Rupaliparda.com
|| "সুন্দৰপুৰ কেৱছ"ত শ্বানৰ কণ্ঠ || --উৎপল মেনা 1

|| “সুন্দৰপুৰ কেৱছ”ত শ্বানৰ কণ্ঠ || –উৎপল মেনা

|| "সুন্দৰপুৰ কেৱছ"ত শ্বানৰ কণ্ঠ || --উৎপল মেনা 2

“দাদা, কালি এটি গান শ্বানে গালে। আশীৰ্বাদ কৰিব যাতে ভালকৈ নিয়াৰিকৈ কৰি যাব পাৰোঁ।” –নম্ৰ, ভদ্ৰ চিনেকৰ্মী ঝুলন কৃষ্ণ মহন্তই জনাইছিল। শ্বানে গালে–
“অচিনাকি এই চহৰ
অচিনাকি এই চহৰ
চৌপাশ নতুন
মাথোঁ দ্ৰুত এই সময়…”
–গীতৰ কথা: মঞ্জুলা হাজৰিকাৰ। সুৰ আৰু সংগীত সৌৰভ মহন্তৰ। আশা কৰিছোঁ, পৰিচালকৰ কেমেৰা ডিজাইন আৰু প্ৰয়োগে গীতটো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হ’ব, গল্প ক’ব, গল্পক গতি দিব! আমাৰ ধাৰণাত ঝুলন চিনেমাত “গীতৰ বাবে গীত” ব্যৱহাৰ কৰা পৰিচালক নহয়!
–চিনেমা খনৰ কাহিনীৰ গতিত আৰু এটা গীত ব্যৱহাৰ কৰিব। গীতটোৰ কথা, কণ্ঠ: গায়ত্ৰী হাজৰিকাৰ। সুৰ আৰু সংগীত সৌৰভ মহন্তৰ।

|| "সুন্দৰপুৰ কেৱছ"ত শ্বানৰ কণ্ঠ || --উৎপল মেনা 3
চিনেমা খনৰ নাম– “সুন্দৰপুৰ কেৱছ”। কাহিনীৰ গতিত থাকিব সত্ৰ, সত্ৰৰ মাটিৰ বেদখল…। গতিকে বৰগীত এটা নাথাকিব নে! পৰিচালকে ঘোষাৰ কথা
ভাবিছে, “name casting ত এটি ঘোষা ভবা হৈছে। পাপন দাক ভাবিছোঁ।” –পৰিচালকে ক’লে।
চিনেমা লেখক, চিনেমা পৰিচালক, চিনেমা সম্পাদক ঝুলন কৃষ্ণ মহন্তৰ এই খন দ্বিতীয় (Feature film) পৰিচালনা। প্ৰথম পৰিচালনা– “নদী মাথোঁ বয়”। এই চিনেমা খন চিত্ৰৰসিকৰ মাজত চৰ্চাৰ বিষয় হৈছিল, চিনেপণ্ডিতৰ আশীৰ্বাদ পাইছিল।
নিশ্চয় আশা কৰিব পাৰোঁ– “সুন্দৰ কেৱছ”কো চিত্ৰৰসিকে আশীৰ্বাদ দিব! আৰ.চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ২৯ নৱেম্বৰত।
–প্ৰায় সম্পূৰ্ণ হোৱা “সুন্দৰপুৰ কেয়ছ” গায়ত্ৰী হাজৰিকা, আৰ চমুৱা আৰু দিগন্ত ঠাকুৰীয়াৰ প্ৰযোজনা। চিত্ৰগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস, সংগীত: সৌৰভ মহন্ত, শব্দ- দেৱজিত গায়ন, সাজ সজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ। “চৰিত্ৰ” নিৰ্মাণ কৰিছে অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, গাৰ্গী দত্ত, পাৰ্থ প্ৰতিম হাজৰিকা, বনি দেউৰী, শিল্পী দত্ত আদিক লৈ।

Utpal Mena

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.