Rupaliparda.com
চেনিটাৰী নেপকিন যোগান ধৰাৰ পোষকতা অক্ষয় কুমাৰৰঃ 1

চেনিটাৰী নেপকিন যোগান ধৰাৰ পোষকতা অক্ষয় কুমাৰৰঃ

ক’ৰ’ণা ভাইৰাছে ইতিমধ্যে কালৰূপ ধাৰণ কৰি সমগ্ৰ জনসাধাৰণকে যথেষ্ট সমস্যাৰ সন্মুখীন কৰোৱাইছে। এনেতে, এই সমস্যা সমূহৰ সমাধানৰ বাবে প্ৰায় বলীউড চিলেব্ৰেটী আগবাঢ়ি আহিছে জনসাধাৰণৰ মাজলৈ। এই আটাইবোৰ সমস্যাৰ মাজতেই এটি উল্লেখনীয় সমস্যা হৈছে মজদুৰ মহিলা সকলৰ মাহেকীয়া। মজদুৰ মহিলাৰ মাহেকীয়াৰ সময়খিনিত পৰিস্কাৰ পৰিচ্ছন্নতা ৰখাৰ বাবেই অক্ষয় কুমাৰ বৰ্তমান জড়িত হৈ পৰিছে চেনিটাৰী নেপকিন অথবা কিট্ছ বিতৰণ কৰিবলগীয়া এক সংস্থাৰ সৈতে। অক্ষয় কুমাৰে ছবি “পেডমেন” ৰ জৰিয়তে ইতিমধ্যে চেনিটাৰী নেপকিনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি দৰ্শকৰ মাজলৈ আহিছিল। কিন্তু এইবাৰ ৰীল লাইফ নহয়; ৰিয়েল লাইফৰ সচেতনতাত গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি আহিছে অভিনেতা গৰাকী।

চেনিটাৰী নেপকিন যোগান ধৰাৰ পোষকতা অক্ষয় কুমাৰৰঃ 2


নেপকিন যোগান ধৰা এই প্ৰচেষ্টা আৰম্ভ কৰা হৈছে “সমৰ্পণ” নামে এক প্ৰতিষ্ঠানৰ দ্বাৰা। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে মুম্বাই, বেংগলুৰু, দিল্লী, জোধপুৰ, লাতুৰ আৰু উজ্জেইন আদি ঠাইত চেনিটাৰী নেপকিন বিতৰণ কৰিছে। অক্ষয় কুমাৰে ইয়াত সহযোগিতা প্ৰদান কৰি এক টুইট কৰি কয় যে, “কভিড হ’লেও কিন্তু বন্ধ হোৱা নাই স্ত্ৰী ৰ মাহেকীয়া; মুম্বাইৰ অসহায় মহিলা সকলক পেড যোগান ধৰাত সহায় কৰক। প্ৰত্যেকটো ডনেশ্বন গুৰুত্বপূৰ্ণ।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.