Rupaliparda.com
অসম ও মায়ানগৰীত খ্যাতিসম্পন্ন প্ৰীতম দত্তঃ 1

অসম ও মায়ানগৰীত খ্যাতিসম্পন্ন প্ৰীতম দত্তঃ

“আছে হেংদাং…ল’লে হেংদাং ৰক্ষা নাই ” শীৰ্ষক অসমীয়া গীতটি বৰ্তমানেও হয়টো আপোনালোকৰ মনত আছে। গীতটিত কন্ঠদান কৰা প্ৰীতম দত্তই গীতটিৰ জৰিয়তে অসমীয়া শ্ৰোতা ও দৰ্শকৰ হৃদয়ত ঠাই লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সৃষ্টিৰাজি বৰ্তমান অসমতেই নহয়; ই মায়ানগৰীতো লাভ কৰিছে খ্যাতি। অসম সন্তান এগৰাকীয়ে মায়ানগৰীত কৰি থকা কৰ্মসমূহে প্ৰায়ে অসমক গৌৰন্বিত কৰে। ইয়াৰ বহু উদাহৰণ ইতিমধ্যে আপোনালোকৰ মাজত আছে; প্ৰীতম দত্তও তাৰ মাজৰেই এজন। কন্ঠদান কৰাৰ সমান্তৰালকৈ তেওঁ সংগীত পৰিচালনাৰ সৈতেও জড়িত হৈ আছিল। সৰুৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত প্ৰীতম দত্তৰ মাতৃৰ ঘৰখন আছিল সংগীত ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত শিল্পীৰে ভৰা; কোনো যদি আছিল সংগীতশিল্পী আনহাতে কোনো আছিল বাদ্যযন্ত্ৰী। ডাঙৰ মোমায়েক ৰাতুল বৰাৰ কন্ঠৰে জয়ন্ত হাজৰিকাৰ গীত শুনি সংগীতৰ প্ৰতি ধাউতি বঢ়া প্ৰীতম দত্তই প্ৰায়ে টেবুলতেই তবলা বজোৱাৰ প্ৰয়াস কৰিছিল।
এনেদৰেই নিজ সংগীত যাত্ৰা আৰম্ভ কৰা প্ৰীতমে মোমায়েক ৰাজেশ বৰাৰ পৰা লাভ কৰে তবলা শিক্ষা।

অসম ও মায়ানগৰীত খ্যাতিসম্পন্ন প্ৰীতম দত্তঃ 2
অসম ও মায়ানগৰীত খ্যাতিসম্পন্ন প্ৰীতম দত্তঃ 3

মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰি দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰা পিছতেই তেওঁ ২০০৬ চনত ঢাপলি মেলে মায়ানগৰীলৈ। ২০০৮ চনলৈ কোনো ধৰণৰ মনে বিচৰা কাম নোপোৱাৰ ফলত তেওঁ উভতি আহিবলগীয়া হয় গুৱাহাটীলৈ। তেওঁৰ সংগীত জীৱনৰ প্ৰথমটো একক সৃষ্টি আছিল ২০১০ চনত মুক্তিপ্ৰাপ্ত “কৃষ্ণা” এলবামটি। ইয়াৰ পিছতেই প্ৰীতম দত্তই ৰং চেনেলত প্ৰচাৰ লাভ কৰা প্ৰস্তুতি পৰাশৰ অভিনীত এখন জনপ্ৰিয় ধাৰাবাহিক “বিন্দাছ” ৰ কেইবাটাও গীত পৰিচালনা কৰে। ধাৰাবাহিকখনৰ গীত সমূহক সেইটো সময়ত জনসাধাৰণে আকোঁৱালি লোৱাও দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে, প্ৰীতম দত্তই কন্ঠদান কৰা এটি অসমীয়া গীত “হেংদাং” আছিল আটাইতকৈ উল্লেখনীয়।


ইয়াৰ উপৰিও, “বিচাৰি তোমাক” শীৰ্ষক আন এখন অসমীয়া এলবামৰ সৈতেও জড়িত আছিল প্ৰীতম দত্ত। কেৱল এয়াই নহয়; ২০১২ চনত মুম্বাইলৈ আকৌ এবাৰ উভতি গৈ তেওঁ বিভিন্ন বলীউড প্ৰজেক্টতো কাম কৰিবলৈ সুবিধা লাভ কৰে। ইয়াৰ ভিতৰত আছিল ছবি “লাল ৰং”, “তানাশাহ” লগতে “লালি কি শাদী মে লাড্ডু দিৱানা”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform