Rupaliparda.com
প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 1

প্রতিশ্রুতি/ পূৰ্বালোকন –উৎপল মেনা

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 2

কিশোৰ তাহবিলদাৰ নাটকৰ মানুহ। serious drama worker– নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল– “চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ, লগতে ‘চিনেমা’ পঢ়ি আছোঁ।” কথাৰ পৰা আমি ধাৰণা কৰিছিলোঁ, “নাটক”ৰ আঁতৰত থাকি চিনেকৰ্ম কৰিব। আমাৰ ধাৰণা কিমান শুদ্ধ– সেয়া স্পষ্ট হোৱাৰ বাবে কিশোৰ তহবিলদাৰৰ চিনেমাৰ বাবে আমাৰ প্ৰথম আগ্ৰহ। পৰিচালক গৰাকীৰ প্ৰথম পৰিচালনা চিত্ৰগৃহলৈ অহা নাই, আহিব।

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 3

দ্বিতীয় পৰিচালনা– “প্ৰতিশ্ৰুতি”। চিত্ৰগৃহলৈ আহিব অহা ২৪ মে’ত। এই চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহৰ দ্বিতীয় কাৰণ– চিনেমা খনৰ বিষয়বস্তু। বিষয়বস্তু: ড্ৰাগছৰ ভয়াৱহতা, ড্ৰাগছ সমস্যা।

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 4চিনেমা খনৰ লেখক-পৰিচালক তহবিলদাৰৰ সৈতে চিনেমা খনৰ কাহিনী, বিষয়বস্তু চৰ্চা কৰিছিলোঁ। “চৰ্চা”ৰ পাছত আমাৰ ধাৰণা– কাহিনীৰ বিন্দু দুটা। এটা বিন্দু পুলিছ বিষয়া (যিটো চৰিত্ৰ নিৰ্মাণ কৰিছে প্ৰস্তুতি পৰাশৰক লৈ), ড্ৰাগছৰ বিৰূদ্ধে পুলিছৰ অভিযান। দ্বিতীয়টো বিন্দু চহকী পৰিয়ালৰ এজন ড্ৰাগছ আসক্ত যুৱক। দ্বিতীয়টো বিন্দুৰ গতিত সম্ভৱতঃ সংগীত আহিব! ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজু ভৰি আছে সংগীতেৰে, লোক সংগীতেৰে। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে!

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 5কাহিনীৰ গতিত চৰকাৰ আৰু ভিন্ন পক্ষই ড্ৰাগছৰ বিৰূদ্ধে ঠিয় হোৱাৰ পাছতো কিয় বন্ধ কৰিব পৰা নাই ইত্যাদি বিষয়ো আহিব।
–চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্রবর্তী আৰু গীতাবলী ৰাজকুমাৰীয়ে। কাহিনী: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰবাৰ। চিত্রনাট্য-সংলাপ কিশোৰ তাহবিলদাৰ আৰু ৰাতুল বৰুৱাৰ। সহকাৰী পৰিচালক: সমৰ জ্যোতি। দৃশ্যগ্রহণ কৰিছে সূৰুয ডেকা আৰু সুমন দুৱৰা, হিমানীল কাশ্যপ আৰু ৰাজ দত্তই।

প্রতিশ্রুতি/ পূৰ্বালোকন --উৎপল মেনা 6আমাৰ ধাৰণাত কাহিনীৰ প্ৰথমটো বিন্দুৰ গতিত এক্‌ছনে গুৰুত্ব পাব। এই বিন্দুটোৰ গতিত হয়তো প্ৰস্তুতিক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ বিৰূদ্ধে ঠিয় কৰাব বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা “খলনায়ক”ৰ চৰিত্ৰ এটা। বিভূতি ভূষণ হাজৰিকা মোৰ পছন্দৰ অভিনেতা। স্বাভাৱিকতে “চুই যাব পৰা” চৰিত্ৰ এটাৰ অপেক্ষাত আমি।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform