰু অভিনেতা তৌফিক ৰহমানলৈ আগবঢ়াই “নিপন গোস্বামী জীৱনযোৰা সাধনা বঁটা-২০২৪”। আৰু জাৰিৰ হুছেইন (সংবাদ ক্ষেত্ৰ), ৰঞ্জু হাজৰিকা (সাহিত্য ক্ষেত্ৰ), এলভিছ আলী হাজৰিকালৈ (ক্ৰীড়া ক্ষেত্ৰ) “নিপন গোস্বামী বিশেষ অৰিহনা বঁটা-২০২৪”।
–ভিন্ন শিতানত বঁটা লাভ কৰে:
উৎকৃষ্ট মানৰ জনপ্ৰিয় চিনেমা: বিদুৰভাই
উৎকৃষ্ট পৰিচালনা: ৰাজেশ ভূঞা (চিনেমা: স্বৰ্গৰথ)
মুখ্য অভিনেত্ৰী, উৎকৃষ্ট অভিনয়: শৰ্মিষ্ঠা চক্ৰৱৰ্তী (চিনেমা: জিয়া)
মুখ্য অভিনেতা, উৎকৃষ্ট অভিনয়: কৌশিক নাথ (চিনেমা: এটা নিৰ্জন দুপৰীয়া)
সহযোগী অভিনেতা, উৎকৃষ্ট অভিনয়: মিন্টু বৰুৱা (চিনেমা: ভূত জলকীয়া)
সহযোগী অভিনেত্ৰী, উৎকৃষ্ট অভিনয়: চুমকি কছাৰী (চিনেমা: বিদূৰভাই) আৰু জ্বলি লস্কৰ (চিনেমা: সুন্দৰপুৰ কেঅছ)
নবাগত, উৎকৃষ্ট অভিনয়: পার্থপ্ৰতিম হাজৰিকা (চিনেমা: সুন্দৰপুৰ কেঅছ)
নবাগতা, উৎকৃষ্ট অভিনয়: পাৰভি বৰুৱা ( চিনেমা: এটা নিৰ্জন দুপৰীয়া)
খলনায়ক, উৎকৃষ্ট অভিনয়: অসীম কুমাৰ শৰ্মা (বিদূৰভাই)
উৎকৃষ্ট দৃশ্যগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস (চিনেমা: সুন্দৰপুৰ কেঅছ)
উৎকৃষ্ট সংগীত পৰিচালনা: প্ৰণয় দত্ত (চিনেমা: বিদুৰভাই)
বিশেষ উল্লেখনীয় অভিনয়: ধ্যানী মোহন (চিনেমা: চিকাৰ)
কৌতুক অভিনেতা, উৎকৃষ্ট অভিনয়: বিভাস সিনহা
(চিনেমা: লোকেল কুংফু ৩)
শিশু অভিনেতা, উৎকৃষ্ট অভিনয়: এলিচ শেখ (চিনেমা: স্বৰ্গৰথ)
উৎকৃষ্ট সাজসজ্জা: ৰাণী দত্ত বৰুৱা (চিনেমা: সুন্দৰপুৰ কেঅছ)
উৎকৃষ্ট প্ৰযোজনা অলংকৰণ: ভাস্কৰ জ্যোতি দাস, জিতু তপন (চিনেমা: পিশাচ)
উৎকৃষ্ট পাৰ্শ্ব গায়কী: অকাশদ্বীপ বাৰুটি (চিনেমা: ভূত জলকীয়া), গায়ত্ৰী হাজৰিকা (চিনেমা: ৱাইদ এংগেল)
নবাগত, উৎকৃষ্ট পৰিচালনা: চিন্ময় শৰ্মা (চিনেমা: ভূত জলকীয়া)
উৎকৃষ্ট চিনেমা, সমালোচকৰ বিশেষ বঁটা: ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণ. প্ৰযোজক: স্বৰ্গৰথ)
বিশেষ উল্লেখনীয় পৰিচালক: পাৰভেজ আহমেদ (চিনেমা: ছবি: ইতি তোমাৰ)
Add comment