Rupaliparda.com
সুশান্ত সিং ৰাজপুত আছিল এজন ভাল বন্ধুওঃ 1

সুশান্ত সিং ৰাজপুত আছিল এজন ভাল বন্ধুওঃ

বলীউডৰ কাষ্টিংগ ডাইৰেক্টৰ মুকেশ ছাবড়াই “দিল বেছাৰা” ছবিখনৰ পৰা পোনপ্ৰথমবাৰৰ খোজ পেলাইছে পৰিচালনাৰ দিশত। মুকেশ আৰু সুশান্তৰ বাবে “দিল বেছাৰা” কেৱলমাত্ৰ এখন ছবি বুলিয়ে নহয়; এই ছবিখনে তেওঁলোকৰ বন্ধুত্বৰো প্ৰমান দাঙি ধৰে। কিয়নো, মুকেশ ছাৱড়াই আছিল সেইজন লোক যিগৰাকীয়ে সুশান্ত সিং ৰাজপুতক পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছিল “কায় পো ছে” ৰ বাবে তেওঁৰ সেই বিশেষ চৰিত্ৰটো।

সুশান্ত সিং ৰাজপুত আছিল এজন ভাল বন্ধুওঃ 2

বিগত ৭ বছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “কায় পো ছে” ৰ বাবে ৮০০ জন লোকৰ অডিশ্বন লোৱাৰ পিছত মুকেশ ছাৱড়াই চিনি পাইছিল সুশান্ত সিং ৰাজপুতৰ প্ৰতিভা। ঠিক তেনেদৰে সুশান্তেও মুকেশ ছাৱড়াৰ পৰিচালনাৰে নিৰ্মিত প্ৰথমখন ছবিত অভিনয় কৰি নিজৰ দায়িত্ব পালন কৰিছে। মুকেশ ছাৱড়াই কোৱা মতে সুশান্ত সিং ৰাজপুতে নিজেই তেওঁৰ ছবিত কাম কৰিব বুলি একাষাৰতেই কথা দিছিল।

সুশান্ত সিং ৰাজপুত আছিল এজন ভাল বন্ধুওঃ 3


মুকেশ ছাবড়াই কয় যে, ” মই মোৰ প্ৰথমখন ছবি নিৰ্মাণৰ বাবে প্ৰস্তুত হৈছিলো আৰু মোক এজন ভাল অথবা সুদক্ষ অভিনেতাৰ প্ৰয়োজন আছিল; যিয়ে মোক বুজি পাই আৰু মোৰ কোনোবা আপোন এজন। মোৰ মনত আছে যে সুশান্তে মোক আগতেই মোৰ ছবিত কাম কৰিম বুলি কথা দিছিল আৰু তেওঁক যেতিয়া “দিল বেছাৰা” ৰ বাবে সম্পৰ্ক কৰিলো তেতিয়া স্ক্ৰীপ্ট নপঢ়াকৈ ছবিখন কৰিবলৈ মান্তি হৈছিল।” তেওঁ কয় যে, সুশান্তে সদায় ছবিখনৰ দৃশ্যবোৰ উপভোগ্য কৰাৰ চেষ্টা কৰিছিল; মোৰ লগতো দৃশ্যসমূহৰ শুধৰণি কৰিবলৈ চেষ্টা কৰিছিল তেওঁ।”

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.