“গোলাই চোৰ” চিনেমা খনৰ নাম।
লেখক-পৰিচালকৰ চিনে-চিন্তাই আমাক আকৰ্ষণ কৰিলে।
প্ৰথম কথা– “গোলাই চোৰ” অসমীয়া ভাষাৰ “বলিউডী, তামিল-তেলেগু” চিনেমা নহয়, অসমীয়া চিনেমা। চোৰৰ কাহিনী, “চুৰি কলা”ৰ ৰূপালী গল্প। “চুৰি কলা” আৰু কলা বিদ্যাৰে নিৰ্মাণ কৰিছে ৰূপালী গল্পটোৰ এটা বিন্দু, ৰেখালৈ ৰূপান্তৰ কৰি শেষ বিন্দুত শেষ কৰিছে গল্পটো। বিন্দুটোৰ নাম– গোলাপী। হিমাংশু গগৈক লৈ নিৰ্মাণ কৰা এই চৰিত্ৰটো চিনেমা খনৰ প্ৰধান সৌন্দৰ্য। কাহিনীৰ গতিত চোৰক শিক্ষা দিয়া বিদ্যালয় (টোল) নিৰ্মাণ হয়, এক গোট হোৱা বিশেষ চুৰি বিদ্যাত পকৈত চোৰ কেইজন মানক “চুৰি কলা”ৰ শিক্ষা দিয়ে এজন গভাইত চোৰে। চোৰৰ মাজত এজন ডকাইতো থাকে। –এই “বিদ্যালয়”ৰে এজন ছাত্ৰ গোলাপী। চুৰি-চিন্তাত পাকৈত গোলাপী ভাল কলাকাৰো।
ভাওনাত অভিনয় কৰে। কাহিনীৰ শেষ বিন্দুত– “চোৰ বনাম কলা” সংঘাট নিৰ্মাণ কৰে, “চোৰ”ক “নায়ক” নিৰ্মাণৰ চেষ্টা কৰে। খলনায়ক ৰূপালী গল্পটোৰ পুলিচ বিষয়া এগৰাকী (চৰিত্ৰটো নিৰ্মাণ কৰিছে কেনী বসুমতাৰীক লৈ। চোৰে চুৰ কৰিছে। প্ৰমাণ নাই বাবেই পুলিছ বিষয়া গৰাকী খননায়ক! আমি এনেদৰেই বুজিছো। এনে দৰে ভৱাৰো বাট আছে–, গোলাপী চৰিত্ৰটো anti hero -ৰ!)।
পৰিচালকে “চোৰ”ক নায়ক নিৰ্মাণৰ চেষ্টা কৰিছে এনেধৰণৰ সংলাপ বৱহাৰ কৰি (হিমাংশু প্ৰসাদ দাসক লৈ নিৰ্মাণ কৰা ডকাইত চৰিত্ৰটোৰ মুখত)– “চোৰৰ ঘৰতহে চুৰ কৰে গোলাই চোৰে। জোলোৱা কিমান ডাঙৰ, সেইটো চাই গোলাই চোৰে চোৰ নকৰে। জোলোৱাৰ মালিক কোন, সেইটো চাইহে তেওঁ চলাই চাফাই অভিযান।…”
উল্লেখ কৰা চৰিত্ৰ দুটাৰ লগতে প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। বিন্যাস, সংলপ প্ৰয়োগ, অভিনয়, কাহিনীৰ গতিত চৰিত্ৰ গুঠা– প্ৰতিটো দিশ।
কাহিনী আৰম্ভ হয় দিগা চোৰৰ পৰা। ব্ৰিটিছ ট্ৰেজাৰিত সোমাই চৌৰ্য্যকলাৰ ঊৎকৃষ্টতম প্ৰদৰ্শন কৰা, কৰি পুৰস্কাৰ পোৱা দিগা চোৰৰ পৰা। ইংৰাজ পুলিছ বিষয়াৰ মুখত সংলাপ– “দিগা চোৰ, ইউ আৰ অ লিজেণ্ড!” দিগা কিন্তু ৰূপালী গল্পটোৰ মূল বিন্দু নহয়, ইতিমধ্যে উল্লেখ কৰি অহা গোলাপীহে।
ৰূপালী গল্পটো চোৰৰ চুৰি বিদ্যাতে শেষ নহয়! অসমৰ লোক সংগীত, মুখা শিল্প, ভাওনা পৰিপাটিকৈ ব্যৱহাৰ কৰিছে কাহিনীৰ গতিত। “চোৰ গোলাপী”ৰ বিপৰীতে “শিল্পী গোলাপী” নিৰ্মাণ কৰিছে, গোলাপীৰ প্ৰেম কাহিনী নিৰ্মাণ কৰিছে– এই নিৰ্মাণ পৰ্বও পৰিপাটি, মসৃণ। কিন্তু মসৃণ নহয়, কাহিনীৰ গতি। আমাৰ ধাৰণাত–এনিমেচন প্ৰয়োগৰ ছিকুৱেন্স কেইটা কাহিনীৰ গতিত “সমস্যা” হৈছে। মন্থৰ গতিৰ (সাহিত্যৰ ভাষাৰে “গল্প”ক গতি দিবলৈ চেষ্টা কৰিছে যদিও) চিনেমা খনৰ গতি আৰু মন্থৰ কৰিছে। আৰু এটা নেতিবাচক দিশ– চিনেমা খনৰ লেখকে “গল্প” নিৰ্বাচন আৰু নিৰ্মাণত আৰু পৰিশ্ৰম কৰিব লাগিছিল।
–চিনেমা খনৰ সৌন্দৰ্য বঢ়োৱা আৰু দুটা দিশ হ’ল পৰিবেশ নিৰ্মাণ আৰু সংগীত প্ৰয়োগ। ১৯৪৫ চনৰ পৰা ১৯৮৩ লৈ কাহিনীৰ গতি। স্বাধীনোত্তৰ অসমখনৰ গাওঁ খনৰ পৰিবেশ, জীৱনশৈলীক কেমেৰাৰৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে পৰিচালক পৰ্দালৈ আনিছে। এই ইতিবাচক চিনে কৰ্মৰ বাবে পৰিচালকৰ লগতে স্বাভাৱিকতে প্ৰশংসা কৰিম চিত্ৰগ্ৰহণকাৰী আৰু কলা নিৰ্দেশকক। অমৃত প্ৰীতমৰ চাউণ্ড ডিজাইন ৰূপালী গল্পটোৰ আন এক সৌন্দৰ্য।
Add comment