Rupaliparda.com
এমেচাৰছ | চিনেচৰ্চা ---উৎপল মেনা 1

এমেচাৰছ | চিনেচৰ্চা —উৎপল মেনা

এমেচাৰছ | চিনেচৰ্চা ---উৎপল মেনা 2

অসমীয়া চিনেমা খনৰ নাম– “এমেছাৰছ”। বিষয়-বস্তু: চং আৰু ঢুইলা (ঢুলীয়া)-যাত্ৰাপাৰ্টীৰ সংঘাত। পৰিচালক-লেখক: ধীৰাজ কাশ্যপ। বিষয়-বস্তু কেন্দ্ৰিক চিনেমা, বিষয়-বস্তুক গতি দিছে এটা কাহিনীৰে। কাহিনীৰ মূলবিন্দু– জয়ৰাম (ভাস্কৰ মিশ্ৰ)। দক্ষিণ কামৰূপৰ এগৰাকী ঢুইলা। এটা দল আছে আছে। দলটোৰ “চং”ৰ জনপ্ৰিয়তা আছে। (পৰিচালক-লেখকে ৰূপালী গল্পটোৱে গতি কৰোৱাৰ আগতে কিশোৰ কেইগৰাকী মানক কেমেৰাৰ ফ্ৰেমত লৈ সেই সময়ত যে ঢুইলা জনপ্ৰিয় স্পষ্ট কৰিছে।) জয়ৰামৰ জীৱন যাত্ৰা আৰ্থিক সমস্যাৰ হেচাত ককবকোৱা। কৰ্মহীন, বিশেষ ৰাজনৈতিক আদৰ্শক বিশ্বাস কৰা ভাতৃ, তিনি সন্তান আৰু পত্নীক লৈ জয়ৰামৰ সংসাৰ যাত্ৰা। ঘৰত প্ৰয়োজনীয় সামগ্ৰি নাই, হাতত প্ৰয়োজন পূৰাব পৰাকৈ টকা নাই, তথাপি ঢুইলাৰ বাহিৰে আন চিন্তা কৰিবলৈ জয়ৰামৰ মগজুত ঠাই নাই। (অসম আন্দোলনৰ সময়। ১৯৭-১৯৮৫ চনৰ আন্দোলনৰ সময় চোৱাৰ কাহিনী ৰেখা। ভূগোলৰ লগতে পৰিচালকে কেইটা মান ছিকুৱেন্সত সাহিত্যৰ ভাষাক গুৰুত্ব দি ইতিহাস স্পষ্ট কৰিছে। এই খিনিতে উল্লেখ নকৰিলে ভুল হ’ব– অসম আন্দোলনৰ “পৰিবেশ” নিৰ্মাণত পৰিচালকৰ পৰিশ্ৰৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। “অসম আন্দোলন”ক ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাৰ বাট আছিল। পৰিচালকে মন নিদিলে বা প্ৰয়োজন অনুভৱ নকৰিলে। কাৰণ যিয়ে নহওঁক– এয়া চিনে ত্ৰুটি।) অসম আন্দোলনেও জয়ৰামক চুব পৰা নাই। আন্দোলনৰ মাজতে শিল্পকৰ্ম কৰি গৈছে। নিজৰ দুখৰ মাজতো “চং”-এৰে দৰ্শকক সুখ দিছে।

এমেচাৰছ | চিনেচৰ্চা ---উৎপল মেনা 3
কাহিনীৰ গতিত বাঢ়ি গৈ থাকে জয়ৰামৰ আৰ্থিক চেপা। লগতে আন এক সমস্যা– “চং”ৰ জনপ্ৰিয়তা কমি আহে। যাত্ৰা পাৰ্টিয়ে ঢুইলাৰ ঠাই অধিকাৰ কৰে। দুটা “বিনোদন সংস্কৃতি” মাজত সংঘাট হয়। জয়ৰামৰ বাবেও যাত্ৰা পাৰ্টিলৈ যোৱাৰ বাট মুকলি আছিল। জয়ৰামে আৰ্থিক সকাহ দিব পৰা সেই বাট নললে, ঢুইলা এৰিব নোৱাৰে। লগৰ সকলে এজন এজনকৈ জয়ৰামক এৰিলে (চং কৰি পেট পালব নোৱাৰি!), জয়ৰাম পুত্ৰ সন্তানৰ মৃত্যু হ’ল চিকিৎসাৰ অভাৱত, ঘৰত জুই জ্বলিল (জুই জ্বলিল হঠাতে, পৰিচালকে আগতীয়া ইংগিত নিদিলে। এয়া কাহিনী নিঃসন্দে ত্ৰুটি।)। অকলশৰীয়া হ’ল জয়ৰাম। সেই অসহায় সময়ত ভায়েক বিজয়ে (মুকুল কুমাৰ বিশ্বাস) জয়ৰামক কয়–“গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে শিল্প কেতিয়াও মৰি নাযায়।… অ কা, ঢুইলাৰ চং কায়ো মাৰবা নৰে, আৰু নতুনকে কৰবিদে তই।” (চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা– দক্ষিণ কামৰূপৰ।) কাহিনী ৰেখাৰ শেষ বিন্দুত জয়ৰামে আশা দেখে। কাহিনী ৰেখা সৰল। কাহিনীৰ সৰল ৰৈখিক গতিত বিষয়-বস্তু স্পষ্ট, পৰিচালক সফল। বিপৰীতে ৰূপালী গল্পটোত কেমেৰাৰ ভাষাক গুৰুত্ব দিয়ো “কাহিনীৰ গতি”ত সাহিত্যৰ ভাষা প্ৰয়োগৰ সময়ত চুই যোৱা “নাটকীয়তা”ক ইতিবাচক দিশ বুলিব নোৱাৰি।
ৰূপালী গল্পটোৰ গতিত অহা অসম আন্দোলন, মূল বিন্দু জয়ৰামৰ আৱেগ নিৰ্মাণত অযথা (চিনেমা খনৰ ৰূপালী সৌন্দৰ্যত বাধা হোৱা) সাহিত্যৰ ভাষা প্ৰয়োগ নকৰি চিনে-সৌন্দৰ্য (cinematic beauty) নিৰ্মাণত গুৰুত্ব নিদিয়া– আন এক নেতিবাচক দিশ।
ইতিবাচক দিশ– চৰিত্ৰ নিৰ্মাণ, কাহিনীৰ গতিত পৰিপাটিকৈ কৰা “চৰিত্ৰ প্ৰয়োগ”। — মূল কাহিনীৰ গতিত জয়ৰামৰ ডাঙৰ ছোৱালী তৰু (মীনাক্ষী কালিতা) আৰু জয়ৰামৰ সহযোগী ঢুইলা চন্দ্ৰক (চিন্ময় ৰাজকুমাৰ) লৈ প্ৰেমৰ কাহিনী এটা নিৰ্মাণ কৰিছে। এই প্ৰেমৰ কাহিনী, তৰু-চন্দ্ৰক কাহিনীৰ শেষ বিন্দুত “কাহিনীৰ অংশ”ৰ পৰা “কাহিনীৰ অংগ”লৈ ৰূপান্তৰ কৰিছে। পুৰি চাই হোৱা ঘৰটো নিৰ্মাণৰ আয়োজন কৰি থকা চন্দ্ৰই জয়ৰামৰ বাবে আশাৰ বাট কাটিছে। পৰিচালক-লেখকক প্ৰশংসা কৰিব পৰা আৰু কেইটা মান দিশ– কাহিনীৰ গতিত “চং”ৰ বাস্তৱিক ছবি চিত্ৰায়ন কৰাৰ পাছতো “তথ্যচিত্ৰ গুণ” মুক্ত কৰি ৰখা, প্ৰয়োগ কৰা সংগীত ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰা, সাজসজ্জা-ৰূপসজ্জা আৰু চিত্ৰগ্ৰহণ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform