Rupaliparda.com
বিশিষ্ট চিত্ৰ সমালোচক উৎপল দত্ত আৰু বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হ’ল ‘ৰূপকাৰ বঁটা’ 1

বিশিষ্ট চিত্ৰ সমালোচক উৎপল দত্ত আৰু বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হ’ল ‘ৰূপকাৰ বঁটা’

বিশিষ্ট চিত্ৰ সমালোচক উৎপল দত্ত আৰু বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হ’ল ‘ৰূপকাৰ বঁটা’ 2

যোৱা ৫ জানুৱাৰীত মহানগৰীৰ পূৱ-শৰণীয়াস্থিত পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভ চৌহদত অনুষ্ঠিত এক অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক, লেখক তথা ৰূপকাৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত প্ৰদান কৰা সন্মানীয় ৰূপকাৰ বঁটা বিশিষ্ট চিত্ৰ সমালোচক তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী উৎপল দত্তক ২০২৩ আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা মঞ্চ-চলচ্চিত্ৰ অভিনেতা সঞ্জীৱ হাজৰিকাক ২০২৪ বৰ্ষৰ বাবে ‘ৰূপকাৰ বঁটা’ প্ৰদান কৰা হয়।
২০১১ চনৰ পৰা পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভৰ দ্বাৰা প্ৰৱৰ্তন কৰা ‘ৰূপকাৰ বঁটা’ অনুষ্ঠানত বহু বিশিষ্ট লোকৰ উপস্থিতিত বিশিষ্ট চিত্ৰশিল্পী চন্দন চুতীয়াই দুয়ো গৰাকী বঁটা প্ৰাপককে ৰূপকাৰ বঁটা প্ৰদান কৰে।

বিশিষ্ট চিত্ৰ সমালোচক উৎপল দত্ত আৰু বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হ’ল ‘ৰূপকাৰ বঁটা’ 3
“বহু বিশিষ্ট লেখকৰে পৰিৱেস্তিত হৈ থকাৰ পাছতো পবিত্ৰ কুমাৰ ডেকাই আমাৰ দৰে নতুন ডেকাবোৰক মাতি আনি ৰূপকাৰ’ত লিখাৰ বাবে উদগনি দিছিল। ‘ৰূপকাৰ’ এখন আলোচনীয়েই নহয়, আমাৰ বাবে ৰূপকাৰ আছিল সাংস্কৃতিক সাংবাদিকতা শিকাৰ বিদ্যালয়,” ৰূপকাৰ বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে লেখক চলচ্চিত্র নিৰ্মাতা উৎপল দত্তই।
বঁটা গ্ৰহণ কৰি অন্যতম বঁটা প্ৰাপক চলচ্চিত্র পৰিচালক সঞ্জীৱ হাজৰিকাই সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই কিদৰে ৰূপকাৰত লিখিবলৈ উৎসাহিত কৰিছিল তাৰ স্মৃতিচাৰণ কৰে। চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই সঞ্চালনা কৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে ছাত্ৰাৱস্থাত পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে চিত্ৰ সাংবাদিক হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল তাৰ স্মৃতিচাৰণ কৰি তেওঁৰ প্ৰথমখন উপন্যাস ‘মাজুলিত এতিয়া গধূলি’ ৰূপকাৰত প্ৰকাশ পোৱাৰ কথাও ব্যক্ত কৰে।

বিশিষ্ট চিত্ৰ সমালোচক উৎপল দত্ত আৰু বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হ’ল ‘ৰূপকাৰ বঁটা’ 4
অনুষ্ঠানত মুকাভিনেতা মইনুল হকে তেওঁ আৰু প্ৰয়াত অভিনেতা জয়ন্ত দাসে কিদৰে জীৱনত ভাল মানুহ হোৱাৰ বাবে কিদৰে পবিত্ৰ কুমাৰ ডেকাৰ কাষ চাপিছিল ৰসিকতা কৰি কয়। নাট্য কৰ্মী নয়ন প্ৰসাদে পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে লিখিবলৈ ললে, সাংবাদিক মৃণাল কুমাৰ বৰাই পবিত্ৰ ডেকাৰ সান্নিধ্যলৈ আহি কেনেকৈ বহু বিখ্যাত লোকৰ ওচৰ চাপিবলৈ সাহস পাইছিল স্মৃতিচাৰণ কৰি কয়।
অনুষ্ঠানত ৰাণা ডেকা, নয়ন প্ৰসাদ, ম‌ইনুল হক, হেমন্ত কুমাৰ দাস, নম্ৰতা দত্ত, দিলীপ চন্দন, মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, অমৰদ্বীপ গগৈ, হেমন্ত দেৱনাথ, জিতুমণি বৰা, ৰ’জি বৰা, ধনজিত দাস, হেমচন্দ্ৰ পাঠক প্ৰমুখ্যে ভালেমান গণ্য-মান্য লোক উপস্থিত থাকে।

–ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ

Staff Reporter

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform