Rupaliparda.com
ভাইম দা: ২৩মে'ত চিত্ৰগৃহলৈ -- উৎপল মেনা 1

ভাইম দা: ২৩মে’ত চিত্ৰগৃহলৈ — উৎপল মেনা

ভাইম দা: ২৩মে'ত চিত্ৰগৃহলৈ -- উৎপল মেনা 2

চিত্ৰগৃহলৈ অহাৰ দিন ঠিক হ’ল– #ভাইমন দাৰ। অহা ২৩মে’ত চিত্ৰগৃহলৈ আহিব আমি #বিশেষ আগ্ৰহ অনুভৱ কৰি থকা অসমীয়া চিনেমা খন।
আগ্ৰহৰ কাৰণ– চিনেমা খনৰ বিষয়-বস্তু। বিষয়-বস্তু: আমাৰ ভাইমনদা, মুনিন বৰুৱা, যি গৰাকী চিনেমা লেখক-পৰিচালকে ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী”ৰে কাটা অসমীয়া চিনেমাৰ বাটটো বহল কৰিছিল।

ভাইম দা: ২৩মে'ত চিত্ৰগৃহলৈ -- উৎপল মেনা 3

(“ইন্দ্ৰ-মালতী” গুৱাহাটীৰ সতী টকীজত ১৯৩৯ চনৰ ১আগষ্টত মুক্তি পাইছিল, এসপ্তাহৰ বাবে।) “মমতা”ৰে চিনেকৰ্ম আৰম্ভ কৰা মুনিন বৰুৱাই শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে নিৰ্মিত “ফাগুণী” (সহকাৰী পৰিচলক), “বোৱাৰী” (বসন্ত দাসৰ সৈতে চিত্ৰনাট্য, সংলপ লিখাৰ লগতে মুখ্য সহকাৰী পৰিচালক), “ঘৰ সংসাৰ” (চিত্ৰনাট্য, সংলপ লিখাৰ লগতে মুখ্য সহকাৰী পৰিচালক), “সোণমইনা” (চিত্ৰনাট্য, সংলপ লিখাৰ লগতে মুখ্য সহকাৰী পৰিচালক), “মনমন্দিৰ” (চিত্ৰনাট্য, সংলপ লিখাৰ লগতে মুখ্য সহকাৰী পৰিচালক), “এই দেশ মোৰ দেশ” (চিত্ৰনাট্য, সংলপ), “শেৱালী”ত (চিত্ৰনাট্য, সংলপ) নিজৰ চিনে-দক্ষতা ব্যৱহাৰ কৰাৰ সুযোগ লৈছিল।

ভাইম দা: ২৩মে'ত চিত্ৰগৃহলৈ -- উৎপল মেনা 4

কথা প্ৰসংগত পৰিচালক ঠাকুৰে আমাক কৈছিল– “আমাৰ প্ৰথম প্ৰযোজনা ‘মমতা’ত মুনিন বৰুৱাই পৰিচালনাৰ দিশতো, পৰিচালকে কোৱা ধৰণে সহায় কৰিছিল। মই মন কৰিছিলোঁ সংগীত, কেমেৰাৰ ব্যৱহাৰ আদি দিশত মুনিন বৰুৱা কামৰ মানুহ। ‘বোৱাৰী’ৰ সময়ত পালোঁ চিত্ৰনাট্যকাৰ মুনিন বৰুৱাক। বসন্ত দাসে লিখা চিত্ৰনাট্য খন মুনিন বৰুৱাই মই বিছৰা ধৰণে কৰি দিছিল। আজি মুনিন বৰুৱা সফল পৰিচালক। মোৰ বাবে গৌৰৱৰ বিষয়।…” (অজিত কুমাৰ ভূঞা সম্পাদিত “আজি”/ ১৮জুন ২০০৩)

ভাইম দা: ২৩মে'ত চিত্ৰগৃহলৈ -- উৎপল মেনা 5
#মুনিন বৰুৱাৰ প্ৰথম স্বাধীন চিনেকৰ্ম “পিতা-পুত্ৰ” (১৯৮৮)। আমি চাইছিলোঁ– নলবাৰীৰ ভাৰতীয় টকীজত । ড্ৰামা-সংলাপক গুৰুত্বদি নিৰ্মাণ কৰা ৰূপালী গল্পটোৰ পৰিচালনাশৈলী “বোৱাৰী”, “প্ৰতিমা” (১৯৮৭/ পৰিচালক: মুনিন বৰুৱা, নিপন গোস্বামী)-তকৈ বেলেগ। কিন্তু পৰৱৰ্তী সময়ত “বোৱাৰী” শৈলীটোকে চহকী ৰূপত লৈ আন এক চিনেযাত্ৰা আৰম্ভ কৰিছিল “হিয়া দিয়া নিয়া”ৰে। চৰ্চা আৰম্ভ হৈছিল– ফণীশৰ্মা-বিষ্ণুপ্ৰসাদ ৰাভা (চিৰাজ/১৯৪৮), ব্ৰজেন বৰুৱা, নিপ বৰুৱ, শিৱ প্ৰসাদ ঠাকুৰৰ দৰে মুনিন বৰুৱাই অসমীয়া চিনমাৰ স্থানীয় বজাৰ চহকী কৰিব! –সঁচাকৈয়ে কৰিলে।

ভাইম দা: ২৩মে'ত চিত্ৰগৃহলৈ -- উৎপল মেনা 6
–আমি দীৰ্ঘ সময় ওচৰৰ পৰা পোৱা এই গৰাকী চিনেমা লেখক-পৰিচালক, নাট্যকাৰক দেখা পাম ৰূপালী পৰ্দাত! –আগ্ৰহ অনুভৱ নকৰিম কিয়!
–এই biographical খন পৰিচালনা কৰিছে, লিখিছে শশাংক সমীৰে। #চিনেমা খনৰ দুটা গীত শুনিছোঁ, চিত্ৰায়ণ চাইছোঁ– অনুভৱ কৰিছোঁ। অনুভৱে এখন ভাল চিনেমাৰ আশা দিছে। অনুভৱ কৰা গীতদুটাৰ কথা মুনিন বৰুৱা, দিগন্ত ভাৰতীৰ। সংগীত জুবিন গাৰ্গৰ। পৰিচালকে ৰূপালী গল্পটোৰ চৰিত্ৰ নিৰ্মাণ কৰছে বনদীপ শৰ্মা, য়শস্বী ভূঞা, গুণাকৰ দেৱ গোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় ৩oo ৰো অধিকঅভিনেতা-ভিনেত্ৰীকলৈ।

ভাইম দা: ২৩মে'ত চিত্ৰগৃহলৈ -- উৎপল মেনা 7
–চিনেমা খনৰ চিনেমেটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেচন, ছাউণ্ড ডিজাইনা অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়, সম্পাদনাৰ প্ৰীতম খাউণ্ডৰ। ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত চিনেমা খন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মা।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform