Rupaliparda.com
ইখনৰ পিছত সিখনকৈ পৰিচালনাৰ কামত হাত দিছে বিশ্বজিত বৰাইঃ 1

ইখনৰ পিছত সিখনকৈ পৰিচালনাৰ কামত হাত দিছে বিশ্বজিত বৰাইঃ

সম্প্ৰতি সৃষ্ট পৰিস্থিতিৰ মাজতেই 2017 চনতে নিৰ্মাণ কৰা ‘ফেঁহুজালি’ ছবি খন দেশে বিদেশে চৰ্চিত হোৱাৰ সমান্তৰালকৈ এতিয়া ৰাইজে উপভোগ কৰিবৰ বাবে এটা ‘ডিজিটেল’ মাধ্যমত বিক্ৰী কৰি পৰিচালক বিশ্বজিত বৰা উৎসাহী হৈ পৰিছে। তেওঁৰ ‘ফেঁহুজালি’ খনৰ লগতে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২৪ তাৰিখে মুক্তি পাবলগীয়া ‘লখিমী’ ছবি খনকো খুব কম দিনৰ ভিতৰতে দৰ্শকে দেখিবলৈ পাব OTT প্লেটফৰ্মৰ যোগেৰে; উক্ত ছবিখনৰ মুক্তিক লৈ বৰ্তমান এটা কোম্পানীৰ সৈতে চলিছে কথা-বতৰা। এইধৰণৰ “content oriented” ছবিয়ে দৰ্শকৰ লগতে প্ৰযোজককো লাভবান কৰাৰ প্রতি লক্ষ্য ৰাখি বিশ্বজিত বৰাই এতিয়া ইখনৰ পিছত সিখনকৈ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে। ইতিমধ্যে নিৰ্মাণ পৰ্যায় আৰম্ভ হৈছে তেওঁৰ হিন্দী ছবি ‘বাপ ৰে বাপ’ আৰু ‘সতী- সাধনী’ ৰ।

ইখনৰ পিছত সিখনকৈ পৰিচালনাৰ কামত হাত দিছে বিশ্বজিত বৰাইঃ 2
ইখনৰ পিছত সিখনকৈ পৰিচালনাৰ কামত হাত দিছে বিশ্বজিত বৰাইঃ 3

প্ৰায় কেইবা বছৰ আগতে বিশ্বজিত বৰাই ‘জী-গ্ৰুপ’ ৰ লগত ‘বোম্বা ৰাইড’ শীৰ্ষক ছবিখনৰ প্ৰযোজনাৰ বিষয়ত কথা-বতৰা চলি আছিল বুলি জানিব পৰা গৈছিল যদিও কোনো কাৰণবশতঃ কথা-বতৰা বহু আগলৈ আগবঢ়াৰ পিছতো ছবিখনৰ কাম আৰম্ভ কৰা নহ’ল (মূলত সেই অনুষ্ঠানৰ কৰ্মচাৰীৰ সাল-সলনি)। এই ছবিখনৰ বাবে সংগীত দিয়াৰ কথা আছিল কৈলাশ খেৰৰ লগতে অভিনেতা অনু কাপুৰ, সঞ্জয় মিশ্ৰ, যশপাল শৰ্মা আদিয়ে উক্ত ছবিখনত অভিনয় কৰাৰ কথা চলিছিল; পিছলৈ এয়া সম্ভৱ নহ’ল।

ইখনৰ পিছত সিখনকৈ পৰিচালনাৰ কামত হাত দিছে বিশ্বজিত বৰাইঃ 4

এতিয়া গুৱাহাটী প্ৰতিষ্ঠিত ব্যৱসায়ী তথা চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন আৰু কৌশিক হাজৰিকাই এম এল এণ্টাৰটেইনমেণ্টৰ বেনাৰত এই ছবিখন প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছে। অসমৰ ভিতৰুৱা অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এইখন এখন কমেডীধৰ্মী আৰু এই ছবিখনত নানা শিক্ষাগত সমস্যাক মনোৰঞ্জনৰ যোগেৰে দেখুওৱা হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। ছবিখনৰ মূল অভিনেতা অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়নৰ ক্ষেত্ৰত এই মূৰ্হুুতত কোনো কথা অৱগত কৰিবলৈ নিবিচাৰিলে পৰিচালক বিশ্বজিত বৰাই।

ইখনৰ পিছত সিখনকৈ পৰিচালনাৰ কামত হাত দিছে বিশ্বজিত বৰাইঃ 5
ইখনৰ পিছত সিখনকৈ পৰিচালনাৰ কামত হাত দিছে বিশ্বজিত বৰাইঃ 6

উল্লেখ্য যে বিশ্বজিত বৰাৰ নিৰ্মাণ কাৰ্যত থকা আন এখন ছবি হৈছে – ‘বেলকনিত ভগৱান’ । ভিতৰুৱা খবৰ অনুসৰি, এই ছবিখনৰ প্ৰযোজনা মাইনা প্ৰডাকচনৰ বেনাৰত “জেতুকা পাতৰ দৰে” ছবিখনৰ বাবে ৰজত কমল প্ৰাপ্ত প্ৰযোজক ও সাহিত্যিক নুৰুল চুলতানে কৰিছে। ইয়াত মুখ্য অভিনেতা অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় স্নাতক আৰু মুম্বাইত প্ৰতিস্থিত অভিনেতা হৰিচ খান্না, অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, প্রানামি বৰা, পৰিনান্ধি জিমা চুলতানা, পবিত্ৰ বৰুৱা, শোণিত বৰা আৰু সাংবাদিক ইভা মহন্তই। বিশেষ চৰিত্ৰত ৰাজদ্বীপ বাইলুং বৰুৱা, জ্যেষ্ঠ অভিনেতা দীনেশ দাস, অধিবক্তা বিজন মহাজন আৰু কৃষি মন্ত্ৰী অতুল বৰাই। আমি আশা ৰাখিছো কথাছবি খানে দৰ্শকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform