Rupaliparda.com
JRU Entertainment ৰ সৌজন্যত উদয়ন দুৱৰাৰ "UD Talks" ৰ আৰম্ভণিঃ 1

JRU Entertainment ৰ সৌজন্যত উদয়ন দুৱৰাৰ “UD Talks” ৰ আৰম্ভণিঃ

এইবাৰ সকলো বস্তু আৰম্ভ হৈছে ভাৰ্চুৱেলি। ভাৰ্চুৱেলি প্ৰেম নিবেদনৰ পৰা আৰম্ভ কৰি ভাৰ্চুৱেলি সাক্ষাৎকাৰলৈ সকলো বস্তু আৰম্ভ হৈছে চচিয়েল মিডিয়াত। এনে এক প্ৰচেষ্টাৰে আৰম্ভ হোৱা “UD Talks” য়ে আকৰ্ষণ কৰিছে বৰ্তমান দৰ্শকক। ইতিমধ্যে প্ৰচাৰিত কৰা হৈছে উক্ত “UD Talks” ৰ প্ৰথমটো খণ্ড। ইয়াৰ প্ৰথমটো খণ্ডত উদয়ন দুৱৰাৰ সৈতে উপস্থিত থাকে অভিনেত্ৰী নিশিতা গোস্বামী আৰু তেওঁৰ স্বামী শয়ন চক্ৰৱৰ্তী। JRU Entertainment ৰ সৌজন্যত অনুষ্ঠিত এই শ্ব’টোলৈ অহা চিলেব্ৰেটী সকলৰ সৈতে শ্ব’টোৰ ঘোষক উদয়ন দুৱৰাই তিনিধৰণৰ বিশেষ খেল খেলে ; য’ত উপস্থিত চিলেব্ৰেটী সকলে সুহুঁতীয়া ধৰণে জীৱনৰ কিছু ব্যক্তিগত প্ৰশ্নৰো উত্তৰ দিয়ে। “লক-ডাউন” ৰ ফলত আয়োজন কৰা শ্ব’টো সম্পূৰ্ণৰূপে মনোৰঞ্জনধৰ্মী। ইতিমধ্যে শ্ব’টোক সঁহাৰি জনোৱাও দেখিবলৈ পোৱা গৈছে জনসাধাৰণক।


উল্লেখ্য যে, নিশিতা গোস্বামী তথা তেওঁৰ স্বামীৰ সৈতে উদয়নে কৰা এক প্ৰশ্ন উত্তৰ শিতানত যেতিয়া নিশিতাক তেওঁৰ “অভিনেতা ক্ৰাছ” ৰ বিষয়ে সোধা হৈছিল তেতিয়া ইয়াৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে নাম লৈছিল বলীউড অভিনেতা কাৰ্তিক আৰিয়নৰ। ইয়াৰ উপৰিও, উক্ত ২১ মিনিট দৈৰ্ঘ্যৰ এই শ্ব’টোত নিশিতা আৰু শয়নৰ বৈবাহিক সম্পৰ্কৰ পৰা আদি কৰি আন আন ভিন্ন কথা পতাও দেখিবলৈ পোৱা যায়।

JRU Entertainment ৰ সৌজন্যত উদয়ন দুৱৰাৰ "UD Talks" ৰ আৰম্ভণিঃ 2


এইখিনিতে, আপোনালোকক জনাই থওঁ যে; শ্ব’টো শ্বুটিং কৰা সময়লৈ নিশিতা গোস্বামী নিজ বাসগৃহতেই থকা পৰিৱৰ্তে তেওঁৰ স্বামী কলকাতাত আৱদ্ধ হৈ আছিল। আনহাতে, উদয়ন দুৱৰা তেওঁৰ পত্নীৰ সৈতে আৱদ্ধ হৈ আছিল তেওঁলোকৰ মুম্বাইৰ বাসগৃহত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform