Rupaliparda.com
সাংবাদিক ও বিজ্ঞানীৰ ৰূপত কিং শ্বাহৰুখ খানঃ 1

সাংবাদিক ও বিজ্ঞানীৰ ৰূপত কিং শ্বাহৰুখ খানঃ

বলীউডৰ কিং শ্বাহৰুখ খানক বিগত বহু দিনৰ পৰা কোনো ছবিত অভিনয় কৰা দেখিবলৈ পোৱা নাই অনুৰাগীয়ে। ২০১৮ চনত তেওঁক শেষবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল “জীৰো” ত। কিছুদিন পূৰ্বে শুনিবলৈ পোৱা গৈছিল যে, শ্বাহৰুখ খানক ৰাকেশ শৰ্মাৰ বায়পিক “সাৰে জহা চে অচ্ছা” ত দেখিবলৈ পোৱা যাব কিন্তু ইয়াক অভিনেতা গৰাকীয়ে নাকচ কৰা দেখিবলৈ পোৱা যায়। তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগী অপেক্ষাৰে ৰৈছে যে কেতিয়াকৈ কিং খানক দেখিবলৈ পোৱা যাব চিনেমাত।

সাংবাদিক ও বিজ্ঞানীৰ ৰূপত কিং শ্বাহৰুখ খানঃ 2

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৰিপোৰ্টনুসৰি, বলীউডৰ আহিবলগীয়া ছবি “ব্ৰহ্মাস্ত্ৰ” ত শ্বাহৰুখ খানক এটি সৰু চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব আৰু লগতে তেওঁক আৰ.মাধবানৰ ছবি “ৰকেট্ৰী” তো শ্বাহৰুখে ৰূপায়ন কৰিব এটি সৰু চৰিত্ৰ। উক্ত দুয়োখন ছবিৰ বাবে শ্বাহৰুখ খানে বিগত বৰ্ষতেই শ্বুটিং সমাপ্ত কৰিছে। বৰ্তমান শ্বাহৰুখে এই ছবি দুখনত কাৰ চৰিত্ৰ ৰূপায়ন কৰিব সেয়া জানিব পৰা গৈছে।

সাংবাদিক ও বিজ্ঞানীৰ ৰূপত কিং শ্বাহৰুখ খানঃ 3


সূত্ৰৰ মতে, “ব্ৰহ্মাস্ত্ৰ” ত শ্বাহৰুখক এগৰাকী বিজ্ঞানী ৰূপত দেখিবলৈ পোৱা যাব; যিয়ে সকলোকে কাল্পনিক পৃথিৱীলৈ টানি নিয়ে । আনহাতে “ৰকেট্ৰী” ত শ্বাহৰুখ খানক এগৰাকী সাংবাদিকৰ ৰূপত দেখিবলৈ পোৱা যাব। উল্লেখ্য যে, বিগত দুই বৰ্ষত শ্বাহৰুখ খানে ২০ খনতকৈ অধিক ছবিৰ স্ক্ৰীপ্ট নাকচ কৰিছে। শুনিব পোৱা মতে, শ্বাহৰুখ খান ৰাজু হিৰানীৰ সৈতে কাম কৰিবলৈ সাজু হৈছে। এই ছবিখন সামাজিক ধৰ্মী হ’ব; পঞ্জাৱৰ পৰা কানাডলৈ যোৱা প্ৰবাসিৰ ওপৰত এই ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.