Rupaliparda.com
বৰষা ৰাণীক সঁচাকৈ মৰা হৈছিল এচাৰিৰে! কিন্তু কিয়? নিজ মুখেই ব্যক্ত কৰিব বৰষাইঃ 1

বৰষা ৰাণীক সঁচাকৈ মৰা হৈছিল এচাৰিৰে! কিন্তু কিয়? নিজ মুখেই ব্যক্ত কৰিব বৰষাইঃ

বৰষা ৰাণী অভিনীত অসমীয়া ছবি “মাঘত মামণিৰ বিয়া” য়ে অতিক্ৰম কৰিলে মুঠ ১৮ টা বৰ্ষ। ২০০২ চনত চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তিৰ দিনৰ পৰাই লাভ কৰিছিল দৰ্শকৰ বহুল জনপ্ৰিয়তা। এই ছবিখনকে লৈ এইবাৰ বৰষা ৰাণীয়ে কৰিছে এক প্ৰচেষ্টা; ছবিখনৰ আঁৰৰ ছবি খনক উপস্থাপনৰ প্ৰয়াস কৰিছে অভিনেত্ৰী বৰষা ৰাণীয়ে। ইয়াৰ পূৰ্বেও ” খেল” ছবিখনত অন্তৰ্ভূক্ত এটি গীত “সপোন নামিছে চোৱা” ৰ শ্বুটিং সময়ছোৱাৰ আঁৰৰ কিছু কাহিনীক লৈ তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল এটি ভিডিঅ’। উক্ত ভিডিঅ’টিয়ে দৰ্শকৰ সমাদৰো লাভ কৰিবলৈ সক্ষম হৈছিল। ছবি সমূহৰ আঁৰৰ স্মৃতি সমূহ ব্যক্তৰে প্ৰস্তুত কৰা এই ভিডিঅ’টো অভিনেত্ৰী গৰাকীয়ে নিজ ব্যক্তিগত ইউটিউব চেনেল যোগে মুক্তি দিছে।

https://www.instagram.com/tv/CAKmZNfh1_y/?utm_source=ig_web_copy_link


অসমীয়া ছবি জগতৰ এগৰাকী উল্লেখনীয় ও জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। ১৯৯৮ চনৰ পৰা বৰ্তমানলৈ তেওঁৰ অভিনয়ে দৰ্শকক আকৰ্ষণ কৰাৰ উপৰিও তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰত্যেকটো দিনত বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে, বৰষা ৰাণীৰ আগন্তুক স্মৃতি ৰোমন্থনৰ ভিডিঅ’টোৰ ইতিমধ্যে মুক্তি লাভ কৰিছে টিজাৰ।

বৰষা ৰাণীক সঁচাকৈ মৰা হৈছিল এচাৰিৰে! কিন্তু কিয়? নিজ মুখেই ব্যক্ত কৰিব বৰষাইঃ 2


বৰষা ৰাণীৰ সমান্তৰালকৈ এনে এক প্ৰকল্পৰ সৈতে আগবাঢ়িছে পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাও। তেওঁৰ আগন্তুক “যাত্ৰা… এখন ছবিৰ” শীৰ্ষক প্ৰকল্পটোক জনসাধাৰণে সমাদৰ জনাব বুলিও আশা প্ৰকাশ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform