Rupaliparda.com
"বজৰংগী ভাইজান" ৰ "মুন্নী" ৰ বাবে আহিছিল আফগানিস্তান আৰু ইৰানৰ পৰাও শিশুঃ 1

“বজৰংগী ভাইজান” ৰ “মুন্নী” ৰ বাবে আহিছিল আফগানিস্তান আৰু ইৰানৰ পৰাও শিশুঃ

২০১৫ চনৰ চলিত মাহতেই মুক্তিপ্ৰাপ্ত ছলমান খানৰ ছবি “বজৰংগী ভাইজান” য়ে সম্পূৰ্ণ কৰিলে নিজৰ পাঁচটা বৰ্ষ। ছবিখনৰ জনপ্ৰিয়তাৰ লগতে ছবিখনে বক্স অফিচতো বহুল লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ছবিখনে কেৱল মাত্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে নহয় বিদেশতো জয়ৰ ডংকা বজাবলৈ সক্ষম হৈছিল; এই ছবিখনত ছলমান খানৰ সৈতে চৰ্চা লাভ কৰিছিল অইন এটা নামেও। যিটো আছিল হৰ্ষালী মাল্হোত্ৰাৰ। হৰ্ষালীয়ে “বজৰংগী ভাইজান” ছবিখনত “মুন্নী” নামে এটা চৰিত্ৰ ৰূপায়ন কৰিছিল; যিগৰাকী এজনী পাকিস্তানী মুছলিম শিশু আছিল। হৰ্ষালীৰ এইখন প্ৰথম ছবি আছিল যদিও এই শিশু অভিনেত্ৰী গৰাকীয়ে নিজ অভিনয়ৰ বাবে লাভ কৰিছিল বহু দৰ্শকৰ প্ৰশংসা। কিন্তু আপোনালোকে জানেনে? “মুন্নী” ৰ এই চৰিত্ৰটোৰ বাবে ছবিখনৰ নিৰ্মাতাই কষ্ট কৰিবলগীয়া হৈছিল। ৰিপোৰ্টনুসৰি, মুন্নীৰ চৰিত্ৰটোৰ বাবে অতি কমেও মুঠ ১ হাজাৰ গৰাকী শিশুৰ অ’ডিশ্বন লোৱা হৈছিল।

"বজৰংগী ভাইজান" ৰ "মুন্নী" ৰ বাবে আহিছিল আফগানিস্তান আৰু ইৰানৰ পৰাও শিশুঃ 2


অকল ভাৰতবৰ্ষ বুলিয়ে নহয়; আফগানিস্তান আৰু ইৰানৰ পৰাও শিশুয়ে অডিশ্বন দিবলৈ আহিছিল। কিন্তু পিছলৈ নিৰ্মাতা সকলে দিল্লীস্থিত হৰ্ষালীৰ তাত “মুন্নী” ক বিচাৰি পাইছিল। আচলতে, এইকথাত কোনো অমান্ত হ’ব নোৱাৰে যে “মুন্নী” ৰ এই হৃদয়স্পৰ্শী চৰিত্ৰটো ৰূপায়নত হৰ্ষালী কোনো কাৰণতেই পিছপৰা নাছিল। এই ছবিখনৰ পিছত হৰ্ষালীক আৰু কোনো ডাঙৰ প্ৰকল্পত দেখা হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.