Rupaliparda.com
"স্বামীৰ চৰিত্ৰ ৰূপায়ন কৰিলেই হিৰো" হৈ নপৰে"- অমিত কুমাৰ বৰা 1

“স্বামীৰ চৰিত্ৰ ৰূপায়ন কৰিলেই হিৰো” হৈ নপৰে”- অমিত কুমাৰ বৰা

অভিনেতা অমিত কুমাৰ বৰাই দিলে হিৰো’ৰ স্পষ্ট সংজ্ঞা। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ ইটো সিটো কথাত স্পষ্ট যুক্তি দাঙি ধৰা অভিনেতা গৰাকীয়ে নিজ কথাৰে অনুৰাগীক আপ্লুত কৰি ৰাখে। প্ৰায়ে তেওঁৰ একোটা পোষ্টে আকৰ্ষণ কৰিবলৈও সক্ষম হয় জনসাধাৰণক। কেইবাখনো ধাৰাবাহিকত কৰা অভিনয়ৰ যোগেৰে অনুৰাগীৰ মনত বাস কৰা অমিত কুমাৰ বৰাই হিৰো’ৰ সংজ্ঞা দি ক’লে যে, “মই এতিয়ালৈ কেইবাখনো ধাৰাবাহিকত কাম কৰিছো, কিন্তু ইয়াত মাত্ৰ এটাই কথা আছে যে হিৰোইন এজনীৰ স্বামী চৰিত্ৰ ৰূপায়ন কৰিলে কোনো এজন মানুহ হিৰো’লৈ ৰূপান্তৰ নহয়। এই “ল’জিক” টোক লৈয়ে মই এতিয়ালৈ হিৰো’ হোৱাগৈ নাই। গতিকে, মোক হিৰো’ বুলি নক’ব আৰু মই হিৰো’ হ’বলৈও নাই বিচৰা। ভগৱানৰ আশীৰ্বাদত ফটোত মোক অকণমান হিৰো’ৰ দৰেই লাগে। আচলতে, হিৰো’ সেইজনেই হয় যিগৰাকীয়ে জীৱনত হিৰো’ৰ দৰে ভিন্ন কাম কৰে।”

"স্বামীৰ চৰিত্ৰ ৰূপায়ন কৰিলেই হিৰো" হৈ নপৰে"- অমিত কুমাৰ বৰা 2


অভিনেতা গৰাকীৰ এই কথাখিনিয়ে বহু দৰ্শকক আকৌ এবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। “অপৰূপা” ধাৰাবাহিকখনৰ এটি সৰু চৰিত্ৰৰ দ্বাৰা অভিনয় ক্ষেত্ৰত খোজ পেলোৱা অমিত কুমাৰ বৰ্তমান টেলিভিছন ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। আনহাতে, আগন্তুক সময়ত অভিনেতা গৰাকীক “নমামী” শীৰ্ষক ধাৰাবাহিক খনতো মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব। তেওঁৰ সৈতে এই ধাৰবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব ঝুনু নাথে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.