ক’ৰ’ণা ভাইৰাছৰ ফলত সমগ্ৰ দেশত ২৫ মাৰ্চৰ পৰা “লক-ডাউন” আৰম্ভ হৈছিল আৰু ই বৰ্তমানলৈ বৰ্তি আছে। আকৌ এই “লক-ডাউন” ৰ সময়সীমা ২ সপ্তাহলৈ বৃদ্ধি কৰা খবৰ পোৱা গৈছে যদিও ইয়াৰ আনুষ্ঠানিক ঘোষণা বৰ্তমানেও বাকী আছে। কোৱাৰেণ্টাইনৰ সময়ভাগত সকলোৰ বোৰ চিলেব্ৰেটী নিজ নিজ গৃহতে থাকি সময় অতিবাহিত কৰা আমি প্ৰত্যেকদিনাই চচিয়েল মিডিয়াত দেখিবলৈ পাইছো। কিন্তু, এইবাৰ এগৰাকী বলীউড তাৰকা নিজ গৃহৰ পৰা দূৰৈত আৱদ্ধ হৈ থকা খবৰ আহি পৰিছে। “লক ডাউন” ৰ বাবে মনোজ বাজপেয়ী নিজৰ বাসগৃহৰ পৰা আঁতৰত উত্তৰাখণ্ডত আৱদ্ধ হৈ পৰিল। আছলতে, যিটো সময়ত “লক ডাউন” ৰ ঘোষণা কৰা হৈছিল সেইটো সময়ত অভিনেতা মনোজ বাজপেয়ী তেওঁৰ আগন্তুক ছবিৰ বাবে উত্তৰাখণ্ডত শ্বুটিঙত ব্যস্ত হৈ আছিল; তাৰ পৰা অভিনেতা গৰাকী উভতি আহিব খোজোতেই মুম্বাইলৈ আহিব পৰা সকলো বাহন বন্ধ কৰি দিয়া হৈছিল। ফলত অভিনেতা গৰাকী উত্তৰাখণ্ডৰ এনে এক ঠাইত আৱদ্ধ হৈ পৰিছে; য’ত টিভি আৰু মোবাইল নেটৱৰ্কে ভালকৈ কাম নকৰে।


মনোজ বাজপেয়ী উত্তৰাখণ্ডত দীপক ডোবৰিয়ালৰ সৈতে শ্বুটিঙ কৰিছিল; মাত্ৰ ৪ দিন কৰা শ্বুটিঙৰ পিছতেই সমগ্ৰ ভাৰততেই “লক-ডাউন” ৰ ঘোষণা কৰা হৈছিল। এইখিনিতে, আপোনালোকক জনাই থওঁ যে; মনোজ বাজপেয়ীৰ সৈতে উত্তৰাখণ্ডত তেওঁৰ পত্নী ও পুত্ৰয়ো আৱদ্ধ হৈ আছে কিন্তু তাৰ পৰিৱৰ্তে দীপক ডোৱৰিয়ালৰ পৰিয়াল বৰ্তমানেও মুম্বাইতে আছে। “বেণ্ডিট কুইন”, ” সত্য” আদি কেইবাখনো ছবিত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয় জিনা মনোজ বাজপেয়ীয়ে লাভ কৰিছিল দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা তথা চাৰিবাৰ ফিল্মফেয়াৰ এৱাৰ্ড। ইয়াৰ উপৰিও, ভাৰত চৰকাৰ দ্বাৰা অভিনেতা গৰাকীয়ে লাভ কৰে “পদ্মশ্ৰী বঁটা”।
Add comment