Rupaliparda.com
Dr. Bhupen Hazarika | Rupaliparda.com

ভূপেন হাজৰিকাৰ চিনেমা -১

ভূপেন হাজৰিকাৰ চিনেমা, খবৰটো প্ৰকাশ পাইছিল– ‘মিড-ডে’ কাকতত।

এখন চিনেমা নিৰ্মাণ হব। বিষয়– ভূপেন হাজৰিকা। চিত্ৰনাট্য লিখি আছে কল্পনা লাজমীয়ে। এই খবৰ সেই সময়ৰ, যি সময়ত ‘কায়িক ভূপেন হাজৰিকা’ উভতি আহিব নোৱাৰা বাটে আতৰি গৈছিল। কাকত খনত আৰু প্ৰকাশ পাইছিল–, কল্পনা লাজমী এগৰাকী সহ-চিত্ৰনাট্যৰ সন্ধানত আছে। (“I am about to finish work on the screenplay of the biopic, and I am now looking for a co-writer to help me write the film. Mahesh Bhatt will be supervising all creative aspects of the film” –mid-day/24 February,2014)

–খবৰটোত কোৱা হৈছিল চিনেমা খন নিৰ্মাণ কৰিব পূজা ভাটে। (“…Interestingly, the biopic – that chronicles the life of the legendary musician Bhupen Hazarika – is being produced by Pooja Bhatt, and it may also see the actress-filmmaker essay the role of Lajmi.” –mid-day) চিনেমা খন হয়তো আমি দেখিলো হেতেন, যদিহে “কায়িক কল্পনা লাজমী” আমাৰ মাজত আৰু কিছু বছৰ থাকিল হেতেন!


৭জানুৱাৰী, ২০২২। ভৃপেন হাজৰিকা কেন্দ্ৰীক চিনেমা খনৰ ‘তথ্য’ জানিবলৈ চেষ্টা কৰিছিলো। ভাট পৰিয়ালৰ ‘প্ৰডাকচন হাউচ’ৰ পৰা কোনো ধৰণৰ ‘তথ্য’ নাপালো। এতিয়া, আজিৰ তাৰিখত এই ‘খবৰ’ আমি নিশ্চয় দিব পাৰো, চিনেমা খন হোৱাৰ এক শতাংশ-ও আশা নাই। –মৃত্যুৰ পাছতো বলিউড জালত–, “ভৃপেন হাজৰিকা”!
“কিংষ্টাৰ” নামৰ চিনে সাপ্তাহিক খনত ছপোৱা আন এটা খবৰ– “ভূপেন হাজৰিকা কেন্দ্ৰিক চিনেমা খনৰ কাম আগবঢ়া নাই। তথ্যৰ খেলি-মেলিৰ কাৰণে পুনৰ চিত্ৰনাট্যৰ কামত ব্যস্ত হৈছে এটা দল, পৰিচালক-চিত্ৰনাট্যকাৰ কল্পনা লাজমিৰ নেতৃত্বত।

ভূপেন হাজৰিকাৰ চিনেমা


সংগীত শিল্পী, চিনেমা পৰিচালক ভূপেন হাজৰিকাৰ বহু কামৰ শুদ্ধ তথ্য নথকাত সমস্যা বাঢ়িছে চিত্ৰনাট্যকাৰৰ।…” (৩০ফেব্ৰুৱাৰী,২০১৪) –হয়। সত্য। আন কেইবাগৰাকিও “শ্ৰেষ্ঠ অসমীয়া”ৰ সৃষ্টিকৰ্মৰ শুদ্ধ (বিশুদ্ধ!) তথ্য নাই। এই প্ৰসংগত চৰ্চাৰ বাট মুকলি ৰাখি (যথাস্থানত কৰিম) “ভূপেন হাজৰিকাৰ চিনেমা” প্ৰসংগলৈ আহিছো।

–বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দি ভূপেন হাজৰিকাই কলকাতালৈ (তেতিয়াৰ কলিকতা) যোৱাৰ সিদ্ধান্তত অলৰ-অচৰ হৈ থকা সময়তে নটসূৰ্য ফনী শৰ্মাৰ প্ৰস্তাৱ– ‘পিয়লী ফুকন’ কৰিম। তুমি সংগীত দিবা। আগধনো দিলে নটসূৰ্যই। (“নাটকীয়ভাৱে গঙ্গাপ্রসাদ আগৰৱালা আৰু ফণী শৰ্ম্মা তেজপুৰৰপৰা আহি আমাৰ বাকচটোৰ দৰে ঘৰটোত উপস্থিত হ’লহি। তেওঁলোকে ক’লে—
: তুমি কিয় কাম এৰিবা? ক’লৈ যাবা?
: মই পদত্যাগ পত্ৰখন লিখি থৈছোঁ। দিয়াহে নাই। দিম। অসমৰ বাহিৰৰপৰা তেখেতৰ প্ৰশংসা কৰিব খোজা নাই। মই
: এৰি নিদিবা। সকলো ঠিক হৈ যাব। : এৰিম বুলি মই সিদ্ধান্ত লৈছোঁবেই। মই যথেষ্ট মনোকষ্ট পাইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত ডেৰটা বছৰ চাকৰি কৰাৰ পাচত যিটো মনোকষ্ট পাইছোঁ, তাক সহিব নোৱাৰোঁ। এতিয়া নতুন কিবা এটাহে কৰিবলৈ মন গৈছে।
: ঠিক আছে, আমি ‘পিয়লি ফুকন’খন কৰিম। তুমি সঙ্গীত-পৰিচালনাৰ দায়িত্বত থাকিবা। তোমাক তোমাৰ প্ৰাপ্যখিনি দিয়া হ’ব।
এয়া আগধন এশ টকা লোৱাঁ। এই বুলি বলীনদাই দলিল এখন উলিয়ালে। দলিলখন বলীনদাই লগত লৈয়েই আহিছিল। চহী কৰিলোঁ।…” –ভূপেন হাজৰিকা)

‘পিয়লি ফুকন’ৰ আগতে জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰ-মালতী’ত অভিনয় কৰিছিল, গীত গাইছিল কিশোৰ ভূপেন হাজৰিকাই। ‘বদন বৰফুকন’ত বৈৰাগীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে “কত দিন আৰু আশাৰ …” ( কথা: নলিনীবালা দেবী) গীতটো গাইছিল। ‘চিৰাজ’তো অভিনয় কৰিছিল, গীত গাইছিল, সুৰ দিছিল। আৰু সংগীতৰ কামো কৰিছিল বুলি কোৱা হয়। কিন্তু চিনেমা খনৰ ক্ৰেডিট টাইটেলত সংগীত পৰিচালক হিচাবে সংগীতসূৰ্যৰ নামটো ৰখা নাছিল। (“চিৰাজ”ৰ সংগীত প্ৰসংগত লোকসংগীতৰ সাধক, বাঁহীবাদক প্ৰভাত শৰ্মাই কৈছিল–“…’ছিৰাজ’ৰ সংগীতৰ দায়িত্বত আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এদিনৰ কথা– কলিকতাৰ ষ্টুডিঅ’ত শ্বুটিং চলি আছে। সকলোৱে মন কৰি আছিল–বিষ্ণু ৰাভাই কিছু সময়হে থাকে। তাৰ পাছত নহোৱা হয়। এদিন ফণী শৰ্মাই সুধিলে– কি কামতনো ইমান ব্যস্ত! “কি কামত মানে! গানত। চিনেমাৰ গানত।” কিনো গান কৰিছা শুনো বুলি বিষ্ণু ৰাভাৰ সৈতে গৈ ফণী শৰ্মা যথাস্থান পালে। গীত শুনি মূৰে-কপালে হাত দিলে। সুন্দৰ গীত কৰিছে বিষ্ণু ৰাভাই। কিন্তু চিনেমাৰ সৈতে গীতৰ সামান্যও সম্পৰ্ক নাই। কি কৰা যায়! বিষ্ণু ৰাভাই বেয়া গীত কৰিব নে! কিন্তু চিনেমাৰ কাহিনীয়ে যে গীত কেইটা নিবিছাৰে! শেষত শিৱ ভট্টাচাৰ্য্যৰক গীত কৰিব দিলে। ভূপেনদাৰো দুটা গীত বিষ্ণু ৰাভাৰ পছন্দতে ল’লে।”

–তেনেদৰেই ‘ছিৰাজ’ৰ গীত কৰিছিল। সেই সময়ত চিনেমাৰ পৰিচালক কোন, সংগীত পৰিচালক কোন, সেয়া অৱান্তৰ আছিল। সকলোৰে উদ্দেশ্য আছিল–, ভাল কাম হব লাগে। ‘ছিৰাজ’ৰ ভাল সংগীত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা, শিৱ ভট্টাচাৰ্য আৰু ভূপেন হাজৰিকাৰ বাবে।) –সংগীত পৰিচালনা কৰিছিল “সতী বেউলা”ৰ।

‘পিয়লি ফুকন’ৰ কাম কৰিব ভূপেন হাজৰিকাই। যি কৰে কলিকতাতে কৰিব। সেই সময়ত ভূপেন হাজৰিকাক সাহস দিছিল এগৰাকী চিনেমা পৰিৱেশকে। নাম– কে. কে. চৌধুৰী। পৰিৱেশক গৰাকীয়ে বাংলা চিনেমা এখনৰ পৰিকল্পনা কৰিছিল। আৰু ভূপেন হাজৰিকাক সংগীতৰ কামৰ দায়িত্ব দিছিল। (“তেওঁ মোক ক’লে, ‘হাজৰিকা, ব’লক কলিকতালৈ। এখন বাংলা ছবি কৰিব খুজিছে। নাম ‘কড়ি ও কমল’। এই বাংলা ছবিখনৰ সঙ্গীত পৰিচালনাৰ দায়িত্ব আপুনিয়েই লওক। ল’লোঁও। তাৰ বাবে তেওঁ মোক দিছিল বাৰশ টকা। বাংলা ছবিৰ সঙ্গীত পৰিচালনাৰ ক্ষেত্ৰত সেয়াই আছিল মোৰ শুভাৰম্ভ।” –ভূপেন হাজৰিকা)

যথা সময়ত ‘পিয়লি ফুকন’ আৰম্ভ হৈছিল। শেষ হৈছিল। ভূপেন হাজৰিকাই পাৰিশ্ৰমিক পাইছিল ৬০০ টকা। সেই সময়তে ‘কড়ি ও কমল’ৰ লগতে আন এখন বাংলা চিনেমা, উত্তম কুমাৰ আৰু সুচিত্রা সেন অভিনীত ‘জীৱন তৃষ্ণা’ৰো সংগীত পৰিচালনা কৰিলে। ‘জীৱন তৃষ্ণা’ত ব্যৱহাৰ (উত্তম কুমাৰৰ ওঁঠত) কৰিছিল– “সাগৰ সঙ্গমত…” গীতটোৰ বাংলা ৰূপান্তৰ।

Utpal Mena

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform