ৰুদ্ৰ– “যিজনে সমস্যাবোৰ শিপাৰ পৰা নিৰ্মূল কৰে”। ঋগবেদৰ মতে, ৰুদ্ৰ– “শক্তিশালীসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী”। আন এক অৰ্থ– গৰ্জনকাৰী। ধাৰণা কৰিব পাৰি অসমীয়া চিনেমা “ৰুদ্ৰ“ৰ নায়কক (মূল চৰিত্ৰটো) এনে ইমেজতে নিৰ্মাণ কৰিছে পৰিচিলক ৰূপক গগৈয়ে, ৰবি শৰ্মাকলৈ। ইবছন লাল বৰুৱাই লিখা (সংগীত: লিছা দৃষ্টি, কণ্ঠ: নীল আকাশ) থিম চং-টোত এনে এখন ছবি অনুভৱ কৰিছোঁ–
“কাৰ দুবাহুত ধুমুহা বলে
কেনি বুকুত অগনি জ্বলে
নাচে কোনে তাণ্ডব
কাৰ দুচকু অঙঠা হ’লে
সৰু এটি ফিৰিঙতিৰে
দহে কোনে খাণ্ডৱ
য়দা য়দাহি ধৰ্মস্য
গ্লানিৰ্ভৱতি ভাৰত
দুস্কৃতি নাশিবলৈ
ওপজে ৰুদ্ৰ
অভ্যুত্থানং অধৰ্মস্য
তদাত্মানম সৃজাম্যহম
অন্যায়ক ৰোধিবলৈ
গৰজে ৰুদ্ৰ
ৰুদ্ৰ
তই সমাজ কৰিবি শুদ্ধ
তই পাপক কৰিবি ভষ্ম
তই সাহৰ চানেকি ৰুদ্ৰ
ৰুদ্ৰ
তই দমন কৰিবি দুষ্টক
তই দহন কৰিবি ভ্ৰষ্টক
তই দানৱ বিনাশী ৰুদ্ৰ
কঠিন শিলৰো গা
কাটে সুকুমাৰে
প্ৰেমৰ জীৱনী জাগে তাত
অনাথ পৃথিৱী যাৰ
বাটে কি অবাটে
বাটেই ঠিকণা মাথোঁ তাৰ
বলিয়া হৃদয়
মগজু বাউল
এতিয়া পাশান বধিবলৈ
য়দা য়দাহি ধৰ্মস্য
গ্লানিৰ্ভৱতি ভাৰত
ধৰাত তেতিয়াই ওপজে
ধুমুহা ৰুদ্ৰ।”
–কোৱা হৈছে অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনী-ৰেখাৰ গতিত দৰ্শকে অনুভৱ কৰিব। নায়ক ৰবি শৰ্মাই সংবাদ মাধ্যমক কাহিনী-ৰেখা আভাষ দিছে এনেদৰে– “‘ৰুদ্ৰ’ত আমি শিৱৰ ধ্বংসকাৰী ৰূপটো সৃষ্টিৰ বাবে কিমান প্ৰয়োজনীয় সেইটো প্ৰতিফলন কৰিবলৈ চেষ্টা কৰিছোঁ । মই খুব আশাবাদী চিনেমা খনক লৈ । …অসমীয়া চিনেমা এখন নচলিলে আমি দৰ্শকে নাচায় বুলি আক্ষেপ কৰিব নালাগে। আমি নিজকে বিশ্লেষণ কৰি চাব লাগে– দৰ্শকক আমি সন্তুষ্ট কৰিব পাৰিছোঁ, নে নাই।
চিনেমা এখন চিত্ৰগৃহত নচলিল, অৰ্থ– চিনেমা খনে দৰ্শকক সন্তুষ্ট কৰিব পৰা নাই! আমি আশা কৰিছোঁ, ‘ৰুদ্ৰ’ই দৰ্শকক হতাশ নকৰে!”
অহা ১মে’ত চিত্ৰগৃহলৈ আহিব পৰাকৈ সাজু কৰা এই ৰূপালী গল্পটোত ৰবিৰ বিপৰীতে অভিনয় কৰিছে নন্দিনী কাশ্যপে। পৰিচালকে কথা প্ৰসংগত কোৱা মতে, ৰূপালী গল্পটোৰ বিশেষ অভিনয় সৌন্দৰ্য হ’ব– আজিৰ তাৰিখতো অভিনয় ক্ষমতাৰে ভাৰতীয় চিনেমাৰ “চমক” হৈ থকা আদিল হুচেইনকলৈ নিৰ্মাণ কৰা চৰিত্ৰটো।
আন কেইটা চৰিত্ৰ নিৰ্মাণ কৰিছে জয় কাশ্যপ,অলক নাথ, ৰাজীৱ ক্ৰ’, ৰাজীৱ দুৱৰী, নীলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অর্শীতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকলৈ। শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা এই চিনেমা খনৰ প্ৰযোজক ৰাজেশ কুমাৰ ম’ৰ, অ পি গাৰোডিয়া, অৰবিন্দ গাৰোডিয়া, গৌতম বেৰিয়া, অনুপ বেৰিয়া, মনোজ কুমাৰ কেডিয়া , ৰাজ চৌধৰী আৰু সুজাতা চৌধুৰী ।
কাৰ্যবাহী প্ৰযোজক হৃষীকেশ ভট্টাচাৰ্য, পৱন ম’ৰ । চিনেমা খনৰ বাজেট: প্ৰায় ৪ কোটি টকা। থিম চং-টোক বাদ দি চিনেমা খনৰ কাহিনীৰ গতিত মাত্ৰ এটা গীত ব্যবহাৰ কৰিছে। গীতটোৰ কথা-সুৰ দিগন্ত ভাৰতীৰ। কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ সৈতে ভাস্বতি ভাৰতীয়ে।
–অলপতে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কানতত মুক্তি দিয়া হয় চিনেমাখনৰ পোষ্টাৰৰ লগতে এটি গান । লগতে মুক্তি দিয়া হয় চিনেমা খনৰ থিম চং- টো।
সংযোজন: ১
১ মে’ নহয়, অহা ৬ জুলাইতহে চিত্ৰগৃহলৈ আহিব #ৰুদ্ৰ । কাৰণ: নিৰ্বাচন। অহা ২ মে’ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাবে চিনেমা খনৰ মুক্তিৰ দিন সলনি কৰিছে প্ৰযোজক পক্ষই।
সংযোজন: ২
আকৌ “ৰুদ্ৰ”ৰ মুক্তিৰ তাৰিখ সলনি কৰিলে প্ৰযোজক পক্ষই। কাৰণ– বহু চৰ্চিত “ভাইমন দা”ৰ বাণিজ্যিক সফলতা। শশাংক সমীৰৰ পৰিচালনাৰে নিৰ্মাণ হোৱা “ভাইমন দা”ৰ দ্বিতীয় সপ্তাহতো box office collection কম হোৱা নাই, বাঢ়িহে আছে। চৰ্চা মতে, যোৱা দেওবাৰলৈ collection ৪.৫+ কোটি টকা। –এই সময় চোৱাত “ৰুদ্ৰ” মুক্তি দিলে স্বাভাৱিকতে কিছু ক্ষতি হ’ব “ভাইমন দা”ৰ; কিন্তু বেছি ক্ষতি হ’ব “ৰুদ্ৰ”ৰ। স্থানীয় বজাৰত প্ৰচুৰ সফলতা আশা কৰা, চৰ্চিত “ৰুদ্ৰ”ই মুক্তিৰ সপ্তাহত ১০০%শতাংশ দৰ্শনী নাপালে box office collection কমিব; আৰু স্বাভাৱিকতে পৰৱৰ্তী সপ্তাহত চিনেমা খনৰ collection-ত নেতিবাচক প্ৰভাৱ পৰিব। দুয়োখন “অসমীয়া চিনেমা”ৰ বাণিজ্যিক চিন্তা মনত ৰাখিয়ে “ৰুদ্ৰ”ৰ মুক্তিৰ তাৰিখ স্থিৰ কৰিলে– ২৭ জুন।
Add comment