Rupaliparda.com
মহাযুদ্ধ /চিনেবাৰ্তা --উৎপল মেনা 1

মহাযুদ্ধ /চিনেবাৰ্তা –উৎপল মেনা

মহাযুদ্ধ /চিনেবাৰ্তা --উৎপল মেনা 2

এখন অসমীয়া চিনেমা– “মহাযুদ্ধ”। ফ্ল’ৰত যুদ্ধ আৰম্ভ হোৱা নাই, হ’ব অহা অক্টোবৰ পৰা, প্ৰধান সেনাপতি নিৰ্মল দাসৰ নিৰ্দেশত। –হয়, “মমতাৰ চিঠি”ৰ পৰিচালক নিৰ্মল দাসৰ দ্বিতীয় পৰিচালনা (feature film) “মহাযুদ্ধ”। কাহিনী চিত্ৰনাট্য সংলাপ পৰিচালক দাসে লিখিছে চিনে চিন্তাৰে, বজাৰ চিন্তাৰে। প্ৰযোজনা ভোগদৈ প্ৰডাকচনৰ বেনাৰত অনুপম ভৰালীৰ। প্ৰযোজক গৰাকীৰ প্ৰথম খন চিনেমা। আভিনয়-সংগীত ভালপোৱা প্ৰযোজক গৰাকীৰ দৰ্শকক এখন ভাল অসমীয়া চিনেমা দিয়াৰ মন। প্ৰযোজক গৰাকীৰ ধাৰণা, অসমীয়া চিনেমাৰ দৰ্শক আছে, ভাল চিনেমা দিব পাৰিলে দৰ্শকে গ্ৰহণ কৰিব।

মহাযুদ্ধ /চিনেবাৰ্তা --উৎপল মেনা 3–চিনেমা খনৰ পৰিচালক-লেখক দাসে কাহিনীৰ ধাৰণা দিলে এনেদৰে–
“যুদ্ধ মানুহৰ মনে মনে
প্ৰেম ভালপোৱা মৰম
ব্যক্তি সমাজ পৰিয়াল দেশ পৃথিৱী সকলোৰে মনে
অন্তৰে যুদ্ধ–
যুদ্ধৰ পৰা মহাযুদ্ধ লৈ পৰ্যবৰ্সিত হৈছে এই যুদ্ধ।
কিন্তু উপশম হোৱাৰ বাট কি
তাকেই বিশ্লেষণ কৰা হ’ব মহাযুদ্ধ চলচ্চিত্ৰৰ মাজেৰে
মহাযুদ্ধ হ’ব নিবেদন
মহাযুদ্ধৰ
প্ৰতিখন স্ক্ৰিনত
যুদ্ধ হ’ব মনৰ বিৰুদ্ধে মনৰ
প্ৰেমৰ বিৰুদ্ধে অপ্ৰেমৰ
ভালপোৱাৰ বিৰুদ্ধে চলনাৰ
ইত্যাদি ইত্যাদি বহু যুদ্ধ
কিন্তু
উপশম ঘটোৱাৰ উপায়?
অপেক্ষা অপেক্ষা অপেক্ষা মাথোঁ‌!”

মহাযুদ্ধ /চিনেবাৰ্তা --উৎপল মেনা 4পৰিচালক গৰাকীয়ে গৰাকীয়ে আমাক ধাৰণা দিলে, চিনেমা খন চিনেশিল্প বৃত্তটোৰে হ’ব; কিন্তু চিনেচিন্তা কৰা হ’ব বজাৰ চিন্তাৰে।
–প্ৰথম খন চিনেমা “মমতাৰ চিঠি”ৰে চৰ্চালৈ অহা পৰিচালক নিৰ্মল দাস মূলতঃ নাট্যকৰ্মী। ভালে মান নাটক লিখিছে, পৰিচালনা কৰিছে, অভিনয় কৰিছে। চৰ্চালৈ আহিছে। “প্ৰতীক্ষা” (মঞ্চস্থ হোৱা চনঃ১৯৯৭) ৰে নাট্যযাত্ৰা কৰা নাট্যকৰ্মী গৰাকীৰ ৰচনা: মায়া, সৃষ্টি, মেৰুদণ্ড, ৰ’দ ৰেঙনি, মনৰ মৰম, শূন্যতা পূৰ্ণতা, ভায়োলীন, শব্দ স্তব্ধ সময়, কৈলাশৰ ভকুৱা, ৰ’দালি, আশা, ক্ষুধা শব্দ স্তব্ধ সময়,নিসংগতাৰ ৰং(একাংকিকা)। লিখা পূৰ্ণাংগ নাটক– মায়া মথোঁ‌ মায়া, কেনে আছা ৰাধা, মমতাৰ চিঠি, মনৰ মৰম(পূৰ্ণাংগ ৰূপত), মন নগ্ন নগ্ন সময় মনৰ চিলা, তথাস্তু(ৰমা বেজবৰুৱাৰ গল্পৰ আধাৰত), সংকল্প, ৰাবনে হৰি নিলে সীতা কি এহে, ইতি মৰমেৰে …, সুদৰ্শন চক্ৰ। ভ্ৰাম্যমান থিয়েটাৰত মঞ্চস্থ হোৱা নাটক–মমতাৰ চিঠি, মই ভূপেন দাই কৈছো, মায়া মাথো মায়া, মৰমৰ উৰ্মিমালা, ছহিদ খৰ্গেশ্বৰ,সপোনৰ শেষ নাই, আকাশৰ চন্দ্ৰমা, ভুলতো নাচাবা তুমি, মৰমেৰে দেউতা, মা এধানি মৰম দিয়া,এখনি আলসুৱা হৃদয়,বৰষুণ আদি।

মহাযুদ্ধ /চিনেবাৰ্তা --উৎপল মেনা 5নাট্যকৰ্মী গৰাকীয়ে অসমীয়া চিনেমাতো অভিনয় কৰিছে। অভিনয় কৰা চিনেমাৰ তালিকাত আাছে– “নটসূৰ্য The Untold Story ” (পৰিচালক: বিশ্বজিৎ ডেকা), ধন কুবেৰৰ ধন (পৰিচালক: ধীৰাজ কাশ্যপ) আৰু লোকবন্ধু (পৰিচালক: ধীৰাজ কাশ্যপ)।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform