Rupaliparda.com
একাংশ উভতিছে; কিন্তু একাংশই সিদ্ধান্ত লৈছে উভতি নহাৰঃ কিয়? চাওঁক চুটি ছবি "A-705 Story" 1

একাংশ উভতিছে; কিন্তু একাংশই সিদ্ধান্ত লৈছে উভতি নহাৰঃ কিয়? চাওঁক চুটি ছবি “A-705 Story”

চলিত বৰ্ষৰ মাৰ্চ মাহত নৰেন্দ্ৰ মোদীয়ে পোনপ্ৰথমবাৰৰ বাবে “লক- ডাউন” ঘোষণা কৰাৰ পিছতেই একপ্ৰকাৰ স্তদ্ধ হৈ পৰিছিল জনজীৱন। চাৰিওঁফালে য’ত একপ্ৰকাৰ নিস্তদ্ধতা আছিল; আনফালে আকৌ একাংশ আৱদ্ধ হৈ পৰিছিল নিজ বাসগৃহৰ পৰা বহু দূৰৈত। প্ৰায়ে কেইবাদিনলৈ আৱদ্ধ হৈ পৰাত বহুতৰ মানসিক অশান্তিও হৈ পৰিছিল। দূৰণিত কৰ্মৰত অসমৰ একাংশ যুৱক-যুৱতীক ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৎপৰতাত ঘূৰাই অনা হৈছে যদিও তাৰ মাজতো একাংশই বিচৰা নাই নিজ আপোন ঘৰখনলৈ ঘূৰি আহিবলৈ। এটাই ভয়; এই সংক্ৰমিত মহামাৰীটোক নিজৰ লগতে আপোনজনকো যদি বিলাই দিয়া হয়! এই আটাইবোৰ ঘটনাক কেন্দ্ৰ কৰি মুম্বাইত থকা কেইজনমান অসমীয়া যুৱকে নিৰ্মাণ কৰি উলিয়ালে এখন চুটি ছবি।

https://youtu.be/d6Vkd7aKung

একাংশ উভতিছে; কিন্তু একাংশই সিদ্ধান্ত লৈছে উভতি নহাৰঃ কিয়? চাওঁক চুটি ছবি "A-705 Story" 2


সম্প্ৰতি তেওঁলোকৰ মাজত হোৱা এটি সৰু অথচ হৃদয়স্পৰ্শী ঘটনাক লৈ প্ৰস্তুত কৰি উলিওৱা হ’ল এটা সৰল কাহিনীৰে চুটি ছবি “A-705 Story”। তিনিজন ৰুমমেটৰ কথোপকথন আৰু “লক-ডাউন” ৰ ফলত নিজ পৰিয়ালৰ লোকৰ ওপৰত পৰা প্ৰভাৱক কেন্দ্ৰ কৰি প্ৰস্তুত কৰি উলিওৱা এই ছবিখনৰ দৈৰ্ঘ্য হৈছে কেৱলমাত্ৰ তিনি মিনিট।

একাংশ উভতিছে; কিন্তু একাংশই সিদ্ধান্ত লৈছে উভতি নহাৰঃ কিয়? চাওঁক চুটি ছবি "A-705 Story" 3


ছবিখনত অন্তৰ্ভূক্ত হৈছে কেৱল মাত্ৰ তিনি গৰাকী যুৱক ক্ৰমে হিৰু পবন, ধনজিৎ চৌধুৰী আৰু কাশ্যপ কুমাৰ দাস। ইয়াৰ লিখক আৰু পৰিচালনা হিৰু পবন। এইখিনিতে এটা কথা কোৱা বাহুল্য যে, বৰ্তমান এই দুমহীয়া “লক-ডাউন” টোক আধাৰ ৰূপে লৈ বহুখিনি চুটি ছবি ইতিমধ্যে দৰ্শকে দেখিবলৈ পাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform