Rupaliparda.com
শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 1

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ

“হিয়া ভৰা শুভ কামনাৰে” শীৰ্ষক এই অনুষ্ঠানতে অসমৰ বাদ্য-সংগীত আৰু শব্দ বাণীবন্ধন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা চাৰিগৰাকী ব্যক্তিক প্ৰদান কৰা হয় ভূপেন উজীৰ সোঁৱৰণী শিল্প‌ সাধনা বঁটা

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 2

এটি এক মনোৰম সন্ধ্যা, য’ত সুমধুৰ সংগীতৰ সুৰত শিল্পী, অনুৰাগী আৰু কলা-কুশলীৰ আবেগ আৰু অনুভূতি একত্ৰিত হয়। প্ৰখ্যাত সংগীত পৰিচালক তথা বিশিষ্ট শব্দ বাণীবন্ধনকাৰী প্ৰয়াত ভূপেন উজীৰৰ ৭২ সংখ্যক ওপজা দিন উপলক্ষে অলপতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক জগতৰ বহু সংখ্যক গণ্যমাণ্য ব্যক্তিৰ উপস্থিতিত ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত এখনি উচ্চ মানদণ্ডৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 3

অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি তোলাত ভূপেন উজীৰৰ অৱদান অতুলনীয়৷ তেওঁৰ অমৰ সৃষ্টিৰাজিয়ে আজিও অসমীয়া সংগীত জগতখনক টনকিয়াল কৰি ৰখাৰ লগতে শ্ৰোতাৰ মনত, হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি আছে। “হিয়া ভৰা শুভ কামনাৰে” শীৰ্ষক এই গাম্ভীর্যপূৰ্ণ অনুষ্ঠানতে অসমৰ বাদ্য-সংগীত আৰু শব্দ বাণীবন্ধন ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিক ভূপেন উজীৰ সোঁৱৰণী শিল্প‌ সাধনা বঁটা প্ৰদান কৰা হয়। বঁটা আগবঢ়োৱা বিশিষ্ট শিল্পী সকল হ’ল ক্ৰমে গীটাৰ বাদক সৌৰভ দাস, বেহেলা আৰু গীটাৰ বাদক দিলীপ ৰাচাইলী, ছেক্সাফ’ন বাদক পীতাম্বৰ তামুলী‌ আৰু ৰেকৰ্ডিষ্ট সতীশ চৌহান।

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 4

উল্লেখযোগ্য যে বিশিষ্ট সংগীত শিল্পীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ সুন্দৰ চিৰসেউজ কেইটিমান নিৰ্বাচিত গীত পৰিৱেশনৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল উক্ত অনুষ্ঠানতে ঘোষণা কৰি পুৰষ্কাৰ প্ৰদান কৰা হয়।

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 5

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 6

দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ ‘ক’ শাখাত (১৪ বছৰৰ অনুৰ্ধৰ) প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জিজ্ঞাসা কাশ্যপে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে প্ৰজ্ঞা কোঁৱৰে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে শ্ৰুতি মাধুৰ্যয়ে। ‘খ’ শাখাত (১৪ বছৰৰ উৰ্ধৰ) প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃত্বীয় পুৰস্কাৰ বিজেতা সকল হ’ল ক্ৰমে তানিশা শইকীয়া, ৰতন কোঁৱৰ আৰু জোনাক নিবিৰ কাশ্যপ৷ বিজয়ী প্ৰতিযোগীসকলক ট্ৰফীৰ লগতে নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হয়৷

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 7

উল্লেখ্য, ননী দেৱী, ৰমেন চৌধুৰী, সমৰ হাজৰিকা, অনুপম চৌধুৰী, মণীষা হাজৰিকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত ভূপেন উজীৰৰ শৈশৱৰ সহপাঠী তথা ঘনিষ্ঠ বন্ধু বিজয় বৰদলৈ, বিজয় দাস, প্ৰকাশ বৰুৱা, প্ৰতাপ গোস্বামীৰ লগতে বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লা, জনপ্ৰিয় গায়িকা সন্ধ্যা মেনন, বিশিষ্ট শিল্পী মণীষা হাজৰিকা, বিশিষ্ট গায়ক পুলক বেনাৰ্জী, জনপ্ৰিয় কণ্ঠশিল্পী মালবিকা বৰা, জনপ্ৰিয় শিল্পী দিগন্ত ভাৰতী, অভিনেতা প্ৰাঞ্জল শইকীয়া, কপিল বৰাকে প্ৰমুখ্যে কৰি স্থানীয় বহুকেইগৰাকী গণ্য মান্য ব্যক্তি আৰু সংগীত প্ৰেমী সকলো উপস্থিত থাকে।

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 8

অনুষ্ঠানত শ্বাস্বতী ফুকন, কুইন হাজৰিকা, মৌচুমী চহৰীয়া,  প্ৰণামিকা গোস্বামী, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, সংস্কৃতা মালাকাৰ, সত্যসন্ধ্যা হাজৰিকা, প্ৰীতিস্মিতা খানুজা, কীৰ্তিকা উজীৰ, বিদ্যাসাগৰ, চন্দন দাস, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা, পদ্মনাভ বৰদলৈ, নীলোৎপল গায়ন আৰু শৰৎ ৰাগ আদি কণ্ঠশিল্পীয়ে ভূপেন উজীৰৰ বিভিন্ন বাচকবনীয়া গীত পৰিৱেশনেৰে সকলোকে মন্ত্রমুগ্ধ কৰে।

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 9

এই অনুষ্ঠানতে বিশিষ্ট শিল্পী শান্তা উজিৰৰ কণ্ঠৰে, মঞ্জুলা হাজৰিকাৰ কথাৰে আৰু সৌৰভ মহন্তৰ সুৰ আৰু সংগীতেৰে “স্মৃতিৰ আৱেশ” নামৰ এটি সুন্দৰ নতুন গীতৰ উন্মোচন কৰা হয় যিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ দুগুনে বৃদ্ধি কৰে।

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ আটকধুনীয়া সংগীতানুষ্ঠান —ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 10

আনহাতে, গীত মাতৰ বৰ্ণিল অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে জয়ন্ত গগৈ, ডা° মৃণাল দাস, তপন দাস, দীপ ৰাজবংশী আদি কেইগৰাকীমান জ্যেষ্ঠ বাদ্য শিল্পীয়ে আগবঢ়োৱা বিশেষ সংগীত সমলয়।

Staff Reporter

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform