কাহিনী ৰেখা:
দুৰ্গাৰ একমাত্ৰ সন্তান অনুজ বেয়া ল’ৰা নহয়! ছবি আঁকে। ছবি অঁকা টকাৰে মাকৰ সৈতে জীৱন বাটত আগবাঢ়ি যোৱাৰ ইচ্ছা। অনুজে মাকক কয়– আনৰ ঘৰত আৰু কাম কৰিব নালাগে, ছবি আঁকি কৰা উপাৰ্জনেৰে মাকৰ সৈতে দুসাজ সি ভালদৰে খাব পাৰিব! অনুজৰ দেউতাক নাই, মদ খোৱা বদ অভ্যাসত মৃত্যু হৈছে। ওচৰতে, একেখন চোতালতে খুড়াকৰ ঘৰ। ৰাতি তেতুলৈকে মদ পি আহি বিশৃংখল পৰিবেশ কৰে। পৰ্দাত দেখাত যায় খুড়িয়েকক গালি পাৰি, চিঞৰ বাখৰ কৰা খুড়াকক পছন্দ নকৰে অনুজে। খং কৰে। কিন্তু গল্প কিছু আগবঢ়াৰ পাছতে দেখা যায় “সংগ দোষ”ত স্থানীয় মদ পিবলৈ আৰম্ভ কৰে অনুজে। মদ এৰি এখন্তেকো থাকিব নোৱাৰা হয়! মৃত্যুৰ বাটত খোজ দিয়ে অনুজে। সৎ ব্যক্তি গাঁওবুঢ়াৰ (অভিনয়ত: জয়ন্ত দাস) সহায়ত দুৰ্গাই পুতেকক নিচামুক্তি কেন্দ্ৰত ৰাখে যদিও পলাই আহে। কাহিনী ৰেখালৈ আহে আন এক “ঘটনা”– স্থানীয় মদৰ বিষক্ৰিয়াত কেইবাজনো লোকৰ মৃত্যু হয়। কাহিনী আগবাঢ়ে– দুৰ্গাই অন্য ৰূপ লয়, স্থানীয় মদ বেপাৰীৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰিলে। হাজাৰ হাজাৰ মহিলাৰ লগতে পুৰুষেও সমৰ্থন কৰিলে। কাহিনীৰ শেষ বিন্দুত– ৰাজনীতিৰ পাকত পৰি চৰকাৰে মদ নিষিদ্ধ কৰিলে। অনুজে আকৌ হাতত তুলিকা লৈ কেনভাচত ৰং বোলালে।
চিনেমা খনৰ নাম– “দুৰ্গা- দি ৱাৰিয়ৰ”। কিশোৰ তহবিলদাৰৰ পৰিচালনা।
পৰিচালনা:
চিনেমা খনত ব্যৱহাৰ কৰা কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰ ব্যৱহাৰ “গল্প” কেন্দ্ৰিক। পৰিপাটি। কিন্তু গতি ছন্দহীন, পৰিপাটি শ্বটক ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাত সফল বুলিব নোৱাৰি। পৰিচালকৰ গল্প কেন্দ্ৰিক চিন্তা (আৰু বিষয়-বস্তু) ৰূপালী গল্পটোৰ ইতিবাচক দিশ। পৰিচালকে (আৰু সম্পাদকে) গল্পটোৰ গতিত আৰু কিছু পৰিশ্ৰম কৰিলে হয়তো মুকলি মনেৰে প্ৰসংশা কৰাৰ বাট পালো হেতেন! মূল বিষয়-বস্তুৰ লগতে পৰিচালকে মানৱ অধিকাৰ, নিচামুক্তি কেন্দ্ৰ ইত্যাদি চুই গৈছে অতি কম ফুটেজ খৰচ কৰি। চুই গৈছে “মোবাইল ফোবিয়া” ইত্যাদি। এই যে চুই গৈছে, চুই যাওঁতে কাহিনীৰ গতিয়ে বাধা পাইছে। –হয়, কাহিনীৰ শেষ বিন্দুত “মোবাইল ফোনৰ প্ৰয়োগ” ব্যৱহাৰ হৈছে; (এজন যুৱকে “ভাইৰেল হ’ব” বুলি স্থানীয় মদ বেপাৰী এজনে দূৰ্গাক মাৰ ধৰ কৰাৰ ভিডিঅ’ এটা সামাজিক মাধ্যমত আপলোড কৰিলে। সফল হ’ল। আৰু দূৰ্গাই মদৰ বিৰূদ্ধে প্ৰতিবাদ আগবঢ়াই নিয়াৰ বাট পালে।) কিন্তু “মোবাইল ফোবিয়া” স্পষ্ট কৰাৰ বাবে অযথা ফুটেজ খৰচ কৰাৰ প্ৰয়োজন নাছিল।
গল্পৰ গতিত কেমেৰাৰ ভাষাৰে গাঁৱৰ পৰিবেশ নিৰ্মাণ কৰা, সাহিত্য-কেমেৰাৰ ভাষাৰে চুলাই মদৰ ভাটি আদিৰ ছিকুৱেন্স বাস্তৱৰ ওচৰলৈ নিয়া– পৰিচালকৰ ইতিবাচক কাম। আন এক ইতিবাচক কাম– সংলাপ ব্যৱহাৰত লেখক-পৰিচাক সংযত। চিনেমা খনৰ পৰিচালক-লেখক তহবিলদাৰৰ প্ৰথম পৰিচয় নাট্যকৰ্মী। কিন্তু ৰূপালী গল্পটো “নাটক” মুক্ত।
সংগীত:
চিনেমা খনৰ সংগীত তৰালি শৰ্মাৰ। কাহিনীৰ গতিত লোক সংগীত-বাদ্য ব্যৱহাৰত গুৰুত্ব দিছে। পৰিবেশ নিৰ্মাণত, কাহিনীৰ গতি নিৰ্মাণত সংগীতে সহায় কৰিছে; কিন্তু ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা নাই।
অভিনয়:
পৰিচালকে প্ৰতিটো চৰিত্ৰ বাস্তৱিক অভিনয়ৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। চৰিত্ৰ নিৰ্মাণ কৰিছে দীপা দাস ,অক্ষেন্দ্র দাস, সিদ্ধার্থ শর্মা, ৰুমী ভূঞা, অমন তহবিলদাৰ, জয়ন্ত দাস, মহেন্দ্র দাস, কবিন দাস, জুৰী দেৱী, ঈশান হাজৰিকা, পাপৰি মেধি, অসীম কৃষ্ণ বৰুৱা, চৈয়দ ইচমে আলম আদিক লৈ।
শেষত:
ৰূপালী গল্পটোৰ–বাৰ্তা (message) অসমতো মদ বন্ধ কৰিব পাৰি! অসমৰ নাৰী সমাজে মদ বন্ধৰ বাট কাটিব পাৰে!
Add comment