Rupaliparda.com
গোবৰধন চৰিত /চিনেচৰ্চা --উৎপল মেনা 1

গোবৰধন চৰিত /চিনেচৰ্চা –উৎপল মেনা

গোবৰধন চৰিত /চিনেচৰ্চা --উৎপল মেনা 2

তৰুণ শইকীয়াৰ অনাতাঁৰ নাটক “গোবৰধন চৰিত”। নাটক খনৰ গোবৰ আৰু মইনা চৰিত্ৰ দুটা আজিও মনৰ মাজত সেউজ হৈ আছে।
–ইন্দ্ৰ বনীয়াৰ কণ্ঠ আৰু সংলাপ প্ৰক্ষেপন শৈলীয়ে নিৰ্মাণ কৰা গোবৰ, আমাৰ মন-মগজু দখল কৰা “গবৰ ইমেজ”ৰ ওচৰেই নাপালে অৰুণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (চিনেমা খনৰ গোবৰ) চৰিত্ৰটো। দৰ্শকৰ আসনৰ পৰা এয়া আমাৰ প্ৰথম আক্ষেপ। আমাৰ “ইমেজ”ৰ গবৰ আছিল সহজ-সৰল, অজলা। চিনেমাত দেখা গবৰ জনক “সাহিত্যৰ ভাষা”ৰে অজলা বুজাবলৈ চেষ্টা কৰা হৈছে। আৰু যদি এনেদৰে ভৱা হয়– অনাতাঁৰ নাটক খনৰ “গোবৰ”ৰ সৈতে চিনেমা খনৰ গোবৰৰ কোনো সম্পৰ্ক নাই বা থাকিব লাগে বুলি কোনো কথা নাই! তাৰ পাছতো আমি ক’ম– গোবৰ চৰিত্ৰটো নিৰ্মাণত পৰিচালক ব্যৰ্থ। চৰিত্ৰটো “অৰুণ হাজৰিকা” হৈ থাকিল। কেবল অৰুণ হাজৰিকায়ে নহয়, মইনাৰ চৰিত্ৰত অভিনয় কৰা স্বাগতা ভৰালীক বাদ দি কোনো এগৰাকী অভিনেতা-আভিনেত্ৰীয়ে “চৰিত্ৰ”ৰ সৈতে একাত্ম হোৱাত সফল বুলিব নোৱাৰি। ক’ব লাগে– সংলাপ কৈছে, কেমেৰাৰ সন্মূখত “চৰিত্ৰ”ক গতি দিছে। ইমানেই। (অন্যান্য চৰিত্ৰত আভিনয় কৰিছে প্ৰতিভা চৌধুৰী, চেতনা দাস, পূৰ্ণদা শইকীয়া, নমিতা গোস্বামী, মধুমিতা কটকী, মালা বৰঠাকুৰ, কমলেশ শইকীয়া, জয়ন্ত গোস্বামী আদিয়ে।)
–এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সুজিত শৰ্মাক লৈ। মঞ্চ নাটক (ভ্ৰাম্যমাণ থিয়েটাৰ) অভিনয়ৰ পৰা মুক্ত নহয় যদিও, চৰিতটো নিৰ্মাণত পৰিচালক কিছু পৰিমানে সফল। এই চৰিত্ৰটোৰ ওচৰত নিস্প্ৰভ– মূল চৰিত্ৰ “গোবৰ”। অপ্ৰয়োজনীয় “চৰিত্ৰ”ৰ ভিৰ গোবৰ” নিস্প্ৰভ হৈ পৰাৰ আন এটা দিশ। আমাৰ ধাৰণাত পৰিচালকৰ চৰিত্ৰ নিৰ্মাণ ডিজাইন, গল্পক গতি দিয়াৰ কেমেৰা ডিজাইন নাছিল। কিন্তু কেমেৰা ডিজাইনত মন দিছিল! কেমেৰাৰ ভাষাৰে “পৰিবেশ নিৰ্মাণ”ত মন দিছিল।
–হয়, চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে গাঁৱত। বিশেষকৈ কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা গ্ৰাম্যছবিয়ে আমাক চুই গৈছে। ক’ব পাৰি, কাহিনীৰ গতিত ব্যৱহাৰ কৰা গ্ৰাাম্যছবি চিনেমা খনৰ প্ৰধান অলংকাৰ, ৰূপালী সৌন্দৰ্য। এই ইতিবাচক দিশৰ বাবে স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব পৰিচালক জয়ন্ত গোস্বামীয়ৰ লগতে চিত্ৰগ্ৰহণকাৰী চন্দন সাগৰক। গাওঁৰ ছবি খন আৰু সুন্দৰ কৰিবলৈ পৰিচালকে (সংগীতো পৰিচালক গোস্বামীৰ।) লক্ষ্মীনাথ বেজবৰুৱাই লিখা
“ক’ত আছে এনে চাউল পানীত দিলে ভাত?
ক’ত এনে কুঁজীথেকেৰা টেঙাই যায় দাঁত ?
ক’ত পাবা পকাখৰিচা, ক’ত ঢেকীয়া শাক ?
এঠাদৈ ক’ত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি…” গীতটো ব্যৱহাৰ কৰিছে। (এই গীতটো ড° ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মাৰ কণ্ঠত বাণীবদ্ধ কৰিছিল। পূৰ্বে। চিনেমা খনত ব্যৱহাৰ হোৱা গীতটোত কণ্ঠদিন কৰিছে গায়ত্ৰী হাজৰিকাই।) গীতটোৰে অসমৰ এখন (চিনেমাৰ গল্পটোৰ) গাৱঁৰ ছবি আৰু সুন্দৰকৈ স্পষ্ট কৰিছে। গীতটোৰ চিত্ৰায়ণত কুঁহিয়াৰ পেৰা শাল আদি কেমেৰাৰ ফ্ৰেমলৈ আনিছে।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform