প্ৰথম কথা– “প্ৰতিশ্ৰুতি”ৰ (বিষয়বস্তুৰ) দৰে চিনেমা এখনৰ প্ৰয়োজন আছিল। চিনেমা খনৰ বিষয়বস্তু: ড্ৰাগছ সমস্যা। চিনেমা খনৰ কাহিনীলৈ আহিছে সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা “মৰমৰ সময়” নোপোৱা এজন যুৱক, যিয়ে ড্ৰাগছৰ কৱলত পৰি জীৱনৰ সোণালী সময় হেৰুৱাই। চহকী পিতৃ-মাতৃৰ একমাত্ৰ সন্তান, এই যুৱক ৰূপালী গল্পটোৰ এটা বিন্দু। যুৱক জন ড্ৰাগছ আসক্ত হোৱাৰ কাৰণ– পিতৃ-মাতৃৰ প্ৰতি ক্ষোভ। কাহিনীৰ প্ৰথমৰে পৰা দেখা যায় ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজুত আছে সংগীত, লোকসংগীত। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে। আৰু স্বাভাৱিকতে (চিনেমা খনৰ নায়ক-নায়িকা যেতিয়া) যুৱক-যুৱতীৰ মাজত প্ৰেমৰ সম্পৰ্ক হয়। “সমস্যা”ৰ লগতে এটা ৰোমাণ্টিক কাহিনী নিৰ্মাণ কৰে পৰিচালকে। ৰোমাণ্টিক কাহিনীটোৰ সৌন্দৰ্য– গীত, সংগীত আৰু কিছু পৰিমানে কেমেৰাৰ ভাষা।
চিনেমা খনৰ কাহিনীৰ আন এটা বিন্দু– ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ঠিয় দিয়া পুলিছ, এগৰাকী পুলিছ বিষয়া (চৰিত্ৰটো নিৰ্মান কৰিছে প্ৰস্তুতি পৰাশৰক লৈ)। এই বিন্দুটোৰ গতিত দেখা যায়– চৰকাৰে বিছাৰে, পুলিছ বিভাগে বিছাৰে, এখন ড্ৰাগছ মুক্ত অসম। বিছৰাৰ পাছতো ড্ৰাগছ ব্যৱসায় কেনদৰে চলি থাকে! ড্ৰাগছ ব্যৱসায় চলাই “ৰাজনৈতিক ক্ষমতা” থকা লোকে, সহযোগ কৰে একাংশ পুলিছ বিষয়াই। (ধাৰণা– এই “গল্প” এই অসমৰে! চিনেমা খনৰ কাহিনী লেখক: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰুৱাৰ।) সাহিত্যৰ ভাষাৰে, কাহিনীৰ গতিত অসমলৈ ড্ৰাগছ অহাৰ বাট, ড্ৰাগছৰ বজাৰ নিৰ্মাণ কেনেদৰে হয় ইত্যাদিৰো ছবি খন দেখুৱাই।
–কাহিনীৰ শেষত (দুয়োটা বিন্দুৰ গতি য’ত শেষ হয়) “দৰ্শক”ক আহ্বান, ড্ৰাগছ মুক্ত অসম গঢ়াৰ।
–চিনেমা খনৰ পৰিচালক কিশোৰ তহবিলদাৰে “শক্তি শালি” বিষয়বস্তুক কাহিনীৰে গুঠি (চিত্ৰনাট্য, সংলাপ: কিশোৰ তহবিলদাৰ, ৰাতুল বৰুৱা) কাহিনী, বিষয়বস্তু স্পষ্ট কৰাত সফল। আৱহ সংগীত (আৱহ সংগীত: সপোন শইকীয়া), গীত , চাউণ্ড ডিজাইন (সৌভিক ফুকনৰ) আৰু গতিয়ো ইতিবাচক। কিন্তু সাহিত্যৰ ভাষা প্ৰয়োগ হোৱা ছিকুৱেন্সৰ সৰহ ভাগেই “নাট্য মুক্ত” নহয়। আৰু ৰূপালী গল্পটোৰ সৰহ ভাগতে কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ দাস হৈ থাকিল।
চিনেমা খনৰ আমাৰ ভাল নলগা আন এটা দিশ– চৰিত্ৰ নিৰ্মাণ। অভিনেতা-অভিনেত্ৰীৰ চেহেৰা ভাষা, সংলাপ প্ৰক্ষেপনে “চৰিত্ৰ”ক প্ৰাণ দিয়াত বা চিন সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ। কেইবাটাও ছিকুৱেন্সত চোৱাৰ সময়ত আমাৰ অনুভৱ– অভিনেতা বা অভিনেত্ৰীয়ে “চৰিত্ৰ” বুজা নাই, কাহিনীৰ গতি আৰু পৰিবেশ অনুভৱ কৰিব পৰা নিই বা পৰিচালকে অনুভৱৰ সুযোগ দিয়া নাই। কথাটো এনেদৰে ক’ব পাৰি– বেছিভাগ “চৰিত্ৰ” নিৰ্মাণ হৈছে “যান্ত্ৰীক অভিনয়” (mechanical acting)-ৰে। (যান্ত্ৰীক অভিনয়” ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত, বহু ক্ষেত্ৰতে স্বাভাৱিক হ’ব পাৰে! চিনেমাত স্বাভাৱিক বুলিব নোৱাৰি–, দোষ বুলিব পাৰি। এই দোষৰ বিপৰীতে ভাল অভিনয় কৰিছে চিন্ময় চক্ৰৱৰ্তী আৰু প্ৰিয়ানুজ বৰুৱাই। অতি কম দৈৰ্ঘৰ চৰিত্ৰত কৰা প্ৰিয়ানুজৰ লগতে পুলিছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰা চিন্ময় চক্ৰৱৰ্তীৰ অভিনয়ে আমাক চুই গৈছে। বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (অতি-নাটকীয়) খলনায়কৰ চৰিত্ৰটো অতি সাধাৰণ পৰ্যায়তে থাকিল। দক্ষ অভিনেতা গৰাকীক লৈ বাস্তৱিক অভিনয় (realistic acting)-ৰে খলনায়কৰ চৰিত্ৰ এটি নিৰ্মাণৰ বাট নিশ্চয় আছিল!
শেষত আকৌ সংগীত প্ৰসংগলৈ আহিছোঁ– পৰিচালকে সংগীত প্ৰয়োগ কৰিছে পৰিবেশ নিৰ্মাণৰ বাবে, কাহিনীক গতি দিয়াত। গীত কেন্দ্ৰিক ছিকুৱেন্স নিৰ্মাণত কেমেৰা ডিজাইন প্রশংসনীয়। চিনেমা খনত ব্যৱহাৰ কৰা “ৰিঙা ৰিঙা মন ডিঙা/ বৰনৈ ভটিয়াই যায়…” (কথা: আমৰিনা জেৰিয়ানা, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) গীতটো ৰূপালী গল্পটোৰ অংগ, সৌন্দৰ্য, “চিনেমাৰ বাবে গীত” পৰ্যায়ৰ।
Add comment