Rupaliparda.com
অশিক্ষিত ব্যক্তিৰ শিক্ষাঃ এখন বাস্তৱধৰ্মী চুটি ছবি "The Goodmad"- 1

অশিক্ষিত ব্যক্তিৰ শিক্ষাঃ এখন বাস্তৱধৰ্মী চুটি ছবি “The Goodmad”-

সম্প্ৰতি পৰিস্থিতিটোত যদি এজন ব্যক্তিক সাধাৰণ সাজ-পোছাক এযোৰেৰে কল্পনা কৰিবলগীয়া হয় তেতিয়াহ’লে এই কল্পনাত তেওঁৰ সাজ-পোছাকযোৰৰ সৈতে খাব খাই থাকিব এখন মাস্ক। “মাস্ক” খনে বৰ্তমান সময়ছোৱাত কোনো এজন দায়িত্বশীল নাগৰিকৰ সামাজিক দায়বদ্ধতাকো এতিয়া কেন্দ্ৰ কৰিছে। যদিও এই সাধাৰণ “মাস্ক” খনে কোনো সময়ত কথা পতাত অথবা নিত্য-নৈমিত্তিক কাম কৰাত অসুবিধাৰ সৃষ্টি কৰিছে তৎস্বত্বেও কিন্তু ই বহু সময়ত মাৰাত্মক ক’ভিড ১৯ ৰ পৰা জনসাধাৰণক বচোৱাৰো ক্ষমতা ৰাখিছে। কিন্তু কোনো সময়ত একোজন জ্ঞানী লোকৰ অজ্ঞানতাই তেওঁৰ নিজৰ লগতে সমাজৰ ক্ষেত্ৰতো কিছু খেল-মেলিৰ সৃষ্টি কৰে। এসময়ত একোজন জ্ঞানী অথবা শিক্ষিত লোকৰ মন-মস্তিষ্কত বিৰাজ কৰে চূড়ান্ত অজ্ঞানতাৰ; ইয়াৰ উদাহৰণ কম-বেছি পৰিমাণে আপুনিও হয়টো লাভ কৰিছে। এনে এক বাস্তৱধৰ্মী কাহিনীৰে নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি “The Goodmad”। অংকিতা দাসৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখন ইউটিউবত মুকলি কৰা হৈছিল চলিত মাহৰ ১৯ তাৰিখে। ইউটিউবত মুক্তি লাভ কৰা পিছতেই চুটি ছবিখনত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ বহুল সঁহাৰি।


এজন পাগল ভিক্ষাৰীয়ে কিছু সময়ত কৰা সামাজিক দায়বদ্ধতাৰ কামে কেতিয়াবা অইন জনসাধাৰণক শিকাই থৈ যায় তেওঁলোকৰ সমাজৰ প্ৰতি দেখুৱাবলগীয়া সচেতনতা ও সজাগতা। এনে এক বাস্তৱধৰ্মী কাহিনীক লৈয়ে অংকিতাই নিৰ্মাণ কৰি উলিয়াইছিল এই চুটি ছবিখন। ছবিখনত অভিনয় কৰিছে বৰ্তমানৰ উদীয়মান অভিনেতা মানৱজ্যোতি নাথে। চুটি ছবিখনত তেওঁ কৰা অভিনয়ক প্ৰশংসিতও কৰিছে বিভিন্ন জনে। সম্যক বোধগম্যতা নহ’লেও এগৰাকী অশিক্ষিত মনুষ্যৰ কামক দেখুওৱা হৈছে এই চুটি ছবিখনত। ছবিখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনা হাৰ্দিক কাশ্যপৰ। আগন্তুক সময়ত অংকিতা দাসৰ পৰিচালনাৰে আন এখন চুটি ছবিও উপভোগ কৰিবলৈ সক্ষম হ’ব দৰ্শক সকলে। আনহাতে, অংকিতাই প্ৰযোজক মানৱেন্দ্ৰ অধিকাৰীৰ সৈতে লগ হৈ আন এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ কামতো হাত দিছে।

অশিক্ষিত ব্যক্তিৰ শিক্ষাঃ এখন বাস্তৱধৰ্মী চুটি ছবি "The Goodmad"- 2


পৰিচালনাৰ কামত কেতিয়াৰ পৰা জড়িত বুলি সোধাত অংকিতা কয় যে, “মোৰ গোটেই পৰিয়ালটো মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত। মোৰ মা, দেউতা,বা, দাদা প্ৰত্যেকেই এই ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আৰু মইও সৰুৰ পৰা বাহাৰুল ছাৰ, গুণাকৰ ছাৰ, জ্যোতি নাৰায়ণ ছাৰৰ তাত অভিনয় শিকা কিন্তু কালক্ৰমত মই জড়িত হ’লো পৰিচালনাৰ সৈতে; ২০১৫ ৰ পৰা মই পৰিচালনাৰ কাম আৰম্ভ কৰিছিলো আৰু লগতে কেইবাখনো নাট ইতিমধ্যে মোৰ মুকলি কৰা হৈছে ৰবীন্দ্ৰ ভৱনকে ধৰি বিভিন্ন অনুষ্ঠানত।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform