Rupaliparda.com
কালাৰ্ছৰ জনপ্ৰিয় ধাৰাবাহিক "বালিকা বধু" ৰ পুনঃসম্প্ৰচাৰঃ 1

কালাৰ্ছৰ জনপ্ৰিয় ধাৰাবাহিক “বালিকা বধু” ৰ পুনঃসম্প্ৰচাৰঃ

“লক-ডাউন” ৰ ফলত বিভিন্ন সৰু-বৰ শ্বুটিং ৰখাই দিয়া হৈছে। ফলত, ধাৰাবাহিক সমূহৰ আগন্তুক খণ্ড সমূহ দেখুৱাব নোৱাৰাৰ ফলত কেইবাটাও চেনেলত পূৰ্বৰ জনপ্ৰিয় ধাৰাবাহিকৰ পুনঃ সম্প্ৰচাৰ কৰা হৈছে। ইয়াৰ ভিতৰত এখন হৈছে জনপ্ৰিয় “বালিকা বধু। হয়, পুনৰ বাৰ কালাৰ্ছত দৰ্শকে দেখিবলৈ পাব ছিৰিয়েল “বালিকা বধু”। বহুল টি.আৰ.পি ৰ সৈতে এই ধাৰাবাহিক খন আছিল দীঘলীয়াকৈ চলা ধাৰাবাহিক সমূহৰ মাজৰ এখন। উক্ত ধাৰাবাহিকখন ৮ বছৰ চলাৰ লগতে ২২৪৫ টা খণ্ড ই সম্পূৰ্ণ কৰিছিল। ইয়াত ভেৰৌ ধৰ্মবীৰ সিং ৰ চৰিত্ৰত অভিনীত অনুপ সোনীয়ে ধাৰাবাহিক খনৰ পুনঃ সম্প্ৰচাৰ বিষয়ে টুইট কৰে। তেওঁ কয় যে, আকৌ এবাৰ কালাৰ্চত “বালিকা বধু”; চাওঁক সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া ৬ বজাত।”

https://twitter.com/soniiannup/status/1249619943089295360
কালাৰ্ছৰ জনপ্ৰিয় ধাৰাবাহিক "বালিকা বধু" ৰ পুনঃসম্প্ৰচাৰঃ 2


“বাল্য বিবাহ” ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ধাৰাবাহিকখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছিল অৱিকা গৰ আৰু অভিনাশ মূখাৰ্জীয়ে; পিছলৈ এওঁলোকৰ ডাঙৰ চৰিত্ৰটো ৰূপায়ন কৰে প্ৰত্যুষা বেনাৰ্জী আৰু শশাংক ব্যাসে। ইয়াৰ উপৰিও সিদ্ধাৰ্থ শুক্লা, স্মিতা বন্সল, সুৰেখা সিকৰীয়ে ধাৰাবাহিকখনত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে। ধাৰাবাহিক খনেটো পূৰ্বতে সাংঘাতিক টি.আৰ.পি অৰ্জন কৰিছিল কিন্তু আকৌ এবাৰ পুনঃ সম্প্ৰচাৰত ই দৰ্শকৰ সঁহাৰি পাব নে নাই সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.