Rupaliparda.com
|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 1

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ… || –উৎপল মেনা

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 2

যতীন বৰাই “অভিনয় শক্তি” দেখুৱাব পৰা চৰিত্ৰত আভিনয় নকৰা নহয়, কৰিছে–, মাত্ৰ এটা ইমেজত। পৰিচালক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত। “বিধাতা”কে ধৰি কেইখন মান চিনেমাত। সন্দেহ নাই, বিতৰ্কৰ অৱকাশ নাই– নিপন গোস্বামী, বিজু ফুকনৰ পাছত অসমীয়া চিনেমাৰ “নায়কৰ স্থান” দখল কৰিছে যতীন বৰাই। তেনেদৰে সন্দেহ নাই– যতীন বৰা নামৰ সম্পূৰ্ণ অভিনেতা গৰাকীৰ “অভিনয় শক্তি” আজিৰ তাৰিখতো অসমীয়া চিনেমাত দৰ্শকে দেখা নাই, চিনেমা লেখকে, চিনেমা পৰিচালকে অভিনেতা গৰাকীক লৈ নতুন বা অন্য ধৰণৰ “চৰিত্ৰ চিন্তা” নকৰা বাবে।

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 3

আমাৰ ধাৰণাত শেহতীয়া ভাবে (“ৰত্নাকৰ”ৰ স্থানীয় বজাৰ সফলতাৰ বাবে হয়তো!) একশ্বনৰ মোহত পৰি চিনে যাত্ৰাৰ ভুল বাটত আগবাঢ়িছে যতীন বৰাই। ভুল বাটত আগবাঢ়ি থকা সময়তে খবৰ পালোঁ– “ককাদেউতা নাতি আৰু হাতী-২”ৰ খবৰ। খবৰ পালোঁ– “ককাদেউতা নাতি আৰু হাতী”ত নিপন গোস্বামীক লৈ কৰা “জনপ্ৰিয় ককাদেউতা”ৰ চৰিত্ৰটোৰ দৰে এটা চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই। আভিনয় কৰিব চিনেমা খনৰ আন এটা চৰিত্ৰটো। আমি আশাৰ বাট দেখিছোঁ “ককাদেউতা যতীন”ৰ মাজত যতীন বৰাৰ “অভিনয় শক্তি” অনুভৱৰ সুযোগ পাম!
“ককাদেউতা নিপন গোস্বামী” (মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া) চৰিত্ৰটো নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা (পৰিচালক: নিপ বৰুৱা/ কাহিনী: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ/ চিত্ৰনাট্য: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ)। জানিব পৰা নাই “ককাদেউতা যতীন”ৰ চিন্তা নতুনকৈ কৰিছে, নে পূৰ্বৰ ইমেজতে নিৰ্মাণ হ’ব!

|| যতীন বৰাৰ বাবে এটা চৰিত্ৰ... || --উৎপল মেনা 4–“ককাদেউতা নাতি আৰু হাতী-২”ৰ পৰিচালক: অচিন্ত শংকৰ, চিত্ৰনাট্য: ৰাজদ্বীপৰ।
–এই খিনিতে মনলৈ আমিতাভ বচ্চন প্ৰসংগ। ভুল ৰাজনৈতিক সিদ্ধান্তৰ (চন: ১৯৮৪-১৯৮৭) পাছত, জনপ্ৰিয়তা হৃাস হোৱাৰ (চন: ১৯৮৮-১৯৯২) পাছত “লাল বাদশ্বাহ” (১৯৯৯), “হিন্দুস্তান কি কছম” (১৯৯৯) আদি চিনেমাৰে “বলিউডৰ ভুল বাট”ত খোজ দি পিছল খোৱাৰ পাছত “নতুন ইমেজ” দি আকৌ সফলতাৰ বাট দেখুৱাইছিল আদিত্য চোপ্ৰা(কভি খুছি কভি গম), ৰবি চোপ্ৰা (বাঘবান) আদিৰ দৰে তৰুণ পৰিচালক সকলে। আৰু পাছৰ পৰ্যায়ত ঋতুপর্ণ ঘোষৰ’দ্য লাষ্ট লিয়াৰ”, সুজিত সৰকাৰৰ “পিকু”, সঞ্জয় লীলা ভাঞ্চালীৰ “ব্লেক”, ৰাম গোপাল বার্মাৰ “চৰকাৰ”, মীৰা নায়াৰৰ “শান্তৰাম”, শ্বুজিত ছিৰকাৰ “গুলাবো সীতাবো” আদিৰে নতুন বাট লৈছে; এই বাটত কোনো “ইমেজ” নাই, আছে কেৱল অমিতাভ বচ্চনৰ “আভিনয় শক্তি”। (আমিতাভ বচ্চনৰ এই প্ৰসংগৰ যতীন বৰা কেন্দ্ৰিক ব্যাখ্যা আমি নিশ্চয় কৰিব পাৰোঁ! –আচিন্ত তৰুণ পৰিচালক।)
–আকৌ আহিছোঁ “ককাদেউতা নাতি আৰু হাতী-২”লৈ। প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰত ৰিণিকি ভূঞা শৰ্মাই প্ৰযোজনাৰ দায়িত্ব লোৱা এই চিনেমা খনত যতীন বৰাৰ লগতে অভিনয় কৰিব প্ৰাঞ্জল শইকীয়া, উৎপল দাস, প্ৰীতি কংকণা, য়শস্বী ভূঞা আদিয়ে।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform