Rupaliparda.com
"অৱতৰণ" ক লৈ চিন্তিত পৰিচালক তৰুণাভ দত্তঃ 1

“অৱতৰণ” ক লৈ চিন্তিত পৰিচালক তৰুণাভ দত্তঃ

“ক’ৰ’ণা ভাইৰাছ” ৰ ফলত হোৱা “লক-ডাউন”-এ নিশ্চয়কৈ এক অৰ্থনৈতিক মণ্ডাৱস্থাৰ সৃষ্টি কৰিছে। এনে ক্ষেত্ৰত কোটি টকীয়া লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান। এনে লোকচানৰ সন্মুখীন হোৱা বিভিন্ন প্ৰতিষ্ঠান সমূহৰ ভিতৰত অন্তৰ্ভূক্ত হৈ আছে ছবিগৃহ সমূহো। উক্ত মহামাৰী বিধৰ ফলত বন্ধ হোৱা ছবিগৃহসমূহৰ বাবে পিছুৱাই দিয়া হৈছে বলীউড-জলীউডকে ধৰি বিভিন্ন খন হলীউড ছবি; যেন পৰিচালক-প্ৰযোজকৰ সকলো আশাত চেঁচা পানী ঢালিলে “কভিড ১৯” য়ে। চলিত বৰ্ষত মুক্তি পাবলগীয়া উল্লেখযোগ্য অসমীয়া ছবিসমূহৰ ভিতৰত এখন আছিল “অৱতৰণ।” ৮ বছৰীয়া পৰিকল্পনাৰে নিৰ্মিত এই ছবিখন হ’ব অসমীয়া প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ টেকনল’জিৰে পৰিপূৰ্ণ ছবি; য’ত ৮০ শতাংশই ভি.এফ.এস্কৰ কাম দেখিবলৈ পাব দৰ্শকে।

"অৱতৰণ" ক লৈ চিন্তিত পৰিচালক তৰুণাভ দত্তঃ 2


তৰুণাভ দত্তৰ দীৰ্ঘদিনীয়া পৰিচালনাৰে নিৰ্মিত এই ছবিখন জানুৱাৰী মাহতেই মুক্তি দিয়াৰ কথা আছিল যদিও “কা” ৰ আন্দোলন সমূহৰ বাবে বাতিল কৰা হৈছিল ইয়াৰ মুক্তি। কিন্তু, আগন্তুক আগষ্ট মাহৰ ২১ তাৰিখে মুক্তি লাভ কৰিবলগীয়া “অৱতৰণ” ক লৈ আকৌ এবাৰ চিন্তিত হৈ পৰিছে পৰিচালক গৰাকী; কিয়নো সাম্প্ৰতিক পৰিস্থিতিক কেন্দ্ৰ কৰি যদি কোৱা হয় তেনেহ’লে ই কোনোপধ্যে এখন ছবি মুক্তি কৰাৰ শুদ্ধ সময় নহয় বুলি নিজ মুখেই ব্যক্ত কৰে পৰিচালক গৰাকীয়ে। তেওঁ কয় যে, “বহু সময়, বহু শ্ৰম তথা পৰিকল্পনা লগতে লাখ টকীয়া বাজেটেৰে ছবিখন নিৰ্মাণ কৰাৰ পিছত যদি আমি দৰ্শকক মনোৰঞ্জন দিব নোৱৰো অথবা বৰ্তমান হৈ থকা এই পৰিস্থিতিটোৰ ভয়ত যদি তেওঁলোক নাহে তেনেহ’লে ছবিখন নিৰ্মাণ কিয় কৰিলো নিচিনা প্ৰশ্ন উঠিব”।

"অৱতৰণ" ক লৈ চিন্তিত পৰিচালক তৰুণাভ দত্তঃ 3


জানিব পৰা মতে, এই ছবিখন তিনিটা যুগ অৰ্থাৎ ভূত, বৰ্তমান, ভৱিষ্যতৰ কাহিনীক একত্ৰিত কৰি নিৰ্মিত কৰা হৈছে। ২৫ হাজাৰ বৰ্ষৰ পূৰ্বৰ অৱস্থাৰ পৰা আদি কৰি ২০০ বছৰ পিছত পৃথিৱী কেনে এটা অৱস্থালৈ পৰিণত হ’ব তাৰ এক আভাষ দিয়া হ’ব এই ছবিখনত। “অৱতৰণ” ত পোন প্ৰথমবাৰৰ বাবে চলচিত্ৰ প্ৰেমীয়ে দেখিবলৈ পাব টেকন’লজিৰ ভৰপূৰ সমাৱেশ। বিগত ৮ টা বৰ্ষৰ পৰাই এই ছবিখনক পূংখানুপূংখভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে “অৱতৰণ” ৰ লিখক তথা পৰিচালক তৰুণাভ দত্তই। টি.ডি ফিল্ম ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যাম শ্বীল, গোৱিন্দ মালাকৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া, সমীৰ ৰঞ্জন, অভিনাশ ৰয় আৰু নীলাক্ষী ডেকাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.