Rupaliparda.com

ৰূপালী পূৰৱী | উৎপল মেনা

ৰূপালী পূৰৱী | উৎপল মেনা 1আজি (১৫ জুলাই, ২০২৬) সেই ঘৰ খনত কায়িক পূৰৱী শৰ্মা নাই। আৰু কোনো দিনে নাথাকিব। কালি গ’ল গৈ উভতি নহা বাটেৰে। হঠাতে ….। তপন (দাস) -দাক মাত লগাই উভতিছিলোঁ। বহু কথা মনলৈ আহিছিল, আহি আছে। “চিনেমা” বোৰ, “চৰিত্ৰ” বোৰ। “আজলী নবৌ”, মিনি আৰু বহুতো। প্ৰথম খন চিনেমা “আজলী নবৌ” (১৯৮০) -ত অভিনয় কৰিছিল বেবী নামেৰে। তাৰ পাছত  “সোণমইনা” (১৯৮৪), “পূজা” (১৯৮৫), “মধুচন্দা” (১৯৮৬), “সংকল্প” (১৯৮৬), “এণ্টনি মোৰ নাম” (১৯৮৬), “প্ৰথম ৰাগিনী” (১৯৮৭), “পিতা পুত্ৰ” (১৯৮৮), “চিৰাজ” (১৯৮৮), “ভাই ভাই” (১৯৮৮), “শেৱালী” (১৯৮৯), “অভিমান” (১৯৯০), “পাহাৰী কন্যা” (১৯৯১), “বংশধৰ” (১৯৯২), “প্ৰভাতী পখীৰ গান” (১৯৯২), “অশান্ত প্ৰহৰ” (১৯৯৪),  “সংস্কাৰ” (১৯৯৭ চনৰ চিনেমা। চিত্ৰগৃহত মুক্তি নিদিলে।), “নায়ক” (২০০১), “কন্যাদান” (২০০২), “বিধাতা” (২০০৩), “হৃদয় কপোৱা গান” (২০০৪), “বাৰুদ” (২০০৪), “কদম তলে কৃষ্ণ নাচে” (২০০৫),

 “অস্তৰাগ”(২০০৫), “অহিৰ ভৈৰৱ” (২০০৭) -ৰ পৰা “ৰক্তবীজ” (২০১৮) -লৈ।

ৰূপালী পূৰৱী | উৎপল মেনা 2–এই চিনেমা কেইখনৰ ভিতৰত আমাৰ মনলৈ প্ৰথমে আহে “প্ৰথম ৰাগিনী” -ৰ মিনি এণ্ড্ৰিউজ।

কাহিনী-ৰেখা আছিল এনে ধৰণৰ: মিনি এণ্ড্ৰিউজ এগৰাকী সৰল, সংবেদনশীল আৰু স্বপ্নময়ী খ্ৰীষ্টিয়ান যুৱতী। শ্বিলঙত স্কুল শিক্ষয়ত্ৰী বায়েক ৰুথৰ  সৈতে একেলগে থাকি কলেজত অধ্যয়ন কৰি থকা সময়তে তাইৰ পৰিচয় হয় ইঞ্জিনিয়াৰ মৃদুপৱন বৰুৱাৰ সৈতে। মৃদুপৱন শ্বিলঙৰ ব্যক্তিগত প্ৰতিষ্ঠানত এটাত কৰ্মৰত আছিল। পৰিচয়ৰ পৰা দুয়োৰে মাজত ধীৰে ধীৰে এক আন্তৰিক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। মিনিয়ে নাজানিছিল– মৃদুপৱন ইতিমধ্যে বিবাহিত আৰু উজনি অসমত নৱবিবাহিতা পত্নী লতিকাক এৰি থৈ শ্বিলঙত আছে।ৰূপালী পূৰৱী | উৎপল মেনা 3

মৃদুপৱনে লতিকাক শ্বিলঙলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই সত্য গোপন কৰি মিনিৰ সৈতে সম্পৰ্ক আগবঢ়াই নিয়ে। ঘটনাক্ৰমে এদিন মৃদুপৱনৰ অনুপস্থিতিত লতিকা আৰু মিনিৰ মুখামুখি সাক্ষাৎ হয়। সেই সাক্ষাতত মৃদুপৱনৰ গোপন জীৱনৰ সকলো সত্য উন্মোচিত হয়। আকস্মিক এই সত্যই মিনিৰ বিশ্বাস, প্ৰেম আৰু ভৱিষ্যতৰ সকলো সপোন  মুহূৰ্ততে ভাঙি চূৰমাৰ কৰি পেলায়।

ব্যক্তিগত জীৱনৰ এই গভীৰ আঘাতক অৱশেষত মিনি আত্মশক্তিলৈ ৰূপান্তৰিত কৰে। নিজৰ দুখ-যন্ত্ৰণাত ডুবি নাথাকি তাই নাৰ্চ হিচাপে জীৱন গঢ়ি তোলাৰ সিদ্ধান্ত লয়। তাই উপলব্ধি কৰে– জীৱনৰ প্ৰকৃত অৰ্থ কেৱল ব্যক্তিগত সুখত সীমাবদ্ধ নাথাকে; আনৰ দুখ-যন্ত্ৰণা লাঘৱ কৰাৰ মাজতো জীৱনৰ এক গভীৰ মানৱীয় সাৰ্থকতা নিহিত হৈ থাকে। সেই উপলব্ধিৰে মিনি এণ্ড্ৰিউজে নিজৰ ভগ্ন সপোনৰ ওপৰত নতুন জীৱনৰ ভেটি স্থাপন কৰে আৰু দুখ-কষ্টত জৰ্জৰিত মানুহৰ সেৱাত নিজকে সমৰ্পণ কৰাৰ পথ বাছি লয়। (মূল গল্প: ৰমা দাসৰ “অচল টকা”। চিত্ৰনাট্য: গৌতম বৰা, মহম্মদ চাদুল্লা। সংলাপ: পদ্ম বৰকটকী। পৰিচালনা: ধীৰু ভূঞা।)

–চিনেমা খনত কেমেৰাৰ ভাষাক বিশেষ গুৰুত্ব দিয়া হৈছে।

দৃশ্য, ফ্ৰেম, নীৰৱতা আৰু ভিজুৱেল বিন্যাসৰ জৰিয়তে কাহিনী আগবঢ়োৱা শৈলীয়ে অভিনয়ক অধিক অৰ্থবহ কৰি তোলে। অভিনেতা-অভিনেত্ৰীয়ে নিজৰ অভিনয় শক্তি বিস্তৃতভাৱে প্ৰদৰ্শন কৰিব পাৰে। স্বাভাৱিকতে মিনি এণ্ড্ৰিউজ চৰিত্ৰত পূৰৱী শৰ্মাই সংযত, স্বাভাৱিক আৰু অনুভূতিপূৰ্ণ অভিনয়ৰে চৰিত্ৰটোৰ আবেগ, দ্বন্দ্ব আৰু ভগ্ন সপোনৰ বেদনাক বিশ্বাসযোগ্যভাৱে ৰূপায়িত কৰাৰ সুযোগ লাভ কৰিছিল।

[দুই]

পূৰৱী শৰ্মাই অভিনয় কৰা প্ৰথম খন চিনেমা– “আজলী নবৌ”। আৰু অন্তিম খন চিনেমা?

সম্ভৱতঃ “স্মৃতি”।  চিনেমা খনৰ চিত্ৰনাট্যকাৰ প্ৰদ্যুত কুমাৰ ডেকাৰ পৰা জানিলোঁ– প্ৰায় চাৰি বছৰে হ’ল। চিত্ৰগ্ৰহণ প্ৰায় শেষ হৈছে। কথাশিল্পী অপূৰ্ব শৰ্মাৰ এটা গল্পৰ আধাৰত প্ৰদ্যুতে চিত্ৰনাট্য সাজু কৰি দিছিল চিনেমা খনৰ পৰিচালক পংকজ কলিতাক। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল পূৰবী শৰ্মাক লৈ। (আন এটি মূল চৰিত্ৰ নিৰ্মাণ কৰিছে সঞ্জীৱ হাজৰিকাক লৈ।) হয়তো আৰু এটা “চুই যোৱা চৰিত্ৰ”ত পূৰৱী শৰ্মাক অনুভৱৰ সুযোগ পাব চিত্ৰৰসিকে!

কিন্তু এটা স্বাভাৱিক প্ৰশ্ন– চিনেমাখন সম্পূৰ্ণ কৰি মুক্তি দিব পৰা যাবনে? পূৰৱী শৰ্মাৰ অবৰ্তমানত বাকী থকা চিত্ৰগ্ৰহণৰ কাম কেনেদৰে সম্পন্ন হ’ব? এই প্ৰশ্নৰ উত্তৰ এতিয়া “সময়”ৰ হাতত। ৰূপালী পূৰৱী | উৎপল মেনা 4

–আহিছোঁ আন চৰিত্ৰলৈ। মিনি এণ্ড্ৰিউজৰ পাছতে মনলৈ আহে পূৰৱী শৰ্মাই আভিনয় কৰা বা পূৰৱী শৰ্মাক লৈ নিৰ্মাণ কৰা পাপৰি চৰিত্ৰটো। চিনেমা: “অভিমান”। পৰিচালক: মৃদুল গুপ্তা।

চিনেমা খনৰ কেন্দ্ৰবিন্দু– পাপৰি।

 ঋতু, ইন্দ্ৰ আৰু অৰ্ণৱৰ মাজত গঢ়ি উঠা জটিল সম্পৰ্কৰ মাজেৰে পাপৰিক  নাৰীৰ অন্তৰ্জগত, সামাজিক সংকট আৰু আত্মমৰ্যাদাৰ প্ৰশ্নক শক্তিশালী ভাৱে প্ৰতিফলিত কৰে।

কাহিনীৰ আৰম্ভণিতে পাপৰি এগৰাকী স্বাভাৱিক, সপোনময়ী যুৱতী। ফ্ৰিলাঞ্চ সাংবাদিক ঋতুৰ প্ৰতি থকা প্ৰেমে তাইৰ জীৱনক নতুন অৰ্থ দিয়ে। ঋতুৰ প্ৰকৃতিপ্ৰেম, সততা আৰু আদৰ্শবাদে পাপৰিৰ মনত এখন সেউজীয়া ভৱিষ্যতৰ সপোন আঁকে। কিন্তু পৰিয়ালৰ সিদ্ধান্ত, সমাজৰ সংকীৰ্ণ দৃষ্টিভংগী আৰু ভুল বুজাবুজিয়ে সেই সম্পৰ্কত গভীৰ সংকটৰ সৃষ্টি কৰে।

ঋতুৰ সন্দেহ আৰু অভিমানে পাপৰিৰ জীৱনলৈ এক কৰুণ পৰিণতি আনে। নিজৰ প্ৰেমৰ সত্য প্ৰকাশ কৰাৰ আগতেই তাই একাকীত্ব, অপমান আৰু সামাজিক লাঞ্ছনাৰ সন্মুখীন হয়। গৰ্ভৱতী অৱস্থাত ঘৰ এৰি ওলাই অহা পাপৰি সেই সময়ৰ সমাজত এগৰাকী অসহায় নাৰীৰ প্ৰতীক; কিন্তু চিনেমাখনত তাইক কেতিয়াও দুৰ্বল ৰূপত উপস্থাপন কৰা নাই।  জীৱনৰ কঠিন বাস্তৱৰ সৈতে যুঁজ দিয়া এগৰাকী সাহসী নাৰী হিচাপেই পাপৰি অধিক উজ্জ্বল হৈ উঠে।

অৰ্ণৱৰ আগমনে কাহিনীত এক নতুন নৈতিক দিশ উন্মোচন কৰে। অৰ্ণৱে পাপৰিৰ অতীত বিচাৰ নকৰি বৰ্তমানক আঁকোৱালি লয়। পাপৰিয়ে এই সম্পৰ্কক কেৱল আশ্ৰয় হিচাপে গ্ৰহণ নকৰে; পাৰস্পৰিক সন্মান, বিশ্বাস আৰু মানৱীয় মূল্যবোধৰ ওপৰত নতুন জীৱন গঢ়ি তোলে। ঋতুমণিক (পাপৰি-ঋতুৰ সন্তান) নিজৰ সন্তানৰ দৰে মৰম কৰা অৰ্ণৱৰ আচৰণে পাপৰিৰ জীৱনত স্থিৰতা আনে।

ৰূপালী গল্পটোৰ শেষ পৰ্যায়ত ঋতু পুনৰ ঘূৰি আহি পাপৰিক একেলগে জীৱন কটোৱাৰ প্ৰস্তাৱ দিয়ে।  কিন্তু পাপৰিৰ সিদ্ধান্তই চৰিত্ৰটোৰ প্ৰকৃত উচ্চতা প্ৰকাশ কৰে। তাই অতীতৰ আৱেগত ভাহি নাযায়। অৰ্ণৱৰ ত্যাগ, বিশ্বাস আৰু দায়িত্ববোধৰ মূল্য উপলব্ধি কৰি তাই বৰ্তমানৰ জীৱনকেই বাচি লয়। এই সিদ্ধান্ত কোনো আপোচ নহয়;  এগৰাকী নাৰীৰ সচেতন নৈতিক পছন্দ।

ক’ব পাৰি– পাপৰি ৰূপালী গল্পটোৰ প্ৰেম, মাতৃত্ব, দায়িত্ব, কৃতজ্ঞতা আৰু আত্মমৰ্যাদাৰ এক সুসমন্বিত প্ৰতিচ্ছবি। চৰিত্ৰটোত স্পষ্ট– সঁচা  ভালপোৱা কেৱল অনুভূতিৰ বিষয় নহয়;  বিশ্বাস, দায়িত্ব আৰু নৈতিক অংগীকাৰৰো নাম। এই কাৰণেই পাপৰি অসমীয়া চিনেমাৰ “নাৰী চৰিত্ৰ” সমূহৰ ভিতৰত অন্যতম বুলিব পাৰি।

–কেতিয়াবা “চৰিত্ৰ”ৰ বাবে অভিনয়ে চুই থাকে। পাপৰি তেনে এটা চৰিত্ৰ।

[তিনি]

“শেৱালী”, “সোণমইনা” আদি চিনেমাতো চৰিত্ৰ-নিৰ্মাণৰ সৃজন প্ৰক্ৰিয়াত পূৰৱী শৰ্মাই  পৰিচালকৰ  সৃষ্টিশীল সহযাত্ৰী হিচাপে সক্ৰিয় ভূমিকা পালন কৰিছিল। চৰিত্ৰৰ মনস্তত্ত্ব, সামাজিক অৱস্থান, ভাষা, আচৰণ, দেহ ভংগিমা আৰু নীৰৱতাৰ ব্যঞ্জনালৈকে গভীৰভাৱে আত্মস্থ কৰি   নিৰ্দিষ্ট চৰিত্ৰলৈ ৰূপান্তৰিত হৈছিল।

এবাৰ কথা প্ৰসংগত পূৰৱী শৰ্মাক সুধিছিলোঁ– অভিনয় কৰা কোনটো চৰিত্ৰ প্ৰিয়?

 “সংস্কাৰ”ৰ চৰিতটো নে “প্ৰথম ৰাগিনী”ৰ চৰিত্ৰটো?।

–নে আন কোনো চৰিত্ৰ?

“চৰিত্ৰ”ৰ বাবে মোক চুই আছে দময়ন্তীয়ে। “সংস্কাৰ”ৰ মূল চৰিত্ৰ। (মামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা চিনেমা। চিত্ৰনাট্য-পৰিচালনা: ৰঞ্জিত দাস।)

দুখীয়া ব্ৰাহ্মণ বিধৱা– দময়ন্তী। স্বামীহীন জীৱনত তাইৰ ওচৰত আছে কেৱল দাৰিদ্ৰ্য, সামাজিক অৱহেলা আৰু এটা সন্তানৰ দায়িত্ব। বিধৱা যে, সেইবাবে সমাজে তাইৰ জীৱনত যি কঠোৰ নিয়ম আৰু নিষেধ আৰোপ কৰিছে, তাৰ মাজতেই তাই দিন অতিবাহিত কৰে। কিন্তু অৰ্থনৈতিক অনটন আৰু জীৱনৰ অনিশ্চয়তাই তাইক এনে এক পৰিস্থিতিলৈ ঠেলি নিয়ে, য’ত তাই ধনী পীতাম্বৰ মহাজনৰ সৈতে গোপন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয়।

এই সম্পৰ্ক প্ৰেমৰ নহয়;  সমাজৰ বৈষম্য, ক্ষমতা আৰু আৰ্থিক নিৰ্ভৰশীলতাৰ এক কৰুণ বাস্তৱ। পীতাম্বৰ মহাজনে সন্তানৰ আশাত তাইৰ ওচৰ চাপিছিল, আনহাতে দময়ন্তীৰ বাবে সেই সম্পৰ্ক জীৱন-সংগ্ৰামৰ এক বেদনাদায়ক আপোচ।ৰূপালী পূৰৱী | উৎপল মেনা 5

যেতিয়া দময়ন্তী গৰ্ভৱতী হয়, তেতিয়া কাহিনীৰ আটাইতকৈ গভীৰ মানসিক সংকট আৰম্ভ হয়। পীতাম্বৰ মহাজনৰ বাবে এই “গৰ্ভ” ভবিষ্যতৰ আশাৰ প্ৰতীক। কিন্তু দময়ন্তীৰ বাবে– সমাজৰ কঠোৰ বিচাৰৰ সন্মুখীন হোৱাৰ আশংকা। তাই জানে– বিধৱা হিচাপে গৰ্ভধাৰণ কৰাই এক অপৰাধ, আৰু গৰ্ভস্থ সন্তান এজন শূদ্ৰৰ। সমাজে তাইক কেতিয়াও ক্ষমা নকৰিব।

এইখিনিতে দময়ন্তীৰ চৰিত্ৰৰ আটাইতকৈ ডাঙৰ দ্বন্দ্ব স্পষ্ট হয়। তাই সামাজিক নীতি ভংগ কৰি পীতাম্বৰৰ সৈতে দৈহিক সম্পৰ্ক স্থাপন কৰিব পাৰে; কিন্তু শতাব্দী জুৰি মন-মগজুত গঢ় লৈ উঠা জাতপাতৰ সংস্কাৰৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰে। ব্যক্তিগত কামনা, আৰ্থিক প্ৰয়োজন আৰু সামাজিক বিশ্বাস– এই তিনিটা শক্তিৰ সংঘাতত শেষত জয়ী হয় আদিম সংস্কাৰ। সেইবাবেই তাই গৰ্ভপাত কৰাৰ সিদ্ধান্ত লয়।

এই সিদ্ধান্ত– এখন সমাজৰ মানসিক ইতিহাস। দময়ন্তীয়ে নিজৰ মাতৃত্বক হত্যা কৰা নাই, সমাজে তাইক সেই মাতৃত্ব জীয়াই ৰাখিবলৈ সুযোগ নিদিলে। গৰ্ভপাতৰ সেই মুহূৰ্তটোৱেই কাহিনীৰ আটাইতকৈ কৰুণ আৰু মাৰাত্মক প্ৰতীক। অৰ্ধ-বিকশিত ভ্ৰূণটো বাৰীত পুতি থোৱা কাৰ্য– মানুহৰ আশা, মাতৃত্ব, প্ৰেম আৰু মানবিকতাক সমাজৰ নিষ্ঠুৰ সংস্কাৰৰ তলত সমাধিস্থ কৰাৰ এক শক্তিশালী ৰূপক।

দময়ন্তী ৰূপালী গল্পটোৰ নায়িকা নহয়, খলনায়িকাও নহয়। তাই  পৰিস্থিতিৰ বলি। তাইৰ মাজত নৈতিক দুৰ্বলতা আছে, কিন্তু সেই দুৰ্বলতাৰ আঁৰত আছে ক্ষুধা, দাৰিদ্ৰ্য, নিঃসংগতা আৰু সামাজিক অত্যাচাৰৰ দীঘলীয়া ইতিহাস।  তাই সেই সময়ৰ পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা, জাতিভেদ আৰু ধৰ্মীয় কুসংস্কাৰৰ এক জীৱন্ত দলিল।

দময়ন্তীৰ চৰিত্ৰই সংস্কাৰৰ মূল বক্তব্য স্পষ্ট কৰি তোলে– মানুহৰ অন্তৰৰ মানৱিকতাতকৈ যদি সমাজৰ কৃত্ৰিম সংস্কাৰ অধিক শক্তিশালী হৈ উঠে, তেন্তে ধ্বংস হয় আশা, প্ৰেম, মাতৃত্ব আৰু জীৱনৰ সম্ভাৱনা। সেই দিশৰ পৰা দময়ন্তী অসমীয়া ৰূপালী গল্পৰ বিশেষ চৰিত্ৰ।

কিন্তু নহয়, পূৰৱী শৰ্মাৰ এইটো প্ৰিয় চৰিত্ৰ নাছিল। “আপুনি কোৱা চৰিত্ৰ কেইটাত অভিনয় কৰি মোৰ ভাল লাগিছে। ‘পাহাৰী কন্য’ -কে ধৰি মুনিন বৰুৱাৰ চিনেমা কেইখনত অভিনয় কৰিয়ো ভাল পাইছোঁ। আৰু কথাটো এনে ধৰণৰ– ‘চৰিত্ৰ’টো ভাল লাগিলেহে মই অভিনয় কৰোঁ। কিন্তু মোৰ সদায় প্ৰিয় চৰিত্ৰ হৈ থাকিব ‘আজলী নবৌ’ -ৰ চৰিত্ৰটো। মই অভিনয় কৰা প্ৰথম চৰিত্ৰটো।”

–এই চৰিত্ৰটো নিৰ্মাণত (সংগীত শিল্পী ৰমেন বৰুৱাই কথা প্ৰসংগত কৈছিল। “অসমীয়া প্ৰতিদিন” -ত লিখিছোঁ।) পূৰৱী শৰ্মাই অভিনয়ৰ লগতে গীত চিত্ৰায়ণৰ ডিজাইতো পৰিচালক নিপ বৰুৱাক সহায় কৰিছিল। এই খিনিতে উল্লেখ কৰিব পাৰি– পূৰৱী শৰ্মাৰ “অভিনেত্ৰী”ৰ পূৰ্বে পৰিচয়– নৃত্যশিল্পী, চিত্ৰকৰ।

[শেষত]

পূৰৱী শৰ্মাই ভ্ৰাম্যমাণ থিয়েটাৰ, সৰুপৰ্দাৰ বাবে নিৰ্মিত চিনে-কৰ্মতো অভিনয় কৰিছে। অনাতাঁৰ নাটতো অংশ লৈছিল।

 

Utpal Mena

Add comment

Leave a Reply