Rupaliparda.com
ইমন / চিনে সংবাদ --উৎপল মেনা 1

ইমন / চিনে সংবাদ –উৎপল মেনা

ইমন / চিনে সংবাদ --উৎপল মেনা 2

কোন পৰ্যায়ত কোন খন অসমীয়া চিনেমা আছে ধৰণৰ খবৰ আজি কালি নাৰাখো, ৰখাৰ প্ৰয়োজন অনুভৱ নকৰোঁ। নিৰ্দিষ্ট প্ৰযোজক, পৰিচালক, আভিনেতাৰ বা অন্য চিনেকৰ্মীৰ ফালৰ পৰা মাজে সময়ে যি খবৰ পাওঁ, সেয়াই আমাৰ “চিনেমাৰ খবৰ”ৰ বৃত্ত।

ইমন / চিনে সংবাদ --উৎপল মেনা 3

এই “বৃত্ত”টোত সংগীত বা চিনে কৰ্মৰে আমাক চুই থকা চিনেমায়ো আছে, “বৃত্ত”টোৰ মাজত সোমাই পৰে সৃষ্টিৰে। শেহতীয়া ভাবে আমাক চুলে ইবছন লাল বৰুৱা (কথা, সংগীত,সুৰ)ৰ– “চকুমুদি জপিয়াম তোমাৰ প্ৰেমৰ সাগৰত…”।

ইমন / চিনে সংবাদ --উৎপল মেনা 4

মুনমী ফুকন আৰু অৰ্ণৱ আয়ান নামৰ এগৰাকী আভিনেতাকলৈ চিত্ৰায়ণ কৰিছে। জানিব পাৰিলোঁ “ইমন” নামৰ চিনেমা এখনত গীতটো ব্যৱহাৰ কৰিছে বা কৰিব। গীতটো চিত্ৰায়ণ কৰিছে চিন্ময় ৰাভাই। সম্পাদনা: অসীম শৰ্মাৰ। জুবিন গাৰ্গৰ কণ্ঠত ৰেকৰ্ডিং কৰা গীতটোৰ বাদ্যশিল্পী– ৰূপম শৰ্মা (গীটাৰ-মেণ্ডোলিন), অশোক সিং (বেচ গীটাৰ) আদি। আৱহ কণ্ঠ: তৃণামী গোস্বামী। শব্দ সংমিশ্রণ: ইবছন লাল বৰুৱা।

ইমন / চিনে সংবাদ --উৎপল মেনা 5

চিনেমা খনৰ গীতৰ প্ৰসংগত আৰু জানিলোঁ– চিনেমা খনৰ বাবে ইতিমধ্যেই ইবছন লাল বৰুৱাই সুৰ, সংগীত, কথাৰে সজাই উলিওৱা আন তিনিটি গীতৰ “বাগুৰুম্বা…” আৰু “মোৰ চহৰৰ …” শীৰ্ষক দুটি গীতত কণ্ঠ দান কৰিছে ক্ৰমে জনপ্ৰিয় কণ্ঠ শিল্পী নীল আকাশ, দীক্ষু শৰ্মা আৰু নবাগতা ইমনে।
“য়মন বা ইমন” ৰাগভিত্তিক চিনেমা খনৰ শীর্ষক গীতটি ( title song) “ইমন” অনতিপলমে ৰেকৰ্ডিং কৰা হব আৰু গোটেই কেইটা গীতৰেই দৃশ্য-শ্ৰাব্য অতি শীঘ্রেই শ্ৰোতা-দৰ্শকৰ বাবে মুকলি কৰি দিব।

ইমন / চিনে সংবাদ --উৎপল মেনা 6“গীত”ৰ পাছত “চিনেমা” খনৰ খবৰ কৰিলোঁ। “ইমন” অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈ দাসে। চিত্ৰনাট্য, সংলাপ মৃদুল কুমাৰ বৰাৰ।

ইমন / চিনে সংবাদ --উৎপল মেনা 7

অভিনয় কৰিছে মাধুৰীমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, মুনমী ফুকন, সিদ্ধাৰ্থ শৰ্মা, দ্বীপজ্যোতি কেওঁট, চিমি ৰায়ান, মাধুৰীমা চৌধুৰী, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, ইমৰাণ, স্বিগ্ধা গগৈ, চাজু, সমীৰণ গোস্বামী আদিয়ে।

ইমন / চিনে সংবাদ --উৎপল মেনা 8–চিনেমা খনৰ পৰিচালক অসীম বৈশ্যৰ প্ৰথম পৰিচয় নৃত্যশিল্পী, তাৰ পাছত কৰিঅ’গ্ৰাফাৰ। অসীমৰ অভিনয়ো দেখিছোঁ, দুই-তিনি খন চিনেমাত। “জিৰো” নামৰ চিনেমা এখন পৰিচালনা কৰাৰ খবৰ পাইছিলোঁ।
–আশা কৰিব পাৰি অসীমক “ইমন” চিনেমা খনে “নতুন পৰিচয়” দিব!

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform