Rupaliparda.com

প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা

প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা 1প্ৰদীপ সিং ৰাৱাত– এক ইমেজ। ৰূপালী খলনায়ক। হিন্দী, তামিল, তেলেগু, কানাড়া, মালয়ালম, বঙালী আৰু ভোজপুৰী চিনেমাৰ অভিনেতা।

“নায়ক হোৱা সহজ, খননায়ক হোৱা সহজ নহয়।” একালৰ খলনায়ক প্ৰাণে কৈছিল– “খলনায়কৰ চৰিত্ৰত বিশ্বাসযোগ্য হ’বলৈ নায়কৰ তুলনাত অধিক সংযম আৰু অভিনয়-দক্ষতাৰ প্ৰয়োজন হয়।”

আন এগৰাকী “খলনায়ক” আমজাদ খনৰ ভাষাত– “এজন স্মৰণীয় খলনায়ক সৃষ্টি কৰাটো নায়কতকৈ অধিক কঠিন হ’ব পাৰে।”

এনেদৰেও কোৱা হয়– এজন শক্তিশালী খলনায়কৰ অভিনয়েই নায়কৰ সংগ্ৰামক বিশ্বাসযোগ্য কৰি তোলে। প্ৰদীপ সিং ৰাৱাত আছিল এজন শক্তিশালী খলনায়ক।

–হয়, আছিল। উভতি নহা বাটেৰে গ’ল গৈ অভিনেতা গৰাকী, যোৱা ৪ আগষ্টত। ৭৪ বছৰ বয়সত, মুম্বাইত। (জন্ম: ২১ জানুৱাৰী, ১৯৫২ -ত মধ্য প্ৰদেশৰ জবলপুৰত।)

বি.আৰ. চোপ্ৰাৰ বহু জনপ্ৰিয় ধাৰাবাহিক “মহাভাৰত”ৰ অশ্বত্থামা চৰিত্ৰটোৰে প্ৰথম বাৰ চৰ্চালৈ অহা অভিনেতা গৰাকীয়ে ছৰফৰোশ (১৯৯৯), লগান (২০০১), নায়ক: দ্য ৰিয়েল হিৰো (২০০১), ইণ্ডিয়ান বাবু (২০০৩), চোক্কা থাংগাম (তামিল, ২০০৩), ছায়ে (তেলুগু, ২০০৪), গজনী (হিন্দী আৰু তামিল, ২০০৫),

জগ্গা ডন (তেলুগু, ২০০৭), বীৰভদ্ৰ (তেলুগু), মাগধীৰা (২০০৯), আদি ভগৱান (তামিল, ২০১৩), বাহুবলী: দ্য বিগিনিং (২০১৫), বাহুবলী ২: দ্য কনক্লুছন (২০১৭), আছলেম (মালয়ালম)

ৱাল্টেয়াৰ বীৰাইয়া (তেলুগু, ২০২৩) আদিকে ধৰি প্ৰায় ১০০ খন চিনেমাত অভিনয় কৰিছে।প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা 2

প্ৰদীপ সিং ৰাৱাতৰ চেহেৰত কঠোৰতাৰ ছাপ আছিল; কণ্ঠস্বৰত আছিল গাম্ভীৰ্য, চকুত আছিল এক অদ্ভুত তীক্ষ্ণতা। ক’ব পাৰি পৰ্দাত দেখা বাহ্যিক কঠোৰতাৰ অন্তৰালত আছিল অভিনয়ক জীৱনৰ সাধনা হিচাপে গ্ৰহণ কৰা এজন নিবেদিত প্ৰাণ শিল্পী। তেওঁ কেতিয়াও নায়ক হ’বলৈ চেষ্টা কৰা নাছিল; তেওঁ চেষ্টা কৰিছিল কেৱল চৰিত্ৰটোক সত্য কৰি তুলিবলৈ। সেই বাবেই তেওঁ অভিনয় কৰা বহু চৰিত্ৰ আজিও দৰ্শকৰ মনত জীৱন্ত।

হিন্দীৰ পৰা তেলুগু, তামিলৰ পৰা মালয়ালম, কানাড়া, বাংলা আৰু ভোজপুৰী– বহু ভাষাৰ চিনেমাত তেওঁ একেদৰে স্বচ্ছন্দ আছিল। ভাষা সলনি হৈছিল, কিন্তু তেওঁৰ অভিনয়ৰ আন্তৰিকতা সলনি হোৱা নাছিল। “লগান”ত তেওঁ অত্যাচাৰী ক্ষমতাৰ প্ৰতীক হৈ উঠিছিল; “গজনী”ত তেওঁৰ ভয়ংকৰ উপস্থিতিয়ে নায়কৰ প্ৰতিশোধস্পৃহাক অধিক তীব্ৰ কৰি তুলিছিল। দক্ষিণ ভাৰতীয় চিনেমাত “ছায়ে” -ৰ দৰে চিনেমাই তেওঁক নতুন পৰিচয় দিছিল। কিন্তু তেওঁ কেতিয়াও কেৱল খলনায়কৰ একঘেয়েমিত আৱদ্ধ হৈ থকা অভিনেতা নাছিল; তেওঁ আছিল চৰিত্ৰৰ মনস্তত্ত্ব অনুধাৱন কৰা এজন শিল্পী।

এই চৰ্চাৰ আৰম্ভনিতে উল্লেগ কৰিছোঁ– এজন শক্তিশালী খলনায়ক অবিহনে এখন স্মৰণীয় চিনেমাৰ নাটকীয়তাও বহু সময়ত অপূৰ্ণ হৈ থাকে। নায়কৰ সাহস, ত্যাগ আৰু বিজয়ৰ মূল্য তেতিয়াহে উপলব্ধি হয়, যেতিয়া তেওঁৰ সন্মুখত থাকে সমান শক্তিশালী প্ৰতিপক্ষ। প্ৰদীপ সিং ৰাৱাতে এই সত্যটো নিজৰ অভিনয়ে বাৰে বাৰে প্ৰতিপন্ন কৰিছে। তেওঁ কেতিয়াও কেৱল ভয় দেখুৱাবলৈ অভিনয় কৰা নাছিল; তেওঁ দৰ্শকক বিশ্বাস কৰাইছিল যে তেওঁৰ চৰিত্ৰটো বাস্তৱত থাকিবও পাৰে।

তাৰকাকেন্দ্ৰিক চিনেমাৰ যুগত চৰিত্ৰাভিনেতা সকলৰ অৱদান বহু সময়ত আঁৰতে ৰৈ যায়। অথচ চিনেমাৰ নান্দনিকতা, নাটকীয়তা আৰু শিল্পমূল্য বহুখিনি এই সকল অভিনেতাৰ ওপৰতে নিৰ্ভৰশীল। প্ৰদীপ সিং ৰাৱাত সেই নীৰৱ স্তম্ভসকলৰ এজন। তেওঁ কেতিয়াও খ্যাতিৰ উজ্জ্বল পোহৰৰ পাছত দৌৰা নাছিল; তেওঁ বিশ্বাস কৰিছিল– শিল্পীৰ পৰিচয় তেওঁৰ অভিনয়তেই নিহিত থাকে।

পৰ্দাৰ বাহিৰত তেওঁ আছিল একেবাৰে বিপৰীত স্বভাৱৰ– নম্ৰ, সংযত আৰু প্ৰচাৰবিমুখ। অভিনয়ৰ জগতত দীঘলীয়া পথ অতিক্ৰম কৰিও তেওঁ নিজৰ ব্যক্তিত্বত কেতিয়াও অহংকাৰৰ স্থান দিয়া নাছিল। হয়তো সেই কাৰণেই সহকৰ্মীসকলে তেওঁক কেৱল দক্ষ অভিনেতা হিচাপে নহয়, এজন সৎ মানুহ হিচাপেও স্মৰণ কৰে।

প্ৰদীপ সিং ৰাৱাতৰ জীৱনৰ পৰ্দা নামিল। কিন্তু শিল্পীৰ জীৱনত মৃত্যু চূড়ান্ত পৰিসমাপ্তি নহয়। যেতিয়ালৈকে “লগান”, “গজনী”, “মহাভাৰ”ত অথবা তেওঁৰ অভিনীত আন অসংখ্য চিনেমা আৰু ধাৰাবাহিক দৰ্শকে চাই থাকিব, তেতিয়ালৈকে জীয়াই থাকিব। এয়া শিল্পৰ এক অনন্য সত্য– শৰীৰ ক্ষয় হয়, কিন্তু সৃষ্টি অমৰ হৈ থাকে।প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা 3

“প্ৰদীপ সিং ৰাৱাত”ৰ অভিনয় জীৱনত স্পষ্ট– “চিনেমা”ত অমৰ হ’বলৈ সদায় নায়ক হোৱাৰ প্ৰয়োজন নহয়। কেতিয়াবা এজন নিষ্ঠাৱান চৰিত্ৰাভিনেতাইও দৰ্শকৰ স্মৃতিৰ আকাশত এনে দীপ্তি এৰি যায়, যি দীপ্তি বহু তথাকথিত তাৰকাৰ পোহৰতো ম্লান নহয়।

Utpal Mena

Add comment

Leave a Reply