“ওৱণ্ডাৰ চিষ্টাৰছ” ৰ আন এক সফলতা। “ওৱণ্ডাৰ চিষ্টাৰছ” ৰূপাংকৃতা ও অলংকৃতাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “বহাগী” য়ে অতিক্ৰম কৰিলে ২ মিলিয়নৰো অধিক ভিউৱাৰচ। ক্ৰমশ জনপ্ৰিয় হৈ পৰা অসমীয়া কন্ঠশিল্পীৰ ভিতৰত “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ নাম ল’ব পৰা যায়। কেইবাটাও জনপ্ৰিয়ৰ গীতৰ মুক্তিৰ পিছতেই “বহাগী” আছিল তেওঁলোকৰ চলিত বৰ্ষৰ প্ৰথমটো বিহুগীত। শ্ৰোতাক থলুৱা বিহুগীতৰ সোঁৱাদ দিয়াৰ মানসেৰে আগবঢ়া ৰূপাংকৃতা ও অলংকৃতাৰ এই গীতটিৰ ভিডিঅ’ত নৃত্য কৰিছিল আন দুগৰাকী অসমীয়া অভিনেত্ৰী ক্ৰমে অনন্যা কাশ্যপ আৰু চুমি বৰাই। গীতটি লিখাৰ লগতে ইয়াক সম্পাদনা কৰিছিল লোহিত ৰোহিতে। “চেৰেক চেৰেক” তথা “বাবৰি বাবৰি” ৰ পিছত আন এক সফলতাই চুমিলে “ওৱণ্ডাৰ চিষ্টাৰচ” ক।
গুৱাহাটী নাৰেংগী নিবাসী উক্ত যুঁটিটোৰ নাম বৰ্তমান সকলোৰেই বাবে পৰিচিত। অলংকৃতাই নিজৰ ডেবিউ গীতেই পৰিৱেশন কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে। প্ৰায়বোৰ মঞ্চানুষ্ঠানত আমন্ত্ৰণ জনোৱা এই দুয়োগৰাকী গায়িকাৰ গীতসমূহে সমাদৰো লাভ কৰে শ্ৰোতা ও দৰ্শকৰ। টিক-টকত ট্ৰেণ্ডিং হৈ পৰে তেওঁলোকৰ গীত সমূহ। এওঁলোকৰ গীতসমূহৰ উপৰিও দুই ভগ্নীৰ একেধৰণৰ পিন্ধনেও দৰ্শকক আকৰ্ষিত কৰে। মঞ্চত তথা কোনো অনুষ্ঠানত যেতিয়াই দুই ভগ্নীক একেলগে দেখা হয়; দুয়োকে একে ধৰণৰ কাপোৰৰ সৈতেই দেখে দৰ্শকে।


“লক-ডাউন” ৰ এই সময়ছোৱাত চচিয়েল মিডিয়াত একটিভ হৈ পৰিছে দুয়ো ভগ্নী। কেতিয়াবা কোনো গীতত কন্ঠদান কৰি নাইবা নতুন নতুন ব্যঞ্জন তৈয়াৰ কৰি আপলোড কৰা ভিডিঅ’ৰে দৰ্শকক মনোৰঞ্জন কৰোৱাইছে এওঁলোকে।
Add comment