Rupaliparda.com
মুকলি কৰা হ'ল সনু সোদৰ তৰফৰ পৰা হেল্পলাইন নম্বৰঃ 1

মুকলি কৰা হ’ল সনু সোদৰ তৰফৰ পৰা হেল্পলাইন নম্বৰঃ

অভিনেতা সনু সোদৰ মহানুভৱতাৰ কথা বৰ্তমান সকলো লোকেই গম পোৱাৰ লগতে অভিনেতা গৰাকীৰ বহুল প্ৰশংসাও কৰিছে জনসাধাৰণে। ৰীল লাইফৰ নহয়; ৰিয়েল লাইফৰ “হিৰো” আখ্যা দিছে তেওঁক এতিয়া সাধাৰণজনে। বিগত দিনত অভিনেতা গৰাকীয়ে বহু মজদুৰক নিজ নিজ বাসগৃহলৈ যোৱাৰ সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱাৰ লগতে তেওঁৰ এনে বহু অনুৰাগী আছে যিয়ে তেওঁৰ ব্যক্তিগত একাউণ্ট সমূহলৈ বাৰ্তা প্ৰেৰণ কৰি সহায়ৰ আহ্বান জনাইছে। অসহায় জনক সহায় কৰাৰ অৰ্থে বৰ্তমান অভিনেতা গৰাকীয়ে মুকলি কৰি দিয়ে হেল্পলাইন নম্বৰৰ লগতে হোৱাটচ আপ নম্বৰ। উক্ত অভিনেতা গৰাকীয়ে এটি টুইটযোগে হেল্পলাইন নম্বৰটো দৰ্শকক জনায়।

মুকলি কৰা হ'ল সনু সোদৰ তৰফৰ পৰা হেল্পলাইন নম্বৰঃ 2

তেওঁ কয় যে, “মই আপোনালোকৰ বন্ধু সনু সোদে কয় আছো। মোৰ মৰমৰ মজদুৰ ভাই, ভনীসকল, যদিহে আপোনালোক ঘৰ যাবলৈ বিচাৰে তেন্তে এই ১৮০০১২১৩৭১১ নম্বৰটোত মিছকল অথবা হোৱাটচ আপ নম্বৰ ৯৩২১৪৭২১১৮ ত আপোনাৰ নাম আৰু ঠিকনা পঠিয়াই দিয়ক।”


ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে কয় যে, “মেছেজ দিয়াৰ লগতে আপোনালোকে এইটোও ক’ব যে আপোনালোক বৰ্তমান আছে ক’ত? মোৰ টীম অতি সোনকালেই আপোনালোকৰ কাষ চাপিব।” এই বাৰ্তাৰ পিছতেই সনুৰ ওচৰত অসহায় লোকৰ মেছেজ আহিবলৈ লয়; ইয়াক দেখিয়ে সনুয়ে ফোনত ইয়াৰ স্ক্ৰীণচট লয় আৰু কয় যে “আমাৰ টীমে পূৰ্ণ প্ৰয়াস কৰিছে আপোনালোক সকলোকে সহায় কৰিবলৈ কিন্তু ইয়াৰ মাজতে যদি কাৰোবাৰ বাৰ্তা মোৰ চকুৰ পৰা ৰৈ যায় তেতিয়াহ’লে মোক ক্ষমা কৰিব।” সনু সোদৰ এনে মহানুভৱতাত বৰ্তমান আকৃষ্ট হৈছে সমগ্ৰ দেশবাসী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform