Rupaliparda.com
Arth Art For Humanity ৰ ৰঙীণ প্ৰচেষ্টাঃ 1

Arth Art For Humanity ৰ ৰঙীণ প্ৰচেষ্টাঃ

বিহু বুলি ক’লেই অসমীয়াৰ গা সাতখন-আঠখন হয়। বাপতি সাহোন এই বিহুটোক লৈ কিমানজনে যে নতুন সপোন ৰঁচে সেয়া ছাগে নক’লেও বুজিব পৰা যায়। কুলি-কেতেকীৰ মাত লগতে গছ-গছনিত ওলোৱা ন-কুঁহিপাতে প্ৰত্যেকজন জনসাধাৰণৰ মনত প্ৰশান্তি দিয়াটো নিশ্চিত কিন্তু বৰ্তমান এই প্ৰশান্তি যেন ক’তোৱে লাভ কৰা নাই কোনোৱে। সকলো এতিয়া সন্ত্ৰাসগ্ৰস্ত হৈ পৰিছে। “কভিড ১৯” ৰূপী দানৱটোৱে সকলোকে নিজৰ আগ্ৰাসনলৈ আনি বৰ্তমান কাকো অকণমান স্ফূৰ্তিৰো অৱকাশ দিয়া নাই। নিজ প্ৰাণ বচোৱাৰ খাতিৰত এতিয়া সাধাৰণজন আৱদ্ধ হৈছে ঘৰৰ ভিতৰত; গৃহবন্দী সকলো। গতিকে, এনেসময়ত কি ৰঙালী বিহু আৰু কি বিনন্দীয়া কুলি-কেতেকীৰ মাত! কিন্তু, এনে সময়তো একাংশই চেষ্টা কৰিছে অসমীয়াক ঘৰত বহিয়ে ব’হাগ বিহুৰ প্ৰশান্তি যাঁচিবলৈ।

https://www.instagram.com/p/B-jFwTpDtwH/?igshid=1p988td39sjwk
Arth Art For Humanity নামে এটা এন.জি.অই বৰ্তমান ঘৰতে বহি অসমীয়া জনসাধাৰণক বাপতি সাহোন বিহুটো উপভোগ কৰোৱাবলৈ চেষ্টা কৰিছে। কেওঁদিশে হৈ থকা এই গধুৰ পৰিস্থিতিটোক পাতলোৱাৰ উদ্দেশ্যে এই প্ৰচেষ্টা হাতত লৈছে এওঁলোকে। তেওঁলোকৰ সৈতে এই প্ৰচেষ্টাত জড়িত হৈছে অসমীয়া কেইবাগৰাকীও জনপ্ৰিয় অভিনেত্ৰী ক্ৰমে তনভী শৰ্মা তথা অনন্যা কাশ্যপ, ভৃগু কাশ্যপ, দীপলিনা ডেকা, মৃদুস্মিতা দাস বৰা, ঋতৃষা শৰ্মা আদিয়ে । উক্ত এন.জি.অ’টোৰ এই চেষ্টাত বৰ্তমান সঁহাৰিও জনাইছে বহু দৰ্শকে। লগতে, এওঁলোকৰ এই চেষ্টাত সহযোগিতা আগবঢ়াইছে Storyweavers নামে পেজখনেও।

Arth Art For Humanity ৰ ৰঙীণ প্ৰচেষ্টাঃ 2


জানিব পৰা মতে, Arth Art For Humanity য়ে বিহুভিত্তিক কিছু প্ৰতিযোগিতাৰ আয়োজন কৰিও দৰ্শকক মনোৰঞ্জনৰ কৰোৱাব বিচাৰিছে। ইতিমধ্যে ইনষ্টাগ্ৰামৰ পেজটোত তেওঁলোক ব’হাগ বিহুৰ অন্তৰ্গত কিছু প্ৰশ্নৰ উত্তৰ সুধি দৰ্শকৰ মাজত ষ্টেটাচ আপলোড কৰিছে। ইয়াৰ উপৰিও, ব’হাগ বিহুত ছোৱালীবোৰে লগোৱা জেতুকা ৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব বুলি তেওঁলোকে জনাইছে। ইয়াৰ লগতে এন জি অ’টো পৰা অনুষ্ঠিত কৰা হ’ব বিহু নৃত্য প্ৰতিযোগিতা। ৰঙালী বিহুটো অসমীয়াৰ বাবে যাতে আমনিদায়ক হৈ নপৰক তাৰ বাবেই এই চেষ্টা Arth Art For Humanity ৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform